মোদী চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক, বন্ধ হ’ল সহজে ধন ঘটাৰ প্ৰলোভন দেখুওৱা ২৪২টা ৱেবছাইট
চৰকাৰে স্পষ্ট কৰি দিছে যে আগলৈও এনে নীতি-বিৰুদ্ধ কাম কৰা ছাইটসমূহৰ ওপৰত কঠোৰ নজৰ ৰখা হ’ব আৰু কোনো কাৰণতে এইবোৰ সহ্য কৰা নহ’ব। সংসদত 'অনলাইন গেমিং বিল ২০২৫' গৃহীত হোৱাৰ পিছত চৰকাৰৰ হাতত অধিক ক্ষমতা আহি পৰিছে।
অনলাইন গেমিং আৰু জুৱাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে কেন্দ্ৰৰ শাসকীয় নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে। এইবাৰ কেন্দ্ৰীয় চৰকাৰে ২৪২ টা অবৈধ বেটিং আৰু গেম্বলিং ৱেবছাইট ব্লক কৰি দিছে। শেহতীয়াকৈ ‘মানি গেম’সমূহ নিষিদ্ধ কৰাৰ পিছত এতিয়া চৰকাৰে অবৈধভাৱে চলি থকা বেটিং ছাইটসমূহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি, এতিয়ালৈকে প্ৰায় ৭,৮০০ টাতকৈও অধিক এনে অবৈধ ৱেবছাইট বন্ধ কৰা হৈছে।
বিশেষকৈ অনলাইন গেমিং এক্ট পাছ হোৱাৰ পিছত চৰকাৰী কাৰ্যব্যৱস্থাৰ গতি অধিক খৰতকীয়া হৈ পৰিছে। চৰকাৰে প্ৰকাশ কৰা মতে, এই অবৈধ ৱেবছাইটবোৰে প্ৰধানকৈ যুৱ প্ৰজন্মক লক্ষ্য কৰি লৈছিল। টকাৰ প্ৰলোভনেৰে যুৱক-যুৱতীসকলক জুৱাৰ নিচাত পেলাই তেওঁলোকৰ আৰ্থিক আৰু সামাজিক ক্ষতি সাধন কৰিছিল।
যুৱকসকলক এই জালৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰে প্ৰযুক্তি আৰু আইন— দুয়োটাৰে আশ্ৰয় লৈছে। তথ্য অনুসৰি, ২০২২ চনৰ পৰা কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ১,৪০০ টাতকৈও অধিক অবৈধ বেটিং এপ আৰু ৱেবছাইট বন্ধ কৰাৰ নিৰ্দেশ দিছে।
চৰকাৰে স্পষ্ট কৰি দিছে যে আগলৈও এনে নীতি-বিৰুদ্ধ কাম কৰা ছাইটসমূহৰ ওপৰত কঠোৰ নজৰ ৰখা হ’ব আৰু কোনো কাৰণতে এইবোৰ সহ্য কৰা নহ’ব। সংসদত ‘অনলাইন গেমিং বিল ২০২৫’ গৃহীত হোৱাৰ পিছত চৰকাৰৰ হাতত অধিক ক্ষমতা আহি পৰিছে।
এই নতুন আইনখনৰ সহায়ত এতিয়া অবৈধ প্লেটফৰ্মসমূহ চিনাক্ত কৰি কম সময়ৰ ভিতৰতে ব্লক কৰা সম্ভৱ হৈছে। ‘অনলাইন গেমিং বিল ২০২৫’ৰ জৰিয়তে যি কঠোৰ নীতি নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে, ই ভৱিষ্যতে যুৱ প্ৰজন্মক বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰিব বুলি আশা কৰা হৈছে।