পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে ভাৰতীয় সেনাৰ হাতলৈ আহিছে ঘাতক ক্ষেপণাস্ত্ৰ, ঘৰৰ পৰাই কৰিব পাৰিব শত্ৰুনাশ!
ভাৰতৰ ৰাফেলক লৈ ইতিমধ্যে চিন্তিত হৈ পৰিছিল পাকিস্তান । যেতিয়া এই অতি আধুনিক যুদ্ধ বিমানসমূহত ব্ৰাহ্মছ-এন জিৰ দৰে মাৰাত্মক ক্ষেপণাস্ত্ৰ সংযোজন কৰা হ’ব, তেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদ সমৰ্থন কৌশলত ডাঙৰ প্ৰভাৱ পৰিব ।

ভাৰতীয় বায়ু সেনাই অতি সোনকালে লাভ কৰিব এক ঘাতক ক্ষেপণাস্ত্ৰ । ভাৰতীয় বায়ুসেনা আৰু নৌসেনাই নিজৰ ৰাফেল যুঁজাৰু বিমানত ব্ৰাহ্মছ-এন জি (নেক্সট জেনেৰেচন) ছুপাৰছনিক ক্ৰুজ মিছাইল নিয়োগ কৰিবলৈ সাজু হৈছে । ২৯০ কিলোমিটাৰ দূৰত্বৰ ৰেঞ্জ আৰু ঘণ্টাত ৪১৭০ কিলোমিটাৰ বেগত গতি কৰিব পৰা এই ক্ষেপণাস্ত্ৰই শত্ৰুৰ ওপৰত নিখুঁত আৰু ধ্বংসাত্মক আক্ৰমণ কৰিবলৈ সক্ষম হ’ব ।
‘মেক ইন ইণ্ডিয়া’ক নতুন শক্তি প্ৰদান কৰাৰ লগতে ভাৰতৰ কৌশলগত স্বাধীনতাক আৰু অধিক শক্তিশালী কৰি তোলাৰ বাবে ভাৰতৰ থলুৱা অস্ত্ৰ ব্যৱস্থা ৰাফেলত একত্ৰিত হ’বলৈ অনুমোদন জনাইছে ডাছল্ট এভিয়েশ্যনে ।
ভাৰতৰ ৰাফেলক লৈ ইতিমধ্যে চিন্তিত হৈ পৰিছিল পাকিস্তান । যেতিয়া এই অতি আধুনিক যুদ্ধ বিমানসমূহত ব্ৰাহ্মছ-এন জিৰ দৰে মাৰাত্মক ক্ষেপণাস্ত্ৰ সংযোজন কৰা হ’ব, তেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদ সমৰ্থন কৌশলত ডাঙৰ প্ৰভাৱ পৰিব । এতিয়া ভাৰতীয় আকাশমাৰ্গত শত্ৰুৱে অনুপ্ৰৱেশ কৰাৰ যিকোনো প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি আৰু অধিক ক্ষীপ্ৰ, অধিক সঠিক আৰু মাৰাত্মক হ’ব ।
ইতিমধ্যে পাকিস্তানৰ জে এফ-১৭ৰ দৰে বিমানতকৈ ৰাফেল বহুগুণ বেছি সক্ষম আৰু ব্ৰাহ্মছ-এন জি সংযোজনৰ পিছত ই এক কৌশলগত ষ্ট্ৰাইক প্লেটফৰ্মত পৰিণত হ’ব । এই মিছাইলটোৱে পাকিস্তানৰ যিকোনো সামৰিক ঘাটি, কমাণ্ড চেণ্টাৰ বা সন্ত্ৰাসবাদী লঞ্চপেডক ক্ষন্তেকতে লক্ষ্য কৰি ল’ব পাৰে, সেয়াও সীমান্ত পাৰ নোহোৱাকৈ ।
২০২৬ চনত পৰীক্ষণ, লক্ষ্ণৌত উৎপাদন
এই ক্ষেপণাস্ত্ৰৰ প্ৰথমটো পৰীক্ষণ ২০২৬ চনত হ’ব আৰু ইয়াক উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নিৰ্মাণ হৈ থকা ব্ৰাহ্মছ উৎপাদন কেন্দ্ৰত নিৰ্মাণ কৰা হ’ব । এই কেন্দ্ৰটোৱে ভাৰতৰ ক্ষেপণাস্ত্ৰ উৎপাদনৰ স্বাৱলম্বিতাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব ।
ব্ৰাহ্মছ-এন জি হৈছে ব্ৰাহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইলৰ লঘু আৰু উন্নত সংস্কৰণ, যিটো বিশেষভাৱে আধুনিক যুঁজাৰু বিমান আৰু মোবাইল প্লেটফৰ্মৰ পৰা উৎক্ষেপণৰ বাবে প্ৰস্তুত কৰা হৈছে ।
গতি: ব্ৰাহ্মছ-এন জিৰ গতি মেক ৩.৫ (প্ৰায় ৪১৭০ কিলোমিটাৰ প্ৰতি ঘণ্টা), যাৰ ফলত ই শত্ৰুৰ ৰাডাৰ আৰু প্ৰতিৰক্ষা ব্যৱস্থাক লক্ষ্য কৰি নিখুঁতভাৱে আক্ৰমণ কৰিব পাৰে ।
ৰেঞ্জ: ইয়াৰ ৰেঞ্জ ২৯০ কিলোমিটাৰ, অৰ্থাৎ সীমান্ত পাৰ নোহোৱাকৈয়ে সীমান্তৰ সিপাৰে বহি থকা শত্ৰুৰ গুৰুত্বপূৰ্ণ ঘাটিবোৰ ধ্বংস কৰিব পাৰে ।
লঘু আৰু কমপেক্ট ডিজাইন: ইয়াৰ ওজন প্ৰায় ১.৫ টন, যিটো মূল ব্ৰাহমছ মিছাইলতকৈ প্ৰায় ৫০ শতাংশ কম । গতিকে তেজস Mk1A, Rafale, Mirage-2000, Sukhoi-30MKI আদি যুদ্ধ বিমানৰ পৰা ইয়াক সহজে নিক্ষেপ কৰিব পাৰি ।
সঠিকতা: ব্ৰাহ্মছ-এন জিৰ ষ্ট্ৰাইক এক্যুৰেচি অৰ্ধ-সক্ৰিয় লেজাৰ আৰু জড় জিপিএছ/গ্ল’নাছ নেভিগেচন চিষ্টেমৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, যাৰ ফলত ই এক উচ্চ নিখুঁত ষ্ট্ৰাইক অস্ত্ৰ ।
ল’ ৰাডাৰ ছিগনেচাৰ: ইয়াক লুকাই লুকাই আক্ৰমণ কৰিব পৰা বৈশিষ্ট্যৰ সৈতে ডিজাইন কৰা হৈছে, যাৰ ফলত ই শত্ৰুৰ ৰাডাৰৰ বাবে অদৃশ্য হৈ পৰে ।
যুঁজাৰু বিমানৰ পৰা নিক্ষেপ: যুদ্ধ বিমানত একেলগে দুটা ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিব পাৰি, যাৰ ফলত একেটা শ্বুটত দুটা ভিন্ন লক্ষ্যত আক্ৰমণ কৰাটো সম্ভৱ হয় ।
সেনা, বায়ুসেনা আৰু নৌসেনাৰ বাবে উপযোগী: এই মিছাইলটো আকাশমাৰ্গৰ পৰা নিক্ষেপ কৰা, স্থলভিত্তিক আৰু জাহাজভিত্তিক সংস্কৰণত উপলব্ধ হ’ব । ইয়াৰ অৰ্থ হ’ল প্ৰতিটো ফ্ৰণ্টতে – মাটি, পানী আৰু আকাশত সমান মাৰাত্মক শক্তি হিচাপে ই কাম কৰিব ।