১০ হাজাৰ ভিতৰত ক্ৰয় কৰক 5G স্মাৰ্টফোন, মুকলি হ’ল Moto G45 5G, চাওক ইয়াৰ বিশেষত্ব কি ?
মটৰ’লাই মুকলি কৰিলে Moto G45 5G । এই মটৰ’লা স্মাৰ্টফোনৰ 4GB/128GB ভেৰিয়েন্টৰ মূল্য 10,999 টকা । একে সময়তে যদি আপুনি 8GB/128GB ৰ সৈতে এই ফোনটোৰ টপ ভেৰিয়েন্ট ক্ৰয় কৰে, তেন্তে এই ভেৰিয়েন্টৰ বাবে আপুনি 12,999 টকা খৰচ কৰিব লাগিব।
কম বাজেটত ক্ৰয় কৰিব পৰাকৈ মটৰ’লাই মুকলি কৰিলে Moto G45 5G । এই স্মাৰ্টফোনটোত কেইবাটাও গুৰুত্বপূৰ্ণ বৈশিষ্ট দেখা গৈছে । এই স্মাৰ্টফোনটোত গ্ৰাহকে লাভ কৰিব 8 GB ভাৰ্চুৱেল ৰেম সমৰ্থন, 50 মেগাপিক্সেল ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ আৰু শক্তিশালী বেটাৰী।
দুটা চিম সমৰ্থন কৰা এই 5G স্মাৰ্টফোনটোত এণ্ড্ৰইড 14 ত কাম কৰে আৰু ইয়াক এণ্ড্ৰইড 15 লৈ আপগ্ৰেড কৰিব পাৰিব । এই মটৰ’লা স্মাৰ্টফোনৰ 4GB/128GB ভেৰিয়েন্টৰ মূল্য 10,999 টকা । একে সময়তে যদি আপুনি 8GB/128GB ৰ সৈতে এই ফোনটোৰ টপ ভেৰিয়েন্ট ক্ৰয় কৰে, তেন্তে এই ভেৰিয়েন্টৰ বাবে আপুনি 12,999 টকা খৰচ কৰিব লাগিব।
এই ফোনটোৰ বিক্ৰী অহা ২৮ আগষ্টৰ দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ’ব । কোম্পানীটোৰ অফিচিয়েল চাইটৰ বাহিৰেও, ফ্লিপকাৰ্টত ফোনটো অৰ্ডাৰ কৰিব পাৰিব । যদি আপুনি এক্সিছ বা আইডিএফচি বেংকৰ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে EMI ত ক্ৰয় কৰে তেন্তে আপুনি 1000 টকাৰ ৰেহাই পাব। বেংক কাৰ্ডৰ ৰেহাইৰ সুবিধা লাভ কৰাৰ পিছত এই ফোনটোৰ বেচ ভেৰিয়েন্ট 9,999 টকাত পাব । কিন্তু এই অফাৰৰ সুবিধা ১০ ছেপ্টেম্বৰলৈকেহে লাভ কৰিব পাৰিব।
Be Fast, Be Wow with the all new #MotoG45 5G! ✨🤳🏻
Feel the power in your hands with lightning-fast 5G speed powered by the Snapdragon® 6s Gen 3 octa-core processor.
Sale starts Aug 28, starting at ₹9,999* @Flipkart, https://t.co/azcEfy1Wlo & leading stores.#FastNWow
— Motorola India (@motorolaindia) August 21, 2024
Moto G45 5G স্পেচিফিকেশন
ডিছপ্লে: এই ফোনত 6.5 ইঞ্চি এইচডি প্লাছ এলচিডি ডিছপ্লে আছে । যিয়ে 240 হাৰ্টজ টাচ্চ চেম্পলিং ৰেট আৰু 120 হাৰ্টজ এডাপ্টিভ ৰিফ্ৰেছ ৰেট সমৰ্থন কৰে। কোম্পানীটোৱে স্ক্ৰীণ প্ৰটেকচনৰ বাবে ব্যৱহাৰ কৰিছে কৰ্নিং গৰিলা গ্লাছ 3।
প্ৰচেছৰ: গতি আৰু মাল্টিটাস্কিঙৰ বাবে মটৰ’লা এই স্মাৰ্টফোনত কোৱালকম স্নেপড্ৰেগন 6 এছ জেনেৰেচন 3 প্ৰচেছৰ ব্যৱহাৰ কৰা হৈছে।
ৰেম: যদিও ফোনটোত 4জিবি আৰু 8 জিবি ৰেম বিকল্প আছে । তথাপিও 8 জিবি ভাৰ্চুৱেল ৰেমৰ সহায়ত 16 জিবিলৈ ৰেম বৃদ্ধি কৰিব পাৰিব ।
কেমেৰা ছেটআপ: ফোনটোৰ পিছফালে 50 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা চেন্সৰৰ লগতে 2 মেগাপিক্সেলৰ মেক্ৰ’ কেমেৰা দিয়া হৈছে। ফোনটোৰ সন্মুখত 16 মেগাপিক্সেলৰ চেলফি কেমেৰা চেন্সৰ আছে ।
বেটাৰী: 5000mAh বেটাৰী প্ৰদান কৰা এই ফোনটোত 20W ফাষ্ট চাৰ্জ সমৰ্থন কৰে।