গ্ৰাহকলৈ বাম্পাৰ অফাৰ, দেৱালীৰ এদিন পূৰ্বে প্ৰায় আধা কমিল চেমচাঙৰ এই জনপ্ৰিয় মোবাইলৰ দাম
পছন্দৰ মোবাইল এটা ক্ৰয়ৰ বাবে বহুলোকে দেৱালীৰ সময়লৈ অপেক্ষা কৰা দেখা যায়। কিয়নো এই সময়ছোৱাত গ্ৰাহকসকলে যথেষ্ট ৰেহাইৰ সুবিধা লাভ কৰে। পিছে চেমচাঙৰ মোবাইল প্ৰিয় গ্ৰাহকসকলে কোম্পানীটোৰ এটা মোবাইলত এতিয়া প্ৰায় আধা দামৰ ৰেহাই লাভ কৰিব।

পোহৰৰ উৎসৱ দেৱালীৰ বাবে দেশজুৰি দেখা গৈছে এক আনন্দমুখৰ পৰিৱেশ। অৱশ্যে অসমত এইবাৰ দেৱালীৰ আনন্দই স্পৰ্শ কৰা নাই জনসাধাৰণক। তথাপি দেৱালীৰ সময়ত মন পছন্দৰ কোনো সামগ্ৰী ক্ৰয়ৰ আশা বহু লোকৰে থাকে। বিশেষকৈ পছন্দৰ মোবাইল এটা ক্ৰয়ৰ বাবে বহুলোকে দেৱালীৰ সময়লৈ অপেক্ষা কৰা দেখা যায়। কিয়নো এই সময়ছোৱাত গ্ৰাহকসকলে যথেষ্ট ৰেহাইৰ সুবিধা লাভ কৰে। পিছে চেমচাঙৰ মোবাইল প্ৰিয় গ্ৰাহকসকলে কোম্পানীটোৰ এটা মোবাইলত এতিয়া প্ৰায় আধা দামৰ ৰেহাই লাভ কৰিব।
গতিকে এই দেৱলীত যদি আপুনিও এটা নতুন ফোন ক্ৰয়ৰ কথা চিন্তা কৰি আছে, তেতিয়াহ’লে চেমচাঙৰ Galaxy S24 FE আপোনাৰ বাবে সৰ্বোত্তম ফোন হ’ব পাৰে। এই ফোনটো দীপাৱলী বিক্ৰীৰ সময়ত প্ৰায় আধা দামতে আগবঢ়োৱা হৈছে। ৰেহাইৰ উপৰিও এই ফোনটো বিশেষ বেংক অফাৰ আৰু বিনামূলীয়া EMIৰ সৈতে ক্ৰয় কৰিব পাৰিব। জানো আহক এই বিষয়ে।
Samsung Galaxy S24 FEৰ ক্ষেত্ৰত ফ্লিপকাৰ্টত দেৱালীৰ অফাৰ
৮জিবি ৰেম আৰু ১২৮জিবি ইণ্টাৰনেল ষ্ট’ৰেজৰ সৈতে Samsung Galaxy S24 FE 5G ভেৰিয়েণ্টৰ মুকলিৰ সময়ৰ মূল্য ৫৯,৯৯৯ টকাৰ পৰিৱৰ্তে ফ্লিপকাৰ্টৰ পৰা ৩০,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব। অৰ্থাৎ এতিয়া ফোনটোত ২৯,০০০ টকাৰ প্ৰত্যক্ষ ৰেহাই লাভ কৰিব। ইয়াৰ উপৰিও সকলো Flipkart SBI ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীয়ে এই ফোনত ৪ হাজাৰ টকা পৰ্যন্ত অতিৰিক্ত ৰেহাই লাভ কৰিব।
Samsung Galaxy S24 FE কিছুমান বিশেষ সুবিধা
এই মোবাইলটোত ৬.৭ ইঞ্চি Dynamic AMOLED 2X ডিছপ্লে’ৰ সুবিধা আছে। ফোনটোত Exynos 2400e প্ৰচেছৰৰ লগতে Xclipse 940 GPU আছে। এই স্মাৰ্টফোনটো Android 14ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। মোবাইলটোত তিনিটা বেক কেমেৰাৰ সুবিধা আছে- ৫০ মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা (OIS চাপৰ্ট সহ), এটা ১২ মেগাপিক্সেলৰ আল্ট্ৰা-ৱাইড-এংগল লেঞ্চ আৰু এটা ৮ মেগাপিক্সেলৰ টেলিফ’টো লেঞ্চ।
চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে ১০ মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা দিয়া হৈছে। ফোনটোত 4700mAh বেটাৰীৰ সুবিধা আগবঢ়োৱা হৈছে। ইয়াৰ উপৰিও 25Wৰ ফাষ্ট চাৰ্জিঙৰ সুবিধা প্ৰদান কৰা হৈছে। ইয়াৰ দ্বাৰা মোবাইলটোত চাৰ্জিং দ্ৰুত গতিৰে কৰিব পৰা যায়। এইদৰে ৩০ হাজাৰ টকাৰ বাজেটত Samsung Galaxy S24 FE মোবাইল আপোনাৰ সৰ্বোত্তম বিকল্প হ’ব পাৰে।