শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ই-কমাৰ্চ প্লেটফৰ্মত উপলব্ধ এই পাঁচটা কম বাজেটৰ গিজাৰ, চাওঁক সবিশেষ

ঠাণ্ডা বৃদ্ধি পোৱাৰ লগে লগে গিজাৰ আৰু হিটাৰ ক্ৰয় কৰাৰ গ্ৰাহকৰ সংখ্যাও বৃদ্ধি পাইছে । আপুনিও শীতকালত গৰম পানীৰে গা ধুবৰ বাবে গিজাৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি ? যদি কৰিছে তেন্তে এই প্ৰতিবেদনত কম বাজেটত উপলব্ধ ৫ টা শক্তিশালী ৱাটাৰ হিটাৰৰ বিষয়ে উল্লেখ কৰা হৈছে ।

ই-কমাৰ্চ প্লেটফৰ্মত উপলব্ধ এই পাঁচটা কম বাজেটৰ গিজাৰ, চাওঁক সবিশেষ
গিজাৰ(Photo-AMAZON)
manas-borah
Manas Borah | Updated On: 15 Dec 2024 17:15 PM

ডিচেম্বৰৰ মাহ অহাৰ লগে লগে ঠাণ্ডা বৃদ্ধি পাবলৈ ধৰিছে । এনে পৰিস্থিতিত গিজাৰ আৰু হিটাৰ ক্ৰয় কৰাৰ গ্ৰাহকৰ সংখ্যাও বৃদ্ধি পাইছে । আপুনিও শীতকালত গৰম পানীৰে গা ধুবৰ বাবে গিজাৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি ? যদি কৰিছে তেন্তে এই প্ৰতিবেদনত কম বাজেটত উপলব্ধ ৫ টা শক্তিশালী ৱাটাৰ হিটাৰৰ বিষয়ে উল্লেখ কৰা হৈছে ।

Havells Monza ৱাটাৰ হিটাৰ

Havells Monza হিটাৰ হৈছে সুলভ মূল্যত ক্ৰয় কৰিব পৰা ডাঙৰ ৱাটাৰ হিটাৰ। ইয়াত এটা সময়ত সৰ্বাধিক ১৫ লিটাৰ পানী গৰম কৰিব পাৰিব । এই হিটাৰৰ ওজন প্ৰায় ১০ কিলোগ্ৰাম আৰু ইয়াৰ ৱাৰেণ্টী ৫ বছৰৰ। এই হিটাৰটো ই-কমাৰ্চ ৱেবছাইট আমাজনত ৬,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব।

Crompton Arno Neo ৱাটাৰ হিটাৰ

কম বাজেটত ক্ৰয় কৰিব আন গিজাৰ হৈছে Crompton Arno Neo । এই ক্ৰম্পটন আৰ্নো ৱাটাৰ হিটাৰো ৫ ষ্টাৰ ৰেটিং পোৱা হিটাৰ। এই হিটাৰৰ সহায়ত এটা সময়ত ১০ লিটাৰ পানী গৰম কৰিব পাৰিব। এই হিটাৰটো আমাজনৰ পৰা ৫,৪৯৯ টকাত কিনিব পাৰিব।

AO Smith HSE-SHS-010 ৱাটাৰ হিটাৰ

আপোনাৰ যদি বাজেট কম তেন্তে AO Smith HSE-SHS-010 ৱাটাৰ হিটাৰটো ক্ৰয় কৰিব পাৰে । এই ৱাটাৰ হিটাৰটোৰ জৰিয়তে এটা সময়ত ১৫ লিটাৰ পানী গৰম কৰিব পাৰিব । এই ৱাটাৰ হিটাৰটো ২০০০ ৱাটছৰ আৰু থাৰ্মেল কাট-আউট আৰু মাল্টি-ফাংচন ছেফটি ভালভৰ সৈতে সৰ্বোচ্চ 75C ডাবল প্ৰটেকচন ছাপৰ্ট আছে । এই ৱাটাৰ হিটাৰটোৰ জৰিয়তে কম বিদ্যুৎ খৰচ কৰি পানী গৰম কৰিব পাৰিব। কম বাজেটত ৬,৪৯৯ টকাত ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে এই গিজাৰটো ক্ৰয় কৰিব পাৰিব।

Crompton Amica Pro 10-L

ক্ৰম্পটনৰ এই ৱাটাৰ হিটাৰটোও সুলভ মূল্যত উপলব্ধ ভাল ৱাটাৰ হিটাৰ। এই গিজাৰটোৰ জৰিয়তে এটা সময়ত সৰ্বাধিক ১০ লিটাৰ পানী গৰম কৰিব পাৰিব। এই ৱাটাৰ হিটাৰৰ অনলাইনৰ মূল্য ৬,৪৯৯ টকা। ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে এই ৱাটাৰ হিটাৰটো ক্ৰয় কৰিব পাৰিব ।

V-Guard Divino DG Geyser

ভি গাৰ্ড কোম্পানীৰ এই ৱাটাৰ হিটাৰটোৰ ক্ষমতা ২৫ লিটাৰ। ইয়াত চুপিৰিয়েৰ ইনকলয় 800 হিটিং এলিমেণ্ট । অতিৰিক্ত ডাঠ মেগনেছিয়াম এনোড, চিংগল ৱেল্ড লাইন হাই গ্ৰেড মাইল্ড ষ্টীল টেংকৰ দৰে ফিচাৰ আছে আৰু ইয়াক ডিজিটেলভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি। এই হিটাৰটো আমাজনৰ ৱেবছাইটত ৬,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব।