আপোনাৰ এই ৩টা ভুলেই বিপদ মাতি আনে হাতৰ মোবাইলটোলৈ, হৈ পৰে শ্ল’ পইজন সদৃশ
অতি প্ৰয়োজনীয় এই স্মাৰ্টফোনটো আমি নিজৰ কিছুমান ভুলৰ বাবেই ধ্বংসৰ মুখলৈ ঠেলি দিওঁ। এই ভুলসমূহ হয়তো বহুলোকৰ দৈনন্দিন অভ্যাসেই হৈ পৰে। গতিকে জানো আহক আপোনাৰ ফোনটোৰ বাবে শ্ল’ পইজন সদৃশ হৈ পৰা এনে কিছুমান ভুলৰ বিষয়ে।
 
                                আজিৰ সময়ত হাতত এটা স্মাৰ্টফোন নহ’লেই যেন নহয়। একপ্ৰকাৰে স্মাৰ্টফোনটো এতিয়া দৈনন্দিন জীৱনৰ অংগস্বৰূপ হৈ পৰিছে। পিছে অতি প্ৰয়োজনীয় এই স্মাৰ্টফোনটো আমি নিজৰ কিছুমান ভুলৰ বাবেই ধ্বংসৰ মুখলৈ ঠেলি দিওঁ। এই ভুলসমূহ হয়তো বহুলোকৰ দৈনন্দিন অভ্যাসেই হৈ পৰে। কিন্তু অভ্যাসৰ নামত যে এয়া ভুল কৰি থকা হৈছে, সেই বিষয়ে অধিকাংশ লোকেই জ্ঞাত নহয়। এনে ভুল অভ্যাসে ফোনটো ব্যৱহাৰৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰাৰ লগতে সোনকালে বেয়া কৰিব পাৰে।
গতিকে জানো আহক আপোনাৰ ফোনটোৰ বাবে শ্ল’ পইজন সদৃশ হৈ পৰা এনে কিছুমান ভুলৰ বিষয়ে–
নিশাজুৰি চাৰ্জ কৰি ৰখা
বহুলোকে নিশা শুবলৈ লোৱাৰ সময়ত ফোনটো চাৰ্জত লগায় আৰু পুৱা শুই উঠি চাৰ্জৰ পৰা খোলে। কিন্তু এনে অভ্যাসে ফোনটোৰ বেটাৰীৰ ক্ষমতাত নেতিবাচক প্ৰভাৱ পেলায়, ইয়াৰ ফলত বেটাৰী বেয়া হোাৰ লগতে বেটাৰী অতিমাত্ৰা গৰম হোৱাৰ পৰিণতিত বিস্ফোৰণো হ’ব পাৰে। গতিকে, আজিয়েই এই বেয়া অভ্যাস ত্যাগ কৰক।
বেটাৰী সম্পূৰ্ণৰূপে চাৰ্জ কৰা বা চাৰ্জ শেষ কৰা
যদি আপুনিও ফোনৰ বেটাৰী সম্পূৰ্ণৰূপে শেষ নোহোৱালৈকে ব্যৱহাৰ কৰে, তেতিয়াহ’লে আজিয়েই এই বেয়া অভ্যাস ত্যাগ কৰক। বেটাৰী সম্পূৰ্ণৰূপে শেষ হোৱাৰ পিছত পুনৰাই চাৰ্জ কৰিলে ফোনটোৰ বেটাৰী আৰু কাৰ্যক্ষমতা দুয়োটাতে প্ৰভাৱ পৰিব পাৰে। বেটাৰীৰ চাৰ্জ ২০% ৰ তললৈ নামিব নালাগে আৰু ফোনটো ৮০% ৰ ওপৰত চাৰ্জ কৰিব নালাগে।
চাৰ্জাৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভুল
যদি আপোনাৰ ফোনটোৰ লগত অহা চাৰ্জাৰ বেয়া হয়, তেতিয়া নতুন চাৰ্জাৰ ক্ৰয় কৰে। কিন্তু বহুলোকে কম মূল্য দেখি অনুন্নত মানৰ চাৰ্জাৰ এডপ্টাৰ বা কেবুল ক্ৰয় কৰিব পাৰে। এই সৰু ভুলে আপোনাৰ ফোনটোৰ ক্ষতি কৰিব পাৰে। আপোনাৰ ফোনটো কেৱল অৰিজিনেল চাৰ্জাৰ আৰু কেবলৰ দ্বাৰা চাৰ্জ কৰক, অন্যথা আপোনাৰ ফোনটো ক্ষতিগ্ৰস্ত হ’বলৈ বেছি সময় নালাগিব।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      