Vivo V40e 5G : 50MP চেলফি কেমেৰাৰ সৈতে নতুন Vivo ফোন মুকলি, এই ফোনটোৰ বিশেষত্ব জানক…
আজি নতুন স্মাৰ্টফোন Vivo V40e 5G মুকলি কৰিছে । এই স্মাৰ্টফোনটোত আছে মিডিয়াটেক ডাইমেনচন প্ৰচেছৰ, শক্তিশালী বেটাৰী, 80 ৱাট ফাষ্ট চাৰ্জ ছাপ’ৰ্ট আৰু 50 মেগাপিক্সেল চেলফি কেমেৰা চেন্সৰ। এই স্মাৰ্টফোনটোত ৱেট টাচ ফিচাৰ পাব।
Vivo কোম্পানীয়ে ভি ছিৰিজৰ নতুন স্মাৰ্টফোন Vivo V40e 5G মুকলি কৰিছে । এই স্মাৰ্টফোনটোত আছে মিডিয়াটেক ডাইমেনচন প্ৰচেছৰ, শক্তিশালী বেটাৰী, 80 ৱাট ফাষ্ট চাৰ্জ ছাপ’ৰ্ট আৰু 50 মেগাপিক্সেল চেলফি কেমেৰা চেন্সৰ। এই স্মাৰ্টফোনটোত ৱেট টাচ ফিচাৰ পাব। এই ফোনটোৱে ধূলি আৰু স্প্লেচ ৰেজিষ্টেন্সৰ বাবে IP64 ৰেটিং লাভ কৰিছে। ইয়াৰ উপৰিও ফোনটোত ইন-ডিছপ্লে ফিংগাৰপ্ৰিণ্ট চেন্সৰ ছাপ’ৰ্ট কৰে ।
Vivo V40e 5G স্মাৰ্টফোনৰ 8GB/128GB ভেৰিয়েন্টৰ মূল্য ২৮,৯৯৯ টকা আৰু টপ ভেৰিয়েণ্ট 8GB/256GB মূল্য ৩০,৯৯৯ টকা। ফ্লিপকাৰ্টৰ উপৰিও ভিভ’ ইণ্ডিয়া ই-ষ্ট’ৰত ২ অক্টোবৰৰ পৰা এই ফোনটোৰ বিক্ৰী আৰম্ভ হ’ব। গ্ৰাহকে ফ্লিপকাৰ্ট আৰু অফিচিয়েল ৱেবছাইটৰ জৰিয়তে এই ফোনটো প্ৰি-বুক কৰিব পাৰিব। লগতে ৬ মাহ পৰ্যন্ত বিনামূলীয়া ইএমআই বা ১০ শতাংশ ফ্লেট এক্সচেঞ্জ বোনাছৰ সৈতে এই ফোনটো কিনিব পাৰিব। এইচডিএফচি আৰু এছবিআই কাৰ্ডৰ জৰিয়তে বিল পৰিশোধৰ ক্ষেত্ৰতো আপুনি ফ্লেট ১০ শতাংশ তৎক্ষণাত ৰেহাইৰ সুবিধা লাভ কৰিব।
Vivo V40e স্পেচিফিকেশনসমূহ
ডিছপ্লে: এই ভিভ’ ফোনত আছে 120 Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.77 ইঞ্চি ফুল এইচডি প্লাছ 3D কাৰ্ভড AMOLED ডিছপ্লে । এই ফোনটোত HDR10 Plus ছাপ’ৰ্ট কৰে।
প্ৰচেছৰ: গতি আৰু মাল্টিটাস্কিঙৰ বাবে মিডিয়াটেক ডাইমেনচন 7300 প্ৰচেছৰ 8GB ৰেম আৰু 256GB পৰ্যন্ত ষ্টৰেজ লাভ কৰিব।
কেমেৰা ছেটআপ: 50 মেগাপিক্সেলৰ চ’নী IMX882 কেমেৰা চেন্সৰৰ লগতে 8 মেগাপিক্সেলৰ আল্ট্ৰা-ৱাইড এংগল কেমেৰা চেন্সৰ ফোনটোৰ পিছফালে উপলব্ধ হ’ব। সন্মুখত 50 মেগাপিক্সেলৰ চেলফি কেমেৰা উপলব্ধ। AI কেমেৰাৰ ফিচাৰও এই ফোনটোত লাভ কৰিব ।
বেটাৰী: 80 ৱাট ফাষ্ট চাৰ্জ ছাপ’ৰ্টৰ সৈতে 5500 mAh ৰ শক্তিশালী বেটাৰী লাভ কৰিব ।
সংযোগ: এই ফোনত থাকিব 4G LTE, Dual 5G, ব্লুটুথ সংস্কৰণ 5.4, ৱাই-ফাই, জিপিএছ আৰু ইউএছবি টাইপ-চি পৰ্ট।