ৰতন টাটাৰ এটা সপোন আজিও আধৰুৱা হৈ ৰ’ল!
ৰতন টাটাই তেওঁৰ সপোনৰ গাড়ী টাটা নেনোক ইমানেই ভাল পাইছিল যে তেওঁ ইয়াক ভৱিষ্যতৰ গাড়ী হিচাপে গঢ়ি তুলিব বিচাৰিছিল । জীৱনৰ শেষ দিনকেইটাতো ৰতন টাটাই এই গাড়ীত সঘনাই যাত্ৰা কৰিছিল ।

‘টাটা’ক বিশ্বব্যাপী ব্ৰেণ্ড হিচাপে গঢ়ি তোলা ৰতন টাটা আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ দূৰদৰ্শী চিন্তাৰ পৰা জন্ম হোৱা বহু কোম্পানী আৰু সামগ্ৰী মানুহৰ জীৱনৰ এক অংগ হৈ ৰৈছে । টি চি এছৰ দৰে বিশ্বব্যাপী কোম্পানী গঢ়ি তোলাই হওক, টাটা মটৰ্ছক ট্ৰাক নিৰ্মাণ কোম্পানীৰ পৰা যাত্ৰীবাহী বাহন নিৰ্মাণ কোম্পানীলৈ ৰূপান্তৰ কৰাই হওক বা সাধাৰণ মানুহৰ প্ৰয়োজনীয়তাক মনত ৰাখি টাটা নেনোৰ দৰে সপোনৰ গাড়ী নিৰ্মাণ কৰাই হওক । অৱশ্যে এই সকলোবোৰৰ মাজতো ৰতন টাটাৰ এটা সপোন এতিয়াও পূৰণ নোহোৱাকৈয়ে আছে ।
ৰতন টাটাই তেওঁৰ সপোনৰ গাড়ী টাটা নেনোক ইমানেই ভাল পাইছিল যে তেওঁ ইয়াক ভৱিষ্যতৰ গাড়ী হিচাপে গঢ়ি তুলিব বিচাৰিছিল । জীৱনৰ শেষ দিনকেইটাতো ৰতন টাটাই এই গাড়ীত সঘনাই যাত্ৰা কৰিছিল । তেওঁ ইচ্ছা কৰিলে জাগুৱাৰ লেণ্ড ৰভাৰ গাড়ীত (টাটা গ্ৰুপৰ কোম্পানী) সহজেই যাত্ৰা কৰিব পাৰিলেহেঁতেন । কিন্তু শেষৰ সময়তো তেওঁ নেনোক ভৱিষ্যতৰ বাহনলৈ ৰূপান্তৰিত কৰাৰ প্ৰকল্পত কাম কৰি আছিল ।
টাটাই নেনোক বৈদ্যুতিক বাহন বনাব বিচাৰিছিল
ৰতন টাটাৰ বাবে নেনো আছিল এক উৎকৃষ্ট যাতায়ত উপযোগী বাহন, গতিকে তেওঁ এই গাড়ীখনক ভৱিষ্যতৰ পৃথিৱীৰ বাবে বৈদ্যুতিক গাড়ীলৈ ৰূপান্তৰিত কৰাৰ কাম কৰি আছিল । তেওঁ নিশ্চিত আছিল যে অনাগত বছৰবোৰত পৃথিৱীত কেৱল বৈদ্যুতিক বাহন চলাচল কৰিব । সেইবাবেই তেওঁ এই প্ৰজেক্টটোৰ নাম ৰাখিলে Neo EV ।
টাটা নেনোক ইলেক্ট্ৰিক বাহনলৈ ৰূপান্তৰিত কৰাৰ প্ৰকল্পটো ২০১৫ চনৰ আশে-পাশে ৰতন টাটাই আৰম্ভ কৰিছিল । তেওঁ ইয়াক দুটা ধৰণে মুকলি কৰাৰ পক্ষত আছিল । এটা চিটি ট্যুৰ ৰেঞ্জ অৰ্থাৎ কম বেটাৰী পেকযুক্ত, আনটো লং ৰুট ভেৰিয়েন্ট, অৰ্থাৎ অলপ বেছি দূৰত্ব যাত্ৰা কৰিব পৰা ইলেক্ট্ৰিক বাহন । ইয়াৰ বাবে ৰতন টাটাই কইম্বাটুৰৰ এটা ষ্টাৰ্টআপ কোম্পানীৰ সৈতে কাম কৰি আছিল । ইয়াৰে এটা ঘটনা ওলা ইলেক্ট্ৰিকৰ ভবিষ আগৰৱালাৰ সৈতেও জড়িত ।
ওলা ইলেক্ট্ৰিকৰ সৈতে সংযোগ
ওলা ইলেক্ট্ৰিকৰ প্ৰতিষ্ঠাপক ভৱিষ আগৰৱালাই ৰতন টাটাৰ মৃত্যুৰ সময়ত এক কাহিনী শ্বেয়াৰ কৰে । তেওঁ কয় যে ২০১৫ চনত ৰতন টাটাই তেওঁক লগ পাইছিল আৰু তেওঁৰ কোম্পানীত বিনিয়োগ কৰিছিল । বৈদ্যুতিক বাহনৰ প্ৰতি তেওঁৰ বিৰাট কৌতুহল আছিল । ২০১৭ চনত এবাৰ ৰতন টাটাই তেওঁক ফোন কৰি মুম্বাইলৈ নিমন্ত্ৰণ জনাইছিল । পিছত তেওঁ তেওঁলোকক নিজৰ বিমানেৰে কইম্বাটুৰলৈ লৈ গ’ল ।
ভবিষ আগৰৱালাই কয় যে ৰতন টাটাই তেওঁক কেৱল মুম্বাইলৈ আহিবলৈ কৈছিল, য’ৰ পৰা তেওঁক নতুন ঠাইলৈ লৈ যাব বিচাৰে । টাটা নেনোক বৈদ্যুতিক বাহনলৈ ৰূপান্তৰিত কৰাৰ তেওঁৰ ব্যক্তিগত প্ৰকল্প কইম্বাটুৰত চলি আছিল । ভৱিষ আগৰৱালাই কয় যে আচলতে ‘অলা ইলেক্ট্ৰিক’ সেইদিনা আৰম্ভ হৈছিল ।