Starlink: ভাৰতত ইমান খৰচত উপলব্ধ হ’ব ষ্টাৰলিংক ইণ্টাৰনেট সেৱা, ৩০ দিনৰ বিনামূলীয়া ট্ৰাইল…
কোম্পানীটোৱে মুকলিৰ পূৰ্বে ভাৰতত নিজৰ উপস্থিতি দ্ৰুতগতিত বৃদ্ধি কৰি আছে। অক্টোবৰৰ শেষৰ ফালে ষ্টাৰলিংকে নিজৰ বেংগালুৰু কাৰ্যালয়ৰ বাবে লিংকডইনত চাৰিটা চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল। কোম্পানীটোৱে পেমেণ্টছ মেনেজাৰ, একাউণ্টিং মেনেজাৰ, চিনিয়ৰ ট্ৰেজাৰী এনালাইষ্ট, টেক্স মেনেজাৰৰ বাবে নিযুক্তি দিবলৈ ওলাইছে।
ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ চেটেলাইট ইণ্টাৰনেট সেৱা ষ্টাৰলিংকে শীঘ্ৰে ভাৰতত সেৱা আৰম্ভ কৰিব পাৰে। মুকলিৰ পূৰ্বে ভাৰতত ষ্টাৰলিংকৰ চাবস্ক্ৰিপচন পৰিকল্পনাৰ সবিশেষ পোহৰলৈ আহিছে। নিজৰ আৱাসিক পৰিকল্পনাৰ মূল্য আৰু বৈশিষ্ট্যসমূহ প্ৰকাশ কৰিছে কোম্পানীটোৱে। ষ্টাৰলিংকে ভাৰতত প্ৰতিমাহে ৮,৬০০ টকাত সীমাহীন তথ্য আৰু ৯৯.৯% আপটাইমৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ উপৰিও ব্যৱহাৰকাৰীসকলে ৩০ দিনৰ ট্ৰাইল লাভ কৰিব। ভাৰতৰ বিভিন্ন স্থানত মাটিত গেটৱে ষ্টেচন স্থাপনৰ প্ৰস্তুতিও আৰম্ভ কৰিছে কোম্পানীটোৱে।
ষ্টাৰলিংকৰ মাহেকীয়া পৰিকল্পনাৰ মূল্য আৰু বৈশিষ্ট্য
স্পেচএক্সে ষ্টাৰলিংক ইণ্ডিয়াৰ ৱেবছাইটত প্ৰকাশ কৰিছে আৱাসিক পৰিকল্পনা। এই পৰিকল্পনাৰ বাবে প্ৰতিমাহে ৮,৬০০ টকা খৰচ হ’ব আৰু ইয়াত সীমাহীন তথ্য প্ৰদান কৰা হ’ব। ইয়াৰ বাবে ৩৪,০০০ মূল্যৰ হাৰ্ডৱেৰৰ প্ৰয়োজন। ষ্টাৰলিংকে দাবী কৰিছে যে তেওঁলোকৰ ইণ্টাৰনেটে সকলো বতৰত কাম কৰিব আৰু ৯৯.৯% আপটাইম প্ৰদান কৰিব। ইয়াৰ উপৰিও ব্যৱহাৰকাৰীসকলে এই সেৱা পৰীক্ষা কৰিবলৈ ৩০ দিনৰ ট্ৰাইল লাভ কৰিব। কোম্পানীয়ে এতিয়াও বিজনেছ প্লেনৰ মূল্য প্ৰকাশ কৰা নাই।
ভাৰতৰ আৰম্ভণিৰ প্ৰস্তুতি
কোম্পানীটোৱে মুকলিৰ পূৰ্বে ভাৰতত নিজৰ উপস্থিতি দ্ৰুতগতিত বৃদ্ধি কৰি আছে। অক্টোবৰৰ শেষৰ ফালে ষ্টাৰলিংকে নিজৰ বেংগালুৰু কাৰ্যালয়ৰ বাবে লিংকডইনত চাৰিটা চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল। কোম্পানীটোৱে পেমেণ্টছ মেনেজাৰ, একাউণ্টিং মেনেজাৰ, চিনিয়ৰ ট্ৰেজাৰী এনালাইষ্ট, টেক্স মেনেজাৰৰ বাবে নিযুক্তি দিবলৈ ওলাইছে। এই জব পোষ্টিংসমূহত এইটোও উল্লেখ কৰা হৈছিল যে ষ্টাৰলিংকে নিজৰ আন্তঃৰাষ্ট্ৰীয় পদাংক বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে।
ভাৰতত গেটৱে আৰ্থ ষ্টেচন স্থাপনৰ পৰিকল্পনা
খবৰ অনুসৰি ষ্টাৰলিংকে ভাৰতৰ কেইবাখনো চহৰত গেটৱে আৰ্থ ষ্টেচন স্থাপনৰ পৰিকল্পনা কৰিছে। ইয়াৰ ভিতৰত চণ্ডীগড়, হায়দৰাবাদ, কলকাতা, লক্ষ্ণৌ, মুম্বাই, আৰু নয়ডা আদি অন্যতম। এই ষ্টেচনসমূহে উপগ্ৰহ আৰু স্থলভিত্তিক ৰিচিভাৰৰ মাজৰ সংযোগ বজাই ৰাখিব, অধিক সুস্থিৰ আৰু দ্ৰুত ইণ্টাৰনেট সেৱা প্ৰদান কৰিব।
চৰকাৰী অনুমতি আৰু অনুজ্ঞাপত্ৰৰ অৱস্থা
ষ্টাৰলিংকে চলিত বৰ্ষৰ জুলাই মাহত দূৰসংযোগ বিভাগৰ পৰা পাঁচ বছৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিছিল। এই অনুজ্ঞাপত্ৰৰ জৰিয়তে কোম্পানীটোৱে ভাৰতত বাণিজ্যিক কাম-কাজ আৰম্ভ কৰিব পাৰিছিল। এতিয়া আনুষ্ঠানিক আৰম্ভণিৰ পূৰ্বে কোম্পানীটোৱে নিজৰ আন্তঃগাঁথনি আৰু নিযুক্তি প্ৰক্ৰিয়া চূড়ান্ত কৰি আছে।