শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

BSNLৰ বাম্পাৰ অফাৰ, নৱবৰ্ষৰ ৰিচাৰ্জ প্লেনে সহায় কৰিব আপোনাক!

BSNL's New Year Plan: ৰিলায়েন্স জিঅ’, এয়াৰটেল অথবা ভোডাফোন-আইডিয়াৰ দৰে টেলিকম কোম্পানীয়ে ৰিচাৰ্জ প্লেনৰ মূল্য বৃদ্ধিৰ পৰিকল্পনা কৰাৰ সময়তে বিএছএনএলে আনিছে কম মূল্যৰ প্লেন। এতিয়া বিনামূলীয়া ডাটাৰ লগতে বিএছএনএল ৰিচাৰ্জত অ’টিটি চোৱাৰ সুবিধাও পাব।

BSNLৰ বাম্পাৰ অফাৰ, নৱবৰ্ষৰ ৰিচাৰ্জ প্লেনে সহায় কৰিব আপোনাক!
barasha-misra
Barasha Misra | Published: 27 Dec 2025 13:47 PM

BSNLৰ বাম্পাৰ অফাৰ। দেশৰ চৰকাৰী টেলিকম কোম্পানীয়ে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ লৈ আহিছে নানা ধৰণৰ ৰিচাৰ্জ প্লেন। বি এছ এন এলৰ নৱবৰ্ষৰ পৰিকল্পনাই আটাইতকৈ বেছি দৃষ্টি আকৰ্ষণ কৰিছে। বিএছএনএলে সামাজিক মাধ্যমত পোষ্ট কৰি নতুন ৰিচাৰ্জ প্লেন ঘোষণা কৰিছে। ইয়াৰ দ্বাৰা আপুনি কি লাভ পাব জানেনে?

ৰিলায়েন্স জিঅ’, এয়াৰটেল বা ভোডাফোন-আইডিয়াৰ দৰে টেলিকম কোম্পানীয়ে ৰিচাৰ্জ প্লেনৰ মূল্য বৃদ্ধিৰ পৰিকল্পনা কৰাৰ বিপৰীতে বিএছএনএলে কম মূল্যত অধিক সেৱাৰ ৰিচাৰ্জ প্লেন আনিছে। এতিয়া বিনামূলীয়া ডাটাৰ লগতে বিএছএনএল ৰিচাৰ্জত অ’টিটিৰো সুবিধা পাব ।

কিন্তু মনত ৰাখিব, এই বি এছ এন এলৰ নৱবৰ্ষৰ পৰিকল্পনাৰ সুবিধাসমূহ ২০২৬ চনৰ ৩১ জানুৱাৰীলৈকেহে উপলব্ধ হ’ব।

কি কি সুবিধা পাব?

বি এছ এন এলৰ নৱবৰ্ষৰ পৰিকল্পনাত আপোনাৰ বেছিক ৰিচাৰ্জ প্লেনটো মনোৰঞ্জনৰ পেকেজলৈ সলনি কৰা হ’ব। মাত্ৰ ২৫১ টকাৰ ৰিচাৰ্জত ১০০ জিবি হাই স্পীড ডাটা পাব। ৩০ দিনৰ বাবে আনলিমিটেড কলিং, ১০০ বিনামূলীয়া SMS সকলো। ইয়াৰ লগতে ৪০০ টা লাইভ টিভি চেনেল চোৱাৰ সুবিধাও পাব। পিছে ইয়াতেই শেষ নহয়, এই ৰিচাৰ্জৰ জৰিয়তে আপুনি JioHotstar , SonyLIVকে ধৰি ২৩টা OTT প্লেটপৰ্মৰ সুবিধাও পাব।

২২৫ টকা ৰিচাৰ্জ কৰিলে প্ৰতিদিনে ৩জিবি ডাটা পোৱা যাব। ৩৪৭ আৰু ৪৮৫ টকীয়া প্লেনত প্ৰতিদিনে ২.৫জিবি ডাটা পোৱা যাব। আনহাতে ২৩৯৯ টকীয়া বাৰ্ষিক ৰিচাৰ্জ প্লেনে আপোনাক দিব প্ৰতিদিনে ২.৫জিবি ডাটা।