শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুৰণি মোবাইল এক্সেঞ্জ কৰি নতুন মোবাইল ল’ব খোজে নেকি? সাৱধান, তাৰ পূৰ্বে এনে নকৰিলেই বিপদ

এক্সেঞ্জৰ দৰে ব্যৱস্থাৰ জৰিয়তে নতুন ফোন ক্ৰয়ৰ ক্ষেত্ৰত দেখা দিয়া খৰচৰ চিন্তা যদিও হ্ৰাস পায়, ইয়াৰ ফলত সমস্যা বৃদ্ধিৰো আশংকা থাকে। অৱশ্যে কিছুমান সঠিক পদক্ষেপ গ্ৰহণ কৰিলে এক্সেঞ্জক লৈ দেখা দিব পৰা সমস্যাৰ কোনো শংকা নাথাকে।

পুৰণি মোবাইল এক্সেঞ্জ কৰি নতুন মোবাইল ল’ব খোজে নেকি? সাৱধান, তাৰ পূৰ্বে এনে নকৰিলেই বিপদ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 01 Sep 2025 15:48 PM

সময় আগবঢ়াৰ লগে লগে প্ৰায় প্ৰতিটো মোবাইল নিৰ্মাতা কোম্পানীয়ে নিত্য নতুন অত্যাধুনিক প্ৰযুক্তি উপলব্ধ মোবাইল বজাৰত মুকলি কৰে। এই আধুনিক সুবিধাযুক্ত মোবাইল ক্ৰয়ৰ আশা প্ৰায় অধিকাংশ লোকৰে থাকে। পিছে এইক্ষেত্ৰত বহুসময়ত বাধা হৈ পৰে বাজেট। পিছে এতিয়া এই দিশতো সকাহৰ নানা পথ গ্ৰাহকৰ বাবে উপলব্ধ। মাহিলী হাৰত ধন পৰিশোধৰ বাবে EMIৰ লগতে এক্সেঞ্জৰ সুবিধাৰ জৰিয়েতেও গ্ৰাহকে নিজৰ ইচ্ছা পূৰণ কৰিব পাৰে।

এক্সেঞ্জৰ দৰে ব্যৱস্থাৰ জৰিয়তে নতুন ফোন ক্ৰয়ৰ ক্ষেত্ৰত দেখা দিয়া খৰচৰ চিন্তা যদিও হ্ৰাস পায়, ইয়াৰ ফলত সমস্যা বৃদ্ধিৰো আশংকা থাকে। অৱশ্যে কিছুমান সঠিক পদক্ষেপ গ্ৰহণ কৰিলে এক্সেঞ্জক লৈ দেখা দিব পৰা সমস্যাৰ কোনো শংকা নাথাকে।

বহু সময়ত পুৰণি মোবাইলত ভুলবশতঃ গুৰুত্বপূৰ্ণ তথ্য, ছবি বা ব্যক্তিগত তথ্য থাকি যাব পাৰে, ইয়াৰ ফলত পিছলৈ আপোনাৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিপদৰ সৃষ্টি হ’ব পাৰে। গতিকে, মোবাইল এক্সেঞ্জ কৰাৰ পূৰ্বে কিছুমান কথা ভালদৰে পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। চাওঁ আহক এই বিষয়ে-

১) ডাটা বেকআপঃ প্ৰথমে পুৰণি মোবাইলত থকা সকলো ডাটাৰ বেকআপ লওক। ফটো, ভিডিঅ’, মোবাইল নম্বৰ, যিকোনো ডিজিটেল নথিপত্ৰ, অডিঅ’ ৰেকৰ্ডিং আদি গুগল ড্ৰাইভ, আইক্লাউড বা পেন ড্ৰাইভ/লেপটপত বেকআপ কৰক। ইয়াৰ দ্বাৰা নতুন ফোনলৈ সকলো তথ্য সহজে ট্ৰেন্সফাৰ কৰিব পাৰিব।

২) চিম আৰু মেমৰি কাৰ্ড খুলি লওকঃ বহু সময়ত খৰখেদাৰ বাবে চিম কাৰ্ড বা মেমৰি কাৰ্ড ফোনতে থাকি যাব পাৰে। তেনে পৰিস্থিতিত এক্সেঞ্জ কৰা মোবাইলটো যদি আন কাৰোবাৰ হাতত পৰে,আপোনাৰ ব্যক্তিগত তথ্যৰ অপব্যৱহাৰৰ আশংকা থাকে। গতিকে, ফোনটো দিয়াৰ পূৰ্বে চিম আৰু মেম’ৰী কাৰ্ডখন খুলি লওক।

৩) সকলো একাউণ্টৰ পৰা লগ আউটঃ ফোনত জিমেইল, ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ, বেংকিং এপ বা শ্বপিং এপৰ ​​পৰা লগ আউট কৰি লওক। অন্যথা পিছত আপোনাৰ ব্যক্তিগত তথ্য আন কোনোবাই ব্যৱহাৰ কৰিব পাৰে। মোবাইলৰ পৰা গুগল একাউণ্ট আঁতৰোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ।

৪) ফেক্টৰী ৰিছেটঃ সকলো তথ্য ডিলিট কৰাৰ বাবে ফেক্টৰী ৰিছেট হৈছে আটাইতকৈ ফলপ্ৰসূ পদ্ধতি। কিন্তু তাৰ পূৰ্বে বেকআপ সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰক। ৰিছেট কৰিলে ফোনটো নতুনৰ দৰে হৈ পৰিব আৰু আপোনাৰ ব্যক্তিগত তথ্য আন কাৰো হাতত নপৰে।

৫) IMEI নম্বৰঃ পুৰণি ফোনটোৰ IMEI নম্বৰ লিখি থওক। ভৱিষ্যতে কোনো সমস্যাৰ সৃষ্টি হ’লে এই IMEI নম্বৰৰ প্ৰয়োজন হ’ব পাৰে। লগতে ফোনটোৰ ডিছপ্লে’, চাৰ্জাৰ, হেডফোন, বক্স আদি ভাল অৱস্থাত আছে নে নাই পৰীক্ষা কৰক।

৬) বেংকিং আৰু পেমেণ্ট এপ ডিলিট কৰকঃ মোবাইলৰ পৰা গুগল পে’, ফোন পে’, পে’টিএম, বেংকিং এপ আদি সম্পূৰ্ণৰূপে আনইনষ্টল কৰক। কেতিয়াবা ফোনটো ৰিছেট নকৰিলে কেচ ডাটা বা চেভ কৰা পাছৱৰ্ড থাকিব পাৰে, ই আপোনাৰ বাবে সমস্যা হৈ পৰিব পাৰে।

৭) এপ হিষ্ট্ৰী ডিলিট কৰকঃ এক্সেঞ্জ কৰাৰ পূৰ্বে ফোনটোৰ পৰা সকলো সঠিকভাৱে ডিলিট হৈছে নে চাওক। হোৱাটছ্এপ, গেলেৰী, ব্ৰাউজাৰৰ হিষ্ট্ৰী সকলো ডিলিট হৈছে নে পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ।

৮) সঠিক ডিলাৰ বা অফিচিয়েল এক্সেঞ্জঃ ফোন এক্সেঞ্জ নিশ্চিতভাৱে নিৰ্ভৰযোগ্য ষ্ট’ৰ, ব্ৰেণ্ড শ্ব’ৰুম বা অফিচিয়েল অনলাইন প্লেটফৰ্মত কৰিব লাগে। সন্দেহজনক স্থানত দিলে প্ৰায়ে দাম কম হ’ব পাৰে বা নিৰাপত্তাৰ ক্ষেত্ৰত বিপদৰ সৃষ্টি হ’ব পাৰে।