লেহেমীয়া হৈ পৰিছে নেকি মোবাইলৰ নেটৱৰ্ক? এই ৫টা সহজ পদ্ধতি অনুসৰণ কৰক…
কেতিয়াবা ফোনত এটা সৰু চেটিং বা জমা হোৱা ধূলি এই সমস্যাৰ প্ৰকৃত কাৰণ হ’ব পাৰে। এই ক্ষেত্ৰত এনে ৫টা ফলপ্ৰসূ উপায়ৰ বিষয়ে জানো আহক, যিবোৰ অনুসৰণ কৰিলে আপোনাৰ ফোনটোৰ নেটৱৰ্ক সংকেত শক্তিশালী হ’ব।
এয়া ২০২৬ চন, যি সময়ত প্ৰযুক্তিয়ে আকাশ চুমিছে, সেই সময়তো মোবাইল নেটৱৰ্কে কেতিয়াবা আমাক আদিম যুগৰ কথা মনত পেলাই দিয়ে। কেতিয়াবা যদি কথা পাতি থাকোঁতে কলটো বিচ্ছিন্ন হৈ পৰে, আকৌ কেতিয়াবা জৰুৰী ইমেইল পঠোৱাৰ সময়ত ইণ্টাৰনেটে কাম নকৰে। এনে সমস্যা প্ৰায়ে দেখা দিয়ে। বহুতে ইয়াৰ বাবে চিম কোম্পানী বা ইণ্টাৰনেট প্ৰদানকাৰীক দোষাৰোপ কৰে। কিন্তু সকলো সময়তে তেওঁলোকৰ দোষ নাথাকে।
কেতিয়াবা ফোনত এটা সৰু চেটিং বা জমা হোৱা ধূলি এই সমস্যাৰ প্ৰকৃত কাৰণ হ’ব পাৰে। এই ক্ষেত্ৰত এনে ৫টা ফলপ্ৰসূ উপায়ৰ বিষয়ে জানো আহক, যিবোৰ অনুসৰণ কৰিলে আপোনাৰ ফোনটোৰ নেটৱৰ্ক সংকেত শক্তিশালী হ’ব।
১/ এয়াৰপ্লেন মোড অন কৰি নেটৱৰ্ক ৰিছেট কৰক-
এইটো হৈছে আটাইতকৈ পুৰণি আৰু ফলপ্ৰসূ পদ্ধতি। যেতিয়াই আপুনি দেখিব যে আপোনাৰ ফোনত চিগনেল কমিছে বা নেটৱৰ্ক পোৱা নাই, তেতিয়াই এয়াৰপ্লেন মোড (Airplane Mode) অন কৰক। প্ৰায় ১৫ ছেকেণ্ড অপেক্ষা কৰি আকৌ বন্ধ কৰক। ইয়াৰ ফলত আপোনাৰ ফোনটো ওচৰৰ নেটৱৰ্ক টাৱাৰৰ সৈতে পুনৰ সংযোগ হ’ব আৰু সংকেত শক্তিশালী হ’ব।
২/ ফোন ৰিষ্টাৰ্ট (Restart) কৰক-
মানুহক ভাগৰুৱা অৱস্থাত যেনেকৈ টোপনিৰ প্ৰয়োজন হয়, তেনেকৈ ফোনটোও কেতিয়াবা Restart কৰিব লাগে। যদি Airplane mode কাম নকৰে, তেন্তে ফোনটো Restart কৰক। ইয়াৰ ফলত ফোনটোৰ হাৰ্ডৱেৰ সতেজ হয় আৰু ফোনটোৱে পুনৰ আটাইতকৈ শক্তিশালী নেটৱৰ্ক টাৱাৰ বিচাৰি পায়।
৩/ Auto বা 5G নহয়, সঠিক নেটৱৰ্ক বাছনি কৰক
বহুতে নিজৰ ফোনটো 5G বা Auto Modeত ৰাখে। কিন্তু বাস্তৱত 5জি নেটৱৰ্ক এতিয়াও বহু ক্ষেত্ৰত দুৰ্বল। ফলত বাৰে বাৰে নেটৱৰ্ক সলনি হোৱা বাবে ফোনটোৱে সংকেত হেৰুৱাই পেলায়। যদি আপোনাৰ অঞ্চলত 5G সঠিকভাৱে কাম কৰা নাই, তেন্তে ছেটিংছলৈ যাওক আৰু নেটৱৰ্ক মোডত ক্লিক কৰক। এতিয়া 4G/LTE মেনুৱেলি ছেট কৰক। ইয়াৰ ফলত কল আৰু ইণ্টাৰনেট বহুত বেছি সুস্থিৰ হ’ব।
৪/ চিম কাৰ্ড পৰিষ্কাৰ কৰক-
আপুনি জানেনে, চিম কাৰ্ডত জমা হোৱা ধূলিয়েও নেটৱৰ্কৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ফোনটো বন্ধ কৰি চিম কাৰ্ডখন উলিয়াই লওক। কোমল শুকান কাপোৰেৰে লাহে লাহে পৰিষ্কাৰ কৰি পুনৰ সুমুৱাই দিব। এই সৰু কামটোৱে প্ৰায়ে নেটৱৰ্ক উন্নত কৰে।
৫/ ডাঠ বেৰ আৰু বন্ধ কোঠা-
মোবাইল চিগনেল সহজে ডাঠ বেৰ বা কংক্ৰিটৰ ভিতৰত সোমাব নোৱাৰে। যদি আপুনি বেছমেণ্ট, লিফ্ট বা ডাঠ বেৰ থকা কোঠাত থাকে, তেন্তে নেটৱৰ্ক দুৰ্বল হোৱাটো স্বাভাৱিক। উন্নত নেটৱৰ্কৰ বাবে খিৰিকীৰ ওচৰলৈ যাওক বা মুকলি কোঠাত বহিব। কেতিয়াবা, কেৱল কোঠাটোৰ এটা চুকৰ পৰা আন এটা চুকলৈ গ’লে ইণ্টাৰনেটৰ গতি বৃদ্ধি পায়।