গুৰুত্বহীন হ’ব নেকি Microsoft? ChatGPT ৰ এই নতুন বৈশিষ্ট্যই সহজ কৰিব আপোনাৰ কাম!
OpenAI এ ChatGPT ত এনে বৈশিষ্ট যোগ কৰাৰ পৰিকল্পনা কৰিছে যিয়ে ব্যৱহাৰকাৰীসকলক চেট পৃষ্ঠাৰ পৰাই প্ৰেজেণ্টেচন আৰু স্প্ৰেডশ্বীট সৃষ্টি কৰিবলৈ অনুমতি দিব। এই ফাইলসমূহ মুক্ত উৎসৰ ফৰ্মেট ব্যৱহাৰ কৰি সৃষ্টি কৰা হ’ব, যি Microsoft Office ৰ সৈতে সম্পূৰ্ণৰূপে সামঞ্জস্যপূৰ্ণ হ’ব।

OpenAI ৰ জনপ্ৰিয় AI চেটবট এতিয়া আৰু কেৱল আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াতে সীমাবদ্ধ নাথাকে। কোম্পানীটোৱে অতি সোনকালে Microsoft ৰ Excel আৰু PowerPoint ৰ দৰে সঁজুলিৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সাজু হৈছে, ইয়াৰ বাবে কোম্পানীটোৱে ChatGPT ত এনে কিছুমান বৈশিষ্ট্য যোগ কৰিবলৈ ওলাইছে যিয়ে আপোনাৰ Excel আৰু PowerPoint ৰ দৰে কামবোৰ অতি সোনকালে কৰি দিব। ChatGPT ত নতুন বৈশিষ্ট্য সংযোজন কৰাৰ পিছত শিশুৰ বাবে স্কুলৰ কাম আৰু আন মানুহৰ বাবে অফিচৰ কাম কৰাটো বহুত সহজ হৈ পৰিব।
Spreadsheet আৰু Presentation কেনেকৈ প্ৰস্তুত কৰিব?
The Information ৰ এক প্ৰতিবেদন অনুসৰি, OpenAI এ ChatGPT ত এনে বৈশিষ্ট যোগ কৰাৰ পৰিকল্পনা কৰিছে যিয়ে ব্যৱহাৰকাৰীসকলক চেট পৃষ্ঠাৰ পৰাই প্ৰেজেণ্টেচন আৰু স্প্ৰেডশ্বীট সৃষ্টি কৰিবলৈ অনুমতি দিব। এই ফাইলসমূহ মুক্ত উৎসৰ ফৰ্মেট ব্যৱহাৰ কৰি সৃষ্টি কৰা হ’ব, যি Microsoft Office ৰ সৈতে সম্পূৰ্ণৰূপে সামঞ্জস্যপূৰ্ণ হ’ব। বিভিন্ন প্ৰগ্ৰেমৰ বাবে বিভিন্ন এপলৈ যোৱাৰ চাপো শেষ হ’ব, কাৰণ ChatGPT ত আপুনি চাৰ্ট, টেবুল, স্লাইড তৈয়াৰ কৰিবলৈ বুটাম পাব আৰু আপোনাক ষ্টেপ বাই ষ্টেপ গাইড কৰা হ’ব।
ChatGPT ত অহা এই নতুন বৈশিষ্টসমূহে সহজে আৰু দ্ৰুতভাৱে কাম কৰিব পাৰিব আৰু ই মানুহক Microsoft 365 ৰ ব্যয়বহুল চাবস্ক্ৰিপচনৰ পৰা হাত সাৰিবলৈ সহায় কৰিব। OpenAI এ এনে AI চালিত ব্যৱস্থাৰ ওপৰত কাম কৰি আছে যিয়ে কেৱল স্প্ৰেডশ্বীট আৰু প্ৰেজেণ্টেচন তৈয়াৰ কৰাতেই নহয়, সভাৰ সময়সূচী, প্ৰতিবেদন তৈয়াৰ কৰা আৰু আনকি মৌলিক ৱেব ভিত্তিক কাৰ্যসমূহতো সহায় কৰিব।
লোকচানৰ সন্মুখীন হ’ব পাৰে মাইক্ৰ’ছফট
যদি এই AI এজেন্ট সফল হয়, ChatGPT এ এটা ভাৰ্চুৱেল উৎপাদনশীলতা সহায়ক হিচাপে আত্মপ্ৰকাশ কৰিব, যিয়ে কৰ্পৰেট কামত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে। যদিও OpenAI-এ কোনো অফিচিয়েল লঞ্চ টাইমলাইন দিয়া নাই, কিন্তু এই সঁজুলিটো মাইক্ৰ’ছফ্টৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিব পাৰে যাৰ ব্যৱসায়িক মডেল বহুলাংশে চফ্টৱেৰ চাবস্ক্ৰিপচনৰ ওপৰত নিৰ্ভৰশীল।
এই সঁজুলিবোৰৰ কিছু সীমাবদ্ধতা থাকিব
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৰ্তমানৰ প্ৰ’ট’টাইপটোৰ কিছু সীমাবদ্ধতা আছে, যেনে বাস্তৱ সময়ৰ সহযোগিতা, গতি আৰু ক্লাউড সংৰক্ষণৰ দৰে বৈশিষ্ট্যৰ অনুপলব্ধতা, যিয়ে আৰম্ভণিতে ব্যৱহাৰকাৰীৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিন্তু যদি OpenAI এ এই সকলো সমস্যা অতিক্ৰম কৰে তেন্তে ChatGPT এ এটা উৎপাদনশীল প্লেটফৰ্ম হিচাপে আত্মপ্ৰকাশ কৰিব।