দেশৰ সুৰক্ষা দিব পঁতাইচোৰাই, পিঠিত লৈ ফুৰিব কেমেৰা, চেন্সৰ আৰু ৰেডিঅ’ ট্ৰেন্সমিটাৰ
পঁতাচোৰাক দেশৰ সুৰক্ষাৰ বাবে নিয়োজিত কৰিব খুজিছে এখন ৰাষ্ট্ৰই। যুদ্ধৰ ভৱিষ্যত সলনি কৰিব এই পদক্ষেপে। দৰাচলতে ইউৰোপীয় দেশ জাৰ্মানীয়ে কমাণ্ডো পঁইতাচোৰা ইউক্ৰেইনৰ যুদ্ধক্ষেত্ৰলৈ পঠিয়াবলৈ প্ৰস্তুতি চলাইছে। কিন্তু কি এই কমাণ্ডো জানো আহক।

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ যিমানেই পুৰণি হৈ আহিছে সিমানেই তীব্ৰতৰ হৈ পৰিছে। এতিয়ালৈকে ৰাছিয়াৰ বিমান আক্ৰমণৰ বলি হোৱা ইউক্ৰেইনে এতিয়া ইউৰোপৰ সহায়ত মস্কোক আক্ৰমণ কৰিছে। যুদ্ধৰ আচল খেলখন এতিয়াও হ’বলৈ বাকী আছে। দৰাচলতে ইউৰোপীয় দেশ জাৰ্মানীয়ে কমাণ্ডো পঁইতাচোৰা যুদ্ধক্ষেত্ৰলৈ পঠিয়াবলৈ প্ৰস্তুতি চলাইছে। অৱশ্যে ই এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে যদিও আগন্তুক সময়ত ই বিশ্বৰ আটাইতকৈ উচ্চ প্ৰযুক্তিৰ অস্ত্ৰ হ’বলৈ আগবাঢ়িছে।
এই কৃতিত্ব অৰ্জন কৰিছে মিউনিখৰ ষ্টাৰ্টআপ কোম্পানী হেলছিঙে। এই একেটা কোম্পানীয়ে যুদ্ধৰ বাবে ড্ৰোন নিৰ্মাণ কৰে। ই ইউৰোপৰ আটাইতকৈ মূল্যৱান ডিফেন্স ষ্টাৰ্টআপ কোম্পানীত পৰিণত হৈছে। ইয়াৰ সহ-প্ৰতিষ্ঠাপক গুণ্ডবাৰ্ট শ্বাৰফে কয় যে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণে ইউৰোপৰ প্ৰতিৰক্ষা নীতি সলনি কৰিছে। এতিয়া জাৰ্মানীৰ প্ৰতিৰক্ষা খণ্ডত এনে বায়’ ৰবট নিৰ্মাণ কৰা হৈছে যিবোৰ হুবহু কল্পবিজ্ঞানৰ দৰেই।
পঁতাচোৰাবোৰে চোৱাচিতাৰ কাম কৰিব
এই কোম্পানীটোৰ সৈতে জড়িত ষ্টাৰ্টআপ শ্বৱাৰম বায়টিক্সে এই ছিৰিজত এক বিশেষ ধৰণৰ পঁতাচোৰা নিৰ্মাণ কৰিছে, যিয়ে চোৱাচিতাৰ কাম কৰিব। ইয়াৰ বেক পেক থাকিব, য’ত থাকিব চোৰাংচোৱাগিৰিৰ সঁজুলি। ইয়াত কেমেৰা, চেন্সৰ আৰু ৰেডিঅ’ ট্ৰেন্সমিটাৰ আছে। শত্ৰুৰ প্ৰকৃত অৱস্থাৰ কথা ক’ব পাৰিব। বিশেষ কথাটো হ’ল এই পঁতাচোৰাবোৰ বহু দূৰৰ পৰাই চলাব পাৰি। বৃহৎ গোটৰ লগতে অকলেও পঠিয়াব পাৰি। যুদ্ধৰ দিশ আৰু অৱস্থা সলনি কৰাৰ ক্ষমতা তেওঁলোকৰ আছে। শত্ৰুৰ চকুৰ পৰা হাত সাৰি তেওঁলোকৰ ভূখণ্ডত প্ৰৱেশ কৰি সহজেই যিকোনো তথ্য সংগ্ৰহ কৰিব পাৰে। কোম্পানীটোৰ চিইঅ’ ষ্টেফান উইলহেমৰ উদ্ধৃতি দি ৰয়টাৰে লিখিছে যে এই প্ৰযুক্তিয়ে আগন্তুক সময়ত যুদ্ধৰ নিয়ম সলনি কৰিব।
জাৰ্মান চৰকাৰৰ ষ্টাৰ্টআপৰ প্ৰচাৰ
জাৰ্মান চৰকাৰে এতিয়া প্ৰতিৰক্ষা খণ্ডৰ ষ্টাৰ্টআপক অগ্ৰাধিকাৰ দিছে। আমোলাতন্ত্ৰ সৰল কৰা হৈছে আৰু নতুন প্ৰতিৰক্ষা প্ৰযুক্তি দ্ৰুতগতিত বুণ্ডেছৱেৰ (জাৰ্মান সেনা)লৈ প্ৰেৰণ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্টোৰিয়াছে কয় যে প্ৰতিৰক্ষা ক্ষমতাত এতিয়া ধন কোনো বিষয় নহয়। কেৱল উদ্ভাৱনৰ প্ৰয়োজন।
ইউক্ৰেইনক সহায় কৰিছে জাৰ্মানীয়ে
আমেৰিকাৰ পাছত জাৰ্মানী ইউক্ৰেইনক যুদ্ধত সৰ্বাধিক সামৰিক সহায় আগবঢ়োৱা দ্বিতীয়খন দেশ। এই ইউৰোপীয় দেশখনে নিজৰ প্ৰতিৰক্ষা বাজেট তিনিগুণ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। ইয়াৰ এটা বৃহৎ অংশ ৰবটিক্স, এআই আৰু ড্ৰোনত ব্যয় কৰিব লাগিব। হেলচিং আৰু এ আৰ এক্স ৰবটিক্সৰ দৰে ষ্টাৰ্টআপে দেশখনৰ বাবে অস্ত্ৰ নিৰ্মাণ কৰি আছে। এই কোম্পানীসমূহেও সময়ে সময়ে চৰকাৰক পৰামৰ্শ দিয়ে, যিটো আগতে কেৱল ডাঙৰ আৰু পুৰণি কোম্পানীসমূহৰ ডমেইন আছিল। বিশেষজ্ঞসকলৰ মতে জাৰ্মানীৰ এই নতুন প্ৰতিৰক্ষা নীতিয়ে কেৱল ইয়াৰ সামৰিক ভৱিষ্যত শক্তিশালী কৰাই নহয়, অৰ্থনীতিতো উন্নতি সাধন কৰিব।