ভাৰতত উপলব্ধ এই বাহনে নৃত্য কৰে সংগীতৰ তালত, এই বাহনৰ দ্বাৰা ৪০ দিনত অভিলেখ ৰচিলে মহিন্দ্ৰাই
বৰ্তমান সময়ত প্ৰযুক্তিৰ যিদৰে উত্তৰণ ঘটিছে, তাৰ লগে লগে গাড়ীসমূহতো বিভিন্ন সুবিধা উপলব্ধ হৈছে । কিন্তু ভাৱকচোন আপোনাৰ গাড়ীখনে যদি কোনো সংগীতৰ লহৰত নৃত্য কৰিবলৈ ধৰে, তেন্তে কেনে লাগিব?

গাড়ীৰ প্ৰতি আমাৰ প্ৰায় সকলোৰে চখ থাকে । এখন ধুনীয়া গাড়ী কিনা বা চলোৱাৰ সপোন সকলো মানুহেই দেখে । বৰ্তমান সময়ত প্ৰযুক্তিৰ যিদৰে উত্তৰণ ঘটিছে, তাৰ লগে লগে গাড়ীসমূহতো বিভিন্ন সুবিধা উপলব্ধ হৈছে । কিন্তু ভাৱকচোন আপোনাৰ গাড়ীখনে যদি কোনো সংগীতৰ লহৰত নৃত্য কৰিবলৈ ধৰে, তেন্তে কেনে লাগিব?
ভাৰতৰ অন্যতম গাড়ী নিৰ্মাণ কোম্পানী মহিন্দ্ৰাই এনে এখন গাড়ী নিৰ্মাণ কৰিছে যিখনে গীতৰ তালত নৃত্য কৰে । এই এছ ইউ ভি বাহনখনক লৈ এতিয়া মানুহৰ মাজতো চৰ্চা হোৱা দেখা গৈছে । এই বিশেষ ফিচাৰ চীনৰ বি ৱাই ডি ইলেক্ট্ৰিক বাহনত দেখা গৈছিল । এতিয়া ভাৰততো উপলব্ধ হ’ব এই ডান্সিং কাৰ । মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই এনে এখন বাহন প্ৰস্তুত কৰি ৪০ দিনৰ ভিতৰত এক অভিলেখ ৰচনা কৰিছে । এই অভিলেখ বৰ্তমানলৈকে দেশত কোনো ইলেক্ট্ৰিক বাহন নিৰ্মাতা কোম্পানীয়ে ৰচিব পৰা নাই ।
আমি চৰ্চা কৰিবলৈ লোৱা এই ডান্সিং কাৰখন হৈছে Mahindra BE 6 । মহিন্দ্ৰাই অলপতে নিজৰ জানুৱাৰী-মাৰ্চৰ ত্ৰৈমাসিক ফলাফল প্ৰকাশ কৰিছে । এই ফলাফলত কোম্পানীটোৱে ইলেক্ট্ৰিক বাহন BE6 আৰু Mahindra XEV 9e ৰ বিক্ৰীৰ পৰিসংখ্যাই চকু কপালত তুলিছে সকলোৰে ।
মহিন্দ্ৰাৰ ইলেক্ট্ৰিক বাহনৰ অভিলেখ
মহিন্দ্ৰাই যোৱা বৰ্ষৰ শেষৰ ফালে নিজৰ দুখন ইলেক্ট্ৰিক বাহন BE6 আৰু XEV 9e বজাৰলৈ মুকলি কৰি দিছিল । ইয়াৰ ভিতৰত BE6 ৰ দাম ১৮.৯০ লাখ আৰু XEV 9e ৰ দাম ২১.৯০ লাখ । কোম্পানীটোৱে এই দুয়োখন ইলেক্ট্ৰিক বাহনৰ বুকিঙৰ প্ৰথম দিনটোতে ৩০,১৭৯ খন বাহনৰ অভিলেখ সংখ্যক বুকিং হয় । ইয়াৰ বুকিং মূল্য হৈছিল গৈ ৭,৪৭২ কোটি টকা ।
এতিয়া এই ইলেক্ট্ৰিক বাহনে আন এক নতুন অভিলেখ ৰচনা কৰিছে । মহিন্দ্ৰাই মাত্ৰ ৪০ দিনত এই দুয়োখন ইলেক্ট্ৰিক বাহনৰ ৬৩০০ ইউনিট ডেলিভাৰী কৰিছে । কোম্পানীটোৱে এই দুয়োখন ইলেক্ট্ৰিক বাহনৰ ডেলিভাৰী ২০ মাৰ্চ ২০২৫ ত আৰম্ভ কৰে আৰু ৩০ এপ্ৰিল পৰ্যন্ত ৬৩০০ বাহন ডেলিভাৰীৰ অভিলেখ ৰচে ।
মহিন্দ্ৰাই প্ৰকাশ কৰিছে যে, তেওঁলোকৰ মুঠ বিক্ৰীৰ ৫৯ শতাংশ হৈছে XEV 9e । কোম্পানীৰ তথ্য অনুসৰি এই দুয়োখন এছ ইউ ভি বাহনৰ বাকী থকা বুকিঙৰ ডেলিভাৰী অহা ৪-৫ মাহৰ ভিতৰত হ’ব ।
সংগীতৰ তালত নৃত্য কৰে এই বাহনে
মহিন্দ্ৰাৰ নতুন ইলেক্ট্ৰিক এছ ইউ ভি বাহন BE6 আৰু XEV 9e ত ‘পাৰ্টী মোড’ বা ‘গ্ৰুৱ মী’ ফিচাৰ সংযোজন কৰা হৈছে । বাহনত থকা AI ছফ্টৱেৰে বাহনখনৰ লাইট যেনে হেড লাইট, ডি আৰ এল, টেললাইট আৰু ইন্টেৰিয়ৰ এম্বিয়েন্স লাইটিঙক সংগীতৰ সুৰৰ আধাৰত ছিংক্ৰনাইজ কৰি লাইটিং ডিছপ্লে’ কৰে । ইয়াৰ বাহিৰেও গাড়ীখনৰ অনন্য শ্বকাৰে ইয়াক এনেদৰে গতি কৰায় যে ইয়াক নাচি থকাৰ দৰে দেখা যায় । BYD বাহনৰ উপৰিও টেছলাৰ বাহনতো একেধৰণৰ বৈশিষ্ট্য উপলব্ধ যাৰ নাম ‘Light Show’।