Nano Banana: সামাজিক মাধ্য়মত মুখ্য়মন্ত্ৰীয়েও শ্বেয়াৰ কৰিছে নিজৰ থ্ৰীডি মডেল, কেনেকৈ এই মডেল প্ৰস্তুত কৰিব জানি লওক সবিশেষ
এই নতুন ভাইৰেল থ্ৰীডি ফিগাৰিং ট্ৰেণ্ডৰ মূলতে আছে গুগলৰ Gemini 2.5 ফ্লাছ ইমেজ টুল, যাক ছ’চিয়েল মিডিয়াত ইয়াৰ ডাকনাম “নেনো বানানা” (Nano Banana) বুলিও জনা যায়। এই শক্তিশালী AI টুলটোৱে যিকোনো ফটোক মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে প্ৰায় বাস্তৱিক দেখা 3D মডেললৈ ৰূপান্তৰিত কৰিব পাৰে।

প্ৰতিনিয়ত বিকশিত হৈ আছে AI প্লেটফৰ্মসমূহ আৰু প্ৰতিটো আপডেটৰ লগে লগে নতুন বৈশিষ্ট্যসমূহো আগবঢ়াইছে AI এ। এই আপডেটবোৰ চৰ্চালৈ অহাৰ লগে লগে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড হৈ পৰে। এইবাৰ ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড হৈ পৰিছে থ্ৰীডি ডিজিটেল মূৰ্তি প্ৰস্তুতৰ নতুন উন্মাদনা।
অনলাইনত ভাইৰেল হৈ পৰিছে ‘নেনো বানানা’ ট্ৰেণ্ড
এই নতুন ভাইৰেল থ্ৰীডি ফিগাৰিং ট্ৰেণ্ডৰ মূলতে আছে গুগলৰ Gemini 2.5 ফ্লাছ ইমেজ টুল, যাক ছ’চিয়েল মিডিয়াত ইয়াৰ ডাকনাম “নেনো বানানা” (Nano Banana) বুলিও জনা যায়। এই শক্তিশালী AI টুলটোৱে যিকোনো ফটোক মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে প্ৰায় বাস্তৱিক দেখা 3D মডেললৈ ৰূপান্তৰিত কৰিব পাৰে। টুলটো ব্যৱহাৰ কৰিবলৈ মুকলি হ’লেও ই যথেষ্ট বাস্তৱিক, হুবহু বা জীৱন্ত ছবি এখন প্ৰদান কৰে। যিয়ে মুখৰ অভিব্যক্তিৰ পৰা আৰম্ভ কৰি কাপোৰ আৰু আনকি বেকগ্ৰাউণ্ডৰ উপাদানলৈকে সকলো বৈশিষ্ট্য ধৰি ৰাখে।
ছ’চিয়েল মিডিয়াত নিজৰ থ্ৰীডি ফিগাৰ পোষ্ট কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে
বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ থ্ৰীডি মূৰ্তি পোষ্ট কৰি কয়, “ভাগিনসকলে যেতিয়া বাৰে বাৰে কৈ থাকিব–এই মামাই জানো সময় বা ট্ৰেণ্ডৰ সৈতে নচলাকৈ থাকিব পাৰে!” সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াই নিজৰ ফেচবুক একাউণ্টত এই থ্ৰীডি ফিগাৰ শ্বেয়াৰ কৰি লিখিছে “ভৱিষ্যত ইতিমধ্যেই থ্ৰীডি। মাত্ৰ ভাইববোৰো আছে নিশ্চিত হ’লোঁ।”
বলীউডৰ অনুৰাগীৰ পেজসমূহতো দেখা গ’ল এই ট্ৰেণ্ড। ইমৰাণ হাছমীৰ অনুগামীসকলে অভিনেতাগৰাকীৰ জীৱন্ত থ্ৰীডি সংস্কৰণ শ্বেয়াৰ কৰিলে, কেপচন দিলে, “OMI FEVER is taking over… in 3D।” বিৰাট কোহলীৰ অনুৰাগীয়েও কিং কোহলীৰ এনে থ্ৰীডি মূৰ্তি প্ৰস্তুত কৰি শ্বেয়াৰ কৰা দেখা গৈছে।
🔥 OMI FEVER is taking over… in 3D 🔥
The ultimate #OG brought to life, every angle, every detail ⚡@emraanhashmi as the most iconic figure 🖤#TheyCallHimOG #OMIFever #EmraanHashmi #3DFigure pic.twitter.com/l3sdGUVS8g— Emraanians (@Emraanians) September 8, 2025
এই টুলটোৰ ব্যৱহাৰকাৰী ভিত্তি অনুসৰি, ফলাফল আকৰ্ষণীয় আৰু ব্যৱহাৰকাৰীসকলে নিজৰ পোহনীয়া জন্তু, আপোনজন, আৰু তেওঁলোকৰ প্ৰিয় চেলিব্ৰিটি আৰু ৰাজহুৱা জীৱনৰ সৈতে জড়িত ব্যক্তিৰ মূৰ্তি তৈয়াৰ কৰিবলৈ উৎসাহী হৈ পৰিছে। এই ধাৰাটোৰ জনপ্ৰিয়তাৰ এটা কাৰণ হ’ল ই অতি সম্ভৱপৰ আৰু মাত্ৰ এটা প্ৰমপ্টৰ সহায়তে কৰিব পাৰি।
3D 👀 pic.twitter.com/mS1wvV49FF
— Cricket Picture that Goes Hard (@HardCricketpix) September 8, 2025
3D মডেল কেনেকৈ বনাব পাৰি?
- গুগল AI ষ্টুডিঅ’ ৱেবছাইট চাওক: https://aistudio.google.com/prompts/new_chat?model=gemini-2.5-flash-image-preview
- হোমপেজত বিকল্পটো বিচাৰিব: ‘Try Nano Banana’
- সেই বিকল্পটোত ক্লিক কৰি Gemini 2.5 ফ্লাছ ইমেজ খুলিব
- যদি আপুনি AI-সৃষ্ট কিবা এটা বিচাৰে তেন্তে আপোনাৰ পছন্দৰ যিকোনো প্ৰমপ্ট দিয়ক
- এটা কাষ্টমাইজড ফিগাৰৰ বাবে, ‘+’ বুটামত ক্লিক কৰক আৰু আপোনাৰ ছবিখন সন্নিবিষ্ট কৰক
- মূৰ্তিটো সৃষ্টি কৰিবলৈ 3D মডেল প্ৰমপ্ট চলাওক
- আপোনাৰ ফলাফলৰ বাবে নিম্নলিখিত প্ৰমপ্ট দিয়ক:
“A realistic 1/7 scale figurine of the pictured characters stands on a clear acrylic base atop a sleek wooden desk. The desk is tidy, with a monitor displaying the ZBrush sculpting process: showing wireframes, textures, and fine details. Beside it, a BANDAI-style toy box features vibrant 2D illustrations matching the figurine. Natural light from a nearby window casts soft shadows, highlighting the model’s textures and craftsmanship.” আপোনালোকৰ সুবিধাৰ বাবে প্ৰমপ্টটো ইংৰাজীত সন্নিৱিষ্ট কৰা হ’ল।
- এতিয়া ডাউনলোড কৰক আৰু আপোনাৰ পছন্দ অনুসৰি শ্বেয়াৰ কৰক।