এনে পাছৱৰ্ডে কিদৰে দিব নিৰাপত্তা! বৰ্ষৰ শীৰ্ষ ১০টা দুৰ্বল পাছৱৰ্ড দেখিলে হাঁহি উঠিব আপোনাৰো
এই প্ৰতিবেদনত ডাৰ্ক ৱেব আৰু টেলিগ্ৰাম চেনেলৰ পৰা সংগ্ৰহ কৰা প্ৰায় ২ বিলিয়ন লিক হোৱা পাছৱৰ্ডৰ তথ্য বিশ্লেষণ কৰা হৈছে। এই পাছৱৰ্ডসমূহেই হৈছে হেকাৰে একাউণ্টত প্ৰৱেশৰ চেষ্টাত ব্যৱহাৰ কৰা প্ৰথম পাছৱৰ্ড।
নিজৰ গুৰুত্বপূৰ্ণ তথ্যৰ নিৰাপত্তাৰ বাবে সকলো লোকেই পাছৱৰ্ড ব্যৱহাৰ কৰে। শক্তিশালী পাছৱৰ্ডৰ দ্বাৰা যিকোনো ধৰণৰ চাইবাৰ ক্ৰাইমৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰি। পিছে চাইবাৰ সুৰক্ষা সম্পৰ্কে অগণন সতৰ্কবাণীৰ পিছতো আজিৰ সময়তো লাখ লাখ লোকে অতি দুৰ্বল পাছৱৰ্ড ব্যৱহাৰ কৰি আছে। এক প্ৰতিবেদন অনুসৰি, চলিত বৰ্ষত বিশ্বত সৰ্বাধিক ব্যৱহৃত পাছৱৰ্ড এতিয়াও 123456। এই প্ৰতিবেদনত ২ বিলিয়নতকৈও অধিক লিক হোৱা পাছৱৰ্ড বিশ্লেষণ কৰাৰ পিছত প্ৰায় ২৫% পাছৱৰ্ড কেৱল সংখ্যাৰে গঠিত বুলি দেখা গৈছে।
বিশ্বৰ সাধাৰণ পাছৱৰ্ডৰ তালিকা
Comparitech ৰ এক প্ৰতিবেদন অনুসৰি চলিত বৰ্ষতো ‘123456’ আটাইতকৈ সাধাৰণ পাছৱৰ্ড হিচাপে বিবেচিত হৈছে। লাখ লাখ লোকে এতিয়াও এই পাছৱৰ্ড ব্যৱহাৰ কৰে। 12345678, 123456789, আৰু admin আদি পাছৱৰ্ডো দুৰ্বল শীৰ্ষ পাছৱৰ্ড। এই প্ৰতিবেদনত ডাৰ্ক ৱেব আৰু টেলিগ্ৰাম চেনেলৰ পৰা সংগ্ৰহ কৰা প্ৰায় ২ বিলিয়ন লিক হোৱা পাছৱৰ্ডৰ তথ্য বিশ্লেষণ কৰা হৈছে। এই পাছৱৰ্ডসমূহেই হৈছে হেকাৰে একাউণ্টত প্ৰৱেশৰ চেষ্টাত ব্যৱহাৰ কৰা প্ৰথম পাছৱৰ্ড।
India@123 পাছৱৰ্ডো বহুল ব্যৱহৃত
প্ৰতিবেদন অনুসৰি, শীৰ্ষ ১০০০ টা পাছৱৰ্ডৰ ২৫% কেৱল সংখ্যাৰে গঠিত আৰু প্ৰায় ৩৮% পাছৱৰ্ডত “123” ক্ৰম থাকে। আনহাতে কিছু ব্যৱহাৰকাৰীয়ে Aa123456 বা password123 ৰ দৰে পাছৱৰ্ড তৈয়াৰ কৰিছে। আমোদজনকভাৱে India@123ৰ দৰে পাছৱৰ্ডেও ৫৩ নম্বৰ স্থান পাইছে।
২০২৫ বৰ্ষৰ আটাইতকৈ দুৰ্বল পাছৱৰ্ডৰ তালিকা–
123456
12345678
123456789
admin
1234
Aa123456
12345
password
123
1234567890
চুটি পাছৱৰ্ডৰ সমস্যা
পাছৱৰ্ড কমেও ১২ আখৰৰ দীঘল হ’ব লাগে বুলি চাইবাৰ সুৰক্ষা বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে। কিন্তু প্ৰতিবেদনত দেখা গৈছে যে ৬৫.৮% পাছৱৰ্ড ১২ আখৰতকৈ চুটি, আৰু ৭% ৮ আখৰতকৈ চুটি। 123 আৰু 1234ৰ দৰে পাছৱৰ্ড আটাইতকৈ দুৰ্বল। চুটি আৰু সহজ পাছৱৰ্ডসমূহে আপোনাৰ অনলাইন সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বাধিক বিপদৰ সৃষ্টি কৰে।
পাছৱৰ্ড শক্তিশালী নহ’লেই বিপদ!
চাইবাৰ সুৰক্ষা বিশেষজ্ঞসকলে কয় যে কোনো একাউণ্ট সুৰক্ষিত কৰিবলৈ এতিয়া দুৰ্বল পাছৱৰ্ড যথেষ্ট নহয়। বিশেষজ্ঞসকলৰ মতে, এতিয়া দীঘলীয়া আৰু জটিল পাছৱৰ্ড গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। এনে পাছৱৰ্ডত কেপিটেল লেটাৰ, স্মল লেটাৰ, সংখ্যা আৰু স্পেচিয়েল কেৰেক্টাৰৰ মিশ্ৰণ থাকিব লাগে।