শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সাৱধান, OTP অবিহনেই হেকাৰে খালী কৰিব আপোনাৰ একাউণ্ট! এনে দিশত মন নিদিলেই ভুগিব আপুনি

সাধাৰণতে অধিকাংশ সময়তে এনে দুষ্ট চক্ৰই অ’টিপিৰ জৰিয়তে চলায় লুণ্ঠন। কিন্তু এতিয়া এই দুষ্ট চক্ৰসমূহে সাধাৰণ লোকসকলৰ একাউণ্ট খালী কৰাৰ নতুন নতুন উপায় উদ্ভাৱন কৰিছে। অ’টিপিৰ প্ৰয়োজন নোহোৱাকৈয়ে এনে চক্ৰই যিকোনো ব্যক্তিৰ একাউণ্টৰ পৰা লুটি নিছে জমা ধন।

সাৱধান, OTP অবিহনেই হেকাৰে খালী কৰিব আপোনাৰ একাউণ্ট! এনে দিশত মন নিদিলেই ভুগিব আপুনি
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 28 Aug 2025 17:43 PM

শেহতীয়া সময়ছোৱাত দেশত সংঘটিত হৈছে অনলাইন প্ৰৱঞ্চনাৰ বহু ঘটনা দুষ্ট চক্ৰৰ জালত পৰি বহু লোকে হেৰুৱাইছে বেংকত জমা কৰা নিজৰ সমুদায় ধন চাইবাৰ প্ৰৱঞ্চকৰ এনে জালৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে গ্ৰহণ কৰিছে বহু পদক্ষেপ গণসজাগতা কাৰ্যসূচীৰ জৰিয়তে সকলোকে এনে ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে তথাপি দুষ্ট চক্ৰৰ বলি হৈছে বহু লোক প্ৰলোভন, অজ্ঞানতা আদি কাৰণত চাইবাৰ প্ৰৱঞ্চকে নানা পন্থাৰে পেলোৱা প্ৰৱঞ্চনাৰ জালত ভৰি দিয়ে লোকসকলে

সাধাৰণতে অধিকাংশ সময়তে এনে দুষ্ট চক্ৰই টিপিৰ জৰিয়তে চলায় লুণ্ঠন কিন্তু এতিয়া এই দুষ্ট চক্ৰসমূহে সাধাৰণ লোকসকলৰ একাউণ্ট খালী কৰাৰ নতুন নতুন উপায় উদ্ভাৱন কৰিছে টিপিৰ প্ৰয়োজন নোহোৱাকৈয়ে এনে চক্ৰই যিকোনো ব্যক্তিৰ একাউণ্টৰ পৰা লুটি নিছে জমা ধন

বৰ্তমান সময়ত প্ৰায়বোৰ বেংকেই গ্ৰাহকসকল একাউণ্টৰ সৈতে আধাৰ কাৰ্ডৰ সংযোগ বাধ্যতামূলক কৰিছে আধাৰ কাৰ্ডৰ সিতে সংযোগ থকাৰ বাবে একাউণ্টৰ পৰা বায়’মেট্ৰিক স্কেন যেনে ফিংগাৰপ্ৰিণ্ট বা আইৰিছ স্কেনৰ জৰিয়তে ধন উলিয়াব পাৰি। এতিয়া চাইবাৰ প্ৰৱঞ্চকে ইয়াৰ সুযোগ লৈ চলাইছে লুটপাত

শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে ঝাৰখণ্ডত প্ৰৱঞ্চকে এটিএম কাৰ্ড আৰু অ’টিপি অবিহনেই এগৰাকী মহিলাৰ বেংক একাউণ্টৰ পৰা উলিয়াই নিয়ে ১০ হাজাৰ টকা। প্ৰকাশিত খবৰ অনুসৰি ঝাৰখণ্ডৰ গড়হোৱা জিলাত দুষ্ট চক্ৰই মহিলাগৰাকীক পিএম কিষাণ যোজনাৰ সুবিধা লাভ কৰাত সহায় কৰাৰ প্ৰলোভন দেখুৱায়।

প্ৰৱঞ্চকে জালিয়াতিৰে মহিলাগৰাকীৰ চকু স্কেন কৰি বেংক একাউণ্টৰ পৰা ধন উলিয়ায় নিয়ে। পিছত মহিলাগৰাকীয়ে বেংকলৈ গৈ একাউণ্টৰ পৰা জমা ধনখিনি উলিয়াই নিয়া বুলি জানিব পাৰে আৰু লগে লগে জালিয়াতিৰ কথা জানিব পাৰে। প্ৰৱঞ্চকে মহিলাগৰাকীৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰি তেওঁৰ বেংক একাউণ্ট বিচাৰি উলিয়ায় আৰু তাৰ পিছত মহিলাগৰাকীৰ অজ্ঞাতে চকু স্কেন কৰি ধন উলিয়ায়।

গতিকে চাইবাৰ প্ৰৱঞ্চনাৰ পৰা ৰক্ষা পৰিবলৈ এতিয়া আধাৰ কাৰ্ড ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হোৱা প্ৰয়োজন আপোনাৰ আধাৰ কাৰ্ডৰ দৰে ব্যক্তিগত নথি-পত্ৰ আন কোনো লোকক দিয়াৰ পৰা বিৰত থাকক যদি আপুনি অতি প্ৰয়োজনীয় কাৰণত আধাৰ কাৰ্ড দিবলগা হয়, তেতিয়া ভাৰ্চুৱেল আধাৰ নম্বৰ ব্যৱহাৰ কৰক এই ভাৰ্চুৱেল আধাৰ নম্বৰ আপুনি UIDAI ৰ ৱেবছাইটৰ জৰিয়তে ডাউনলোড কৰিব পাৰে।

UIDAI ৰ ৱেবছাইটত কাৰ্ডত থকা বায়’মেট্ৰিক তথ্য লক কৰিবলৈও সুবিধা দিয়া হৈছে। অৰ্থাৎ আপোনাৰ ডাটা লাভৰ বাবে আন কোনো লোকে আপোনাৰ ফিংগাৰপ্ৰিণ্ট বা আইৰিছ স্কেন ব্যৱহাৰ কৰিব নোৱাৰিব। কিন্তু আপুনি প্ৰতিবাৰ বায়মেট্ৰিক সেৱা ব্যৱহাৰ কৰাৰ সময়ত নিজাকৈ আনলক কৰিব লাগিব আৰু ব্যৱহাৰৰ পিছত পুনৰ লক কৰিব লাগিব।