শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বেংকৰ একাউন্টত আপোনাৰ নিজৰ মোবাইল নম্বৰ আছেনে? অন্যথা হ’ব পাৰে বিপদ…

UPI, Bank Account: যিমানেই সকলো বস্তু ডিজিটেল হৈ গৈ আছে সিমানেই সমস্যা বাঢ়িছে। ডিজিটেল পৃথিৱীত প্ৰৱঞ্চনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক থাকে। এনে প্ৰৱঞ্চনা ৰোধ কৰিবলৈ বিভিন্ন সময়ত বেংক বা বিভিন্ন প্ৰতিষ্ঠান বহু ব্যৱস্থা হাতত লয়।

বেংকৰ একাউন্টত আপোনাৰ নিজৰ মোবাইল নম্বৰ আছেনে? অন্যথা হ’ব পাৰে বিপদ…
ইউ পি আইImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 19 Sep 2025 10:56 AM

সময়ৰ লগে লগে প্ৰৱঞ্চকৰ সংখ্যা বাঢ়ি আহিছে। নিতৌ বহু মানুহ অনলাইন প্ৰৱঞ্চনাৰ বলি হ’বলগীয়া হয়। মাত্ৰ এটা ক্লিকতে খালী হৈ যাব পাৰে বেংক একাউন্ট। কিছুমানে আনৰ নামত চিম ব্যৱহাৰ কৰিও প্ৰৱঞ্চনা কৰে। মুঠতে প্ৰৱঞ্চকসকলে প্ৰৱঞ্চনা কৰিবলৈ নিতৌ ন ন পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ বাবে দেশৰ বেংক বা ফিনটেক সংস্থাসমূহে বহু ব্যৱস্থা গ্ৰহণ কৰি প্ৰৱঞ্চনা ৰোধ কৰাৰ চেষ্টা কৰি আহিছে। এই ক্ষেত্ৰত দেশৰ টেলিকম অপাৰেটৰসমূহেও সমৰ্থন কৰিছে।

কিন্তু এতিয়া আন এক পদক্ষেপ গ্ৰহণৰ দিশে আগবাঢ়িছে বেংক বা বিত্তীয় প্ৰতিষ্ঠান। এতিয়াৰ পৰা ইউ পি আই সেৱা প্ৰদান কৰা বেংক বা বিত্তীয় প্ৰতিষ্ঠানসমূহে এয়া নিশ্চিত কৰিব যে বেংকৰ একাউন্টত থকা মোবাইল নম্বৰ প্ৰকৃততে গ্ৰাহকৰ হয় নে নহয়। এই ক্ষেত্ৰত টেলিকম অপাৰেটৰৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব আৰু তাৰ পৰাই এয়া নিশ্চিয় কৰিব যে বেংক একাউন্টত থকা নম্বৰটো ইউ পি আইৰ নম্বৰৰ লগত মিল আছে নে নাই। যদি এনে ব্যৱস্থা বেংক বা বিত্তীয় প্ৰতিষ্ঠানসমূহে গ্ৰহণ কৰে তেন্তে বেংকত গ্ৰাহকৰ নিজা ফোন নম্বৰ নাথাকিলে বিপদ হ’ব।

বেংকসমূহৰ এই সিদ্ধান্তক সমৰ্থন জনাইছে সংসদৰ স্থায়ী সমিতিয়ে। জানিব পৰা মতে, কমিটীয়ে বিচাৰিছিল যে চিম ইছ্যুৰ সময়ত এআই ফেচ ৰেকগনিশ্যন ব্যৱহাৰ কৰা হওক। ইয়াৰ উদ্দেশ্যে প্ৰৱঞ্চনা ৰোধ কৰা।  পিছে বহুতে ইয়াৰ বিৰোধিতাও কৰিছে।

বহু বিশেষজ্ঞই কৈছে যে, এই সিদ্ধান্তৰ বাবে তেওঁলোক সন্তুষ্ট নহয়। কিয়নো ই বহু লোকৰ গোপনীয়তাত প্ৰভাৱ পেলাব পাৰে। ইয়াৰোপৰি আন বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। কিয়নো বহু লোকৰ ফোন নম্বৰ পিতৃ-মাতৃ, ককায়েক, ভনীয়েক আদিৰ নামত লোৱা থাকে। এনে অৱস্থাত সমস্যাৰ সৃষ্টি হ’ব পাৰে। অৱশ্যে বেংক বা টেলিকম অপাৰেটৰে এই ক্ষেত্ৰত কি সিদ্ধান্ত লয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

 

অন্য খবৰ পঢ়কঃ মোবাইল চাৰ্জ হোৱাৰ পাছত চাৰ্জাৰটো প্লাগত থৈ দিয়াৰ অভ্যাস আছে নেকি? সাৱধান, জানি লওক এই কথা…