শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মোৰ সন্তান নাই…. ৬০ কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী বিচাৰি মহিলাৰ মেছেজ

ইনষ্টাগ্ৰাম আৰু এছএমএছত ভাইৰেল হৈ পৰিছে এটা মেছেজ। য’ত এগৰাকী মহিলাই নিজৰ ৬০ কোটি টকাৰ সম্পত্তিৰ উত্তৰাধিকাৰী বিচাৰিছে। আপুনিও এই বাৰ্তাটো লাভ কৰিছে নে? কোটি টকাৰ মালিক হোৱাৰ সুযোগ পাইছে নেকি আপুনিও? এনে বাৰ্তা আহিলে তৎক্ষণাত এই কাম কৰক...

মোৰ সন্তান নাই…. ৬০ কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী বিচাৰি মহিলাৰ মেছেজ
মেছেজ
trishna-kalita
Trishna Kalita | Updated On: 06 May 2025 15:26 PM

এটা বিশেষ মেছেজ, য’ত লিখা হৈছে, “ডাক্তৰে কৈছে, মোৰ জীয়াই থাকিবলৈ মাত্ৰ এমাহ বাকী আছে। মই এই যাত্ৰা অকলে কটাব বিচাৰো, শান্তিৰে এই পৃথিৱীৰ পৰা বিদায় লব বিচাৰো। মোৰ সন্তান নাই আৰু মোৰ এটাই আক্ষেপ যে মই তোমাৰ লগত জীৱনটো কটাব নোৱাৰিলোঁ, তুমি মোৰ প্ৰথম প্ৰেম আৰু সদায় মোৰ হৃদয়ত থাকিব। মই মোৰ ৬০ কোটি টকাৰ সম্পত্তি আপোনালোকৰ বাবে এৰি দিছো, আশাকৰোঁ আপোনালোকে ভাল পাব…”

আপুনিও এনে বাৰ্তা লাভ কৰিছে নেকি? যদি আপুনি পাইছে, তেন্তে সাৱধান হওক আৰু এনে বাৰ্তা একেবাৰেই বিশ্বাস নকৰিব। এয়া এক প্ৰৱঞ্চনা আৰু হেকাৰৰ কৌশল। যাৰ বাবে এনে বাৰ্তা বা লিংকত ক্লিক কৰিলে আপুনি সকলো হেৰুৱাব পাৰে।

ইয়াৰ বাবে এনেকুৱা লিংক প্ৰেৰণ কৰা হয় যিয়ে আপোনাক এটা ভুৱা ৱেবছাইটলৈ লৈ যাব। তাত নাম, মোবাইল নম্বৰ, বেংকৰ তথ্য বা অ’টিপি সোধা হয়। আপুনি তথ্য দিয়াৰ লগে লগে প্ৰৱঞ্চকে আপোনাৰ বেংক একাউণ্টৰ পৰা ধন উলিয়ায়। কিছুমান মেছেজত এটা এপ ডাউনলোড কৰিবলৈ কোৱা হয় যিয়ে আপোনাৰ ফোনটো হেক কৰিব পাৰে।

Instagram Fake Message

প্ৰৱঞ্চনা আৰু হেকিঙৰ পৰা হাত সাৰিবলৈ কি কৰিব?

  • এনে বাৰ্তাক আওকাণ কৰক। যদি কোনো অচিনাকি ব্যক্তি বা নম্বৰে “ সোনকালে ধনী কৰোৱাৰ” বুলি প্ৰতিশ্ৰুতি দিয়ে, তেন্তে বুজিব যে ই এক প্ৰৱঞ্চনা।
  • ব্যক্তিগত তথ্য কেতিয়াও শ্বেয়াৰ নকৰিব। কেতিয়াও কাৰো সৈতে অ’টিপি, পাছৱৰ্ড, এটিএম কাৰ্ডৰ তথ্য, বা বেংকৰ বিৱৰণ শ্বেয়াৰ নকৰিব।
  • লিংকটো খোলাৰ আগতে চিন্তা কৰক। যদি বাৰ্তাটোত কোনো লিংক আছে, তেন্তে আপুনি চিনি নোপোৱালৈকে তাত ক্লিক নকৰিব।
  • কেৱল চৰকাৰী বা বিশ্বাসযোগ্য ৱেবছাইটৰ পৰাহে তথ্য লাভ কৰক। যদি কোনো ধন উপাৰ্জন আঁচনি প্ৰকৃত হয়, তেন্তে চৰকাৰ বা বেংকৰ ৱেবছাইটতো ইয়াৰ তথ্য উপলব্ধ হ’ব।
  • আপোনাৰ ফোনত এন্টিভাইৰাছ ৰাখক আৰু বুদ্ধি প্ৰয়োগ কৰি এপ ডাউনলোড কৰক। কোনো অজ্ঞাত এপ ডাউনলোড কৰাৰ পৰা বিৰত থাকক। সদায় গুগল প্লে ষ্ট’ৰ বা এপল এপ ষ্ট’ৰৰ পৰা এপ ইনষ্টল কৰক।
  • চাইবাৰ অপৰাধৰ ৰিপৰ্ট কৰক: যদি আপুনি প্ৰতাৰিত হৈছে, তেন্তে তৎক্ষণাত www.cybercrime.gov.in ত ৰিপৰ্ট কৰক বা ১৯৩০ নম্বৰত ফোন কৰক।

মনোযোগ দিয়ক

কঠোৰ পৰিশ্ৰম নকৰাকৈ কোনেও টকা নিদিয়ে। যদি কোনো আঁচনি বহুত বেছি ভাল যেন লাগে তেন্তে সেয়া ভুৱা হ’ব পাৰে। গতিকে সাৱধান হওক, সজাগ হওক আৰু আনকো সজাগ কৰক।