চেমচাঙৰ মোবাইলপ্ৰিয় সকললৈ সুখবৰঃ বিপুল ৰেহাইত পাব এইকেইটা মোবাইল, নকৰিব পলম
সাধাৰণতে চেমচাঙৰ মোবাইল সমূহৰ প্ৰতি গ্ৰাহকৰ মাজত বিশেষ সমাদৰ দেখা যায়। ফ্লিপকাৰ্ট আৰু আমাজনৰ বিক্ৰীৰ সময়ত চেমচাঙৰ মোবাইল প্ৰিয় গ্ৰাহকসকলে নিজৰ ইচ্ছা পূৰণৰ পূৰ্ণ সুযোগ পাব। বিক্ৰীৰ সময়ত কোম্পানীটোৰ এই ১০টা মোবাইলৰ ক্ষেত্ৰত গ্ৰাহকসকলে যথেষ্ট ৰেহাই লাভ কৰিব।

দেশৰ দুই আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্ম আমাজন আৰু ফ্লিপকাৰ্টৰ ফেষ্টিভেল চেল ইতিমধ্যে আৰম্ভ হৈছে। শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত আমাজনৰ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চেল আৰু ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডেজ চেলত গ্ৰাহকসকলে যথেষ্ট ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব পছন্দৰ সামগ্ৰী। বিশেষকৈ মোবাইলৰ ক্ষেত্ৰত গ্ৰাহকসকলে ইচ্ছা পূৰণৰ অনন্য সুযোগ লাভ কৰিব। ই-কমাৰ্চ প্লেটফৰ্ম দুটাৰ এই বিশেষ বিক্ৰীৰ সময়ত ভিন্ন কোম্পানীৰ মোবাইলৰ ওপৰত আকৰ্ষণীয় ৰেহাইৰ সুবিধা প্ৰদান কৰা হৈছে।
সাধাৰণতে চেমচাঙৰ মোবাইল সমূহৰ প্ৰতি গ্ৰাহকৰ মাজত বিশেষ সমাদৰ দেখা যায়। ফ্লিপকাৰ্ট আৰু আমাজনৰ বিক্ৰীৰ সময়ত চেমচাঙৰ মোবাইল প্ৰিয় গ্ৰাহকসকলে নিজৰ ইচ্ছা পূৰণৰ পূৰ্ণ সুযোগ পাব। বিক্ৰীৰ সময়ত কোম্পানীটোৰ এই ১০টা মোবাইলৰ ক্ষেত্ৰত গ্ৰাহকসকলে যথেষ্ট ৰেহাই লাভ কৰিব।
Samsung Galaxy M05
এই ফোনটোত 50MP ডুৱেল কেমেৰা আৰু 5000mAh বেটাৰীৰ সুবিধা আছে। মোবাইলটোৰ মূল্য ৯,৯৯৯ টকা আছিল যদিও বিক্ৰীৰ সময়ত গ্ৰাহকসকলে মাত্ৰ ৬,২৪৯ টকাত ক্ৰয় কৰিব পাৰিব।
Samsung Galaxy M06
মুকলিৰ সময়ত এই ফোনৰ মূল্য ১২,৪৯৯ টকা আছিল যদিও এতিয়া বিক্ৰীৰ সময়ত ফোনটো আমাজনত ৭,৪৯৯ টকা আৰু ফ্লিপকাৰ্টত ৮,৪৬৩ টকাত ক্ৰয় কৰিব পাৰিব।
Samsung Galaxy F07
এই স্মাৰ্টফোনটোৰ ৬৪জিবি ষ্ট’ৰেজ ভেৰিয়েণ্টৰ মূল্য ৯,৯৯৯ টকা যদিও বিক্ৰীৰ সময়ত ৮,৪৯৯ টকা মূল্যত উপলব্ধ হ’ব।
Samsung Galaxy M16
এই মোবাইলটোৰ মূল্য ১৫,৯৯৯ টকাৰ পৰিৱৰ্তে আমাজনত মাত্ৰ ১০,৪৯৯ টকাত ক্ৰয় কৰিব পাৰিব। এই ফোনটোত Super AMOLED ডিছপ্লে আৰু 50MP কেমেৰাৰ দৰে সুবিধা পাব।
Samsung Galaxy M36
কোম্পানীটোৰ এই জনপ্ৰিয় এই ফোনটোৰ মূল্য ২২,৯৯৯ টকা আছিল যদিও বিক্ৰীৰ সময়ত ১৩,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব।
Samsung Galaxy F17
Full HD+ ডিছপ্লে, 5000mAh বেটাৰীৰ এই মোবাইলটোৰ দাম ১৭,৯৯৯ টকা আছিল যদিও বিক্ৰীৰ সময়ত মাত্ৰ ১৪,৪৯৯ টকাত ক্ৰয় কৰিব পাৰিব।
Samsung Galaxy F36
ফ্লিপকাৰ্টত বিক্ৰীৰ সময়ত চেমচাঙৰ এই জনপ্ৰিয় মোবাইলটো ১৫,৪৯৯ টকাত ক্ৰয় কৰিব পাৰিব।
Samsung Galaxy M56
এই ফোনটোৰ মূল্য ৩০,৯৯৯ টকা আছিল যদিও বিক্ৰীৰ সময়ত ২৩,৩৯৫ টকাতে গ্ৰাহকসকলে ক্ৰয় কৰিব পাৰিব।
Samsung Galaxy S24
ফ্লিপকাৰ্ট বিগ বিলিয়ন ডেজ চেলৰ সময়ত গ্ৰাহকসকলে এই স্মাৰ্টফোনটোত বৃহৎ ৰেহাই লাভ কৰিব আৰু মাত্ৰ ৩৯,৯৯৯ টকাতে ক্ৰয় কৰিব পাৰিব।
Samsung Galaxy S24 Ultra
কোম্পানীটোৰ এই জনপ্ৰিয় মোবাইলটোত গ্ৰাহকসকলে বৃহৎ পৰিমাণৰ ধন ৰাহি কৰিব পাৰিব। পূৰ্বৰ ১,৩৪,৯৯৯ টকাৰ পৰিৱৰ্তে মোবাইলটো এতিয়া ৭১,৯৯৯ টকা দৰতে ক্ৰয় কৰিব পাৰিব।