আপোনাৰো আছে এই কোম্পানীৰ ছিম কাৰ্ড? মাত্ৰ ৩৬৫ টকাতে লাভ কৰিব আনলিমিটেড ডাটা
ভোডাফোন আইডিয়াৰ এই প্লেনে আনকি ৰিলায়েঞ্চ জিঅ’ আৰু এয়াৰটেলৰ দৰে কোম্পানীয়ে গ্ৰাহকলৈ আগবঢ়োৱা সুবিধাতকৈও অধিক সুবিধা প্ৰদান কৰিছে। ভোডাফোন আইডিয়াৰ এই প্লেনৰ মূল্য ৩৬৫ টকা।

বৰ্তমান সময়ত ইণ্টাৰনেট মানুহৰ নিত্য প্ৰয়োজনীয় হৈ পৰিছে। প্ৰতিদিনেই প্ৰয়োজনীয় কৰ্মৰ পৰা আৰম্ভ কৰি অৱসৰৰ সময় কটোৱালৈ সকলো সময়তে ইণ্টাৰনেট অপৰিহাৰ্য হৈ পৰিছে। ইণ্টাৰনেটৰ এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই টেলিকম কোম্পানীসমূহে গ্ৰাহকৰ বাবে বিভিন্ন ডাটা প্লেন আগবঢ়ায়। দেশৰ অন্যতম আগশাৰীৰ টেলিকম কোম্পানী ভোডাফোন আইডিয়াই গ্ৰাহকৰ বাবে আনিছে এনে এক ধন ৰাহি কৰিব পৰা ডাটা প্লেন।
ভোডাফোন আইডিয়াৰ এই প্লেনে আনকি ৰিলায়েঞ্চ জিঅ’ আৰু এয়াৰটেলৰ দৰে কোম্পানীয়ে গ্ৰাহকলৈ আগবঢ়োৱা সুবিধাতকৈও অধিক সুবিধা প্ৰদান কৰিছে। ভোডাফোন আইডিয়াৰ এই প্লেনৰ মূল্য ৩৬৫ টকা। কোম্পানীটোৰ এই প্লেনত গ্ৰাহকসকলে লাভ কৰিব ‘আনলিমিটেড’ ডাটাৰ সুবিধা।
অৱশ্যে এই প্লেনত 5G ইণ্টাৰনেট সেৱা লাভ নকৰিব গ্ৰাহকসকলে। এই ৩৬৫ টকীয়া প্লেনত ভোডাফোন আইডিয়াৰ গ্ৰাহকসকলে আনলিমিটেড 4G ডাটাৰ সুবিধা লাভ কৰিব। লগতে আনলিমিটেড ডাটা বুলি ক’লেও এই প্লেনৰ এক সীমা আছে। ভোডাফোন আইডিয়াৰ এই ৩৬৫ টকীয়া প্লেনত আনলিমিটেড ভইচ কলিং আৰু প্ৰতিদিনে ১০০ এছএমএছৰ ব্যৱস্থাও আছে।
মন কৰিবলগীয়া যে এই প্লেনৰ জৰিয়তে ৩০০ জিবিলৈকে ডাটা ব্যৱহাৰ কৰিব পাৰিব। এই বিশেষ প্লেনৰ বৈধতা হৈছে ২৮ দিন। গতিকে গ্ৰাহকসকলে এই প্লেনেৰে ৰিছাৰ্জ কৰিলে ২৮ দিনত মুঠ ৩০০ জিবি ডাটাৰ সুবিধা উঠাব পাৰিব। ভোডাফোন আইডিয়াৰ এই প্লেনৰ বিপৰীতে এয়াৰটেলৰ গ্ৰাহকসকলে ৩৭৯ টকীয়া প্লেন লাভ কৰে। এই প্লেনত প্ৰতিদিনে ২ জিবি হাই স্পীড ডাটা ব্যৱহাৰ কৰিব পাৰে গ্ৰাহকসকলে।
লগতে গ্ৰাহকসকলে এই প্লেনত আনলিমিটেড ভইচ কলিং, প্ৰতিদিনে ১০০ এছএমএছৰ সুবিধাও লাভ কৰে। এয়াৰটেলৰ এই প্লেনৰ বৈধতাৰ এমাহৰ বাবে। আনহাতে ৰিলায়েঞ্চ জিঅ’ৰ ৩৪৯ টকীয়া প্লেনত গ্ৰাহকসকলে প্ৰতিদিনে ২ জিবি হাৰত মুঠ ৫৬ জিবি ডাটা লাভ কৰে। ডাটাৰ উপৰিও আনলিমিটেড কলিং আৰু প্ৰতিদিনে ১০০ এছএমএছৰ ব্যৱস্থা আছে এই প্লেনত।