২০২৫ চনত সৰ্বাধিক বিক্ৰী হোৱা স্মাৰ্টফোন আৰু শ্ৰেষ্ঠ ব্ৰেণ্ডসমূহ কি কি ? জানি লওক
সৰ্বাধিক বিক্ৰী হোৱা স্মাৰ্টফোন হিচাপে পৰিগণিত হয় এপলৰ iPhone 16। ছেমছাঙে ও ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিছিল, ইয়াৰ চাৰিটা মিড ৰেঞ্জ গেলাক্সি এ ছিৰিজৰ ফোনক তালিকাত স্থান দিয়া হৈছে।
২০২৫ চনত কেইবাটাও স্মাৰ্টফোনৰ চাহিদা বৃদ্ধি পোৱা দেখা যায়। প্ৰতি কোম্পানীয়ে প্ৰতিটো বছৰত নতুন নতুন ফিচাৰৰ সৈতে স্মাৰ্টফোন বজাৰত মুকলি কৰে। সেই অনুসৰি, চাহিদা বৃদ্ধি পোৱা দেখা যায়। ২০২৫ চনৰ তৃতীয় ত্ৰৈমাসিকৰ বাবে তালিকা প্ৰকাশ কৰা হৈছে, আৰু এইবাৰ এপল আৰু ছেমছাঙে স্পষ্টভাৱে আধিপত্য বিস্তাৰ কৰিছে। এইবাৰ বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা স্মাৰ্টফোন হিচাপে পৰিগণিত হয় এপলৰ iPhone 16। ছেমছাঙে ও ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিছিল, ইয়াৰ চাৰিটা মিড ৰেঞ্জ গেলাক্সি এ ছিৰিজৰ ফোনক তালিকাত স্থান দিয়া হৈছে।
iPhone 16
iPhone 16 ত 6.1 ইঞ্চিৰ Super Retina XDR OLED ডিছপ্লে আছে। ইয়াত নতুন A18 চিপ ব্যৱহাৰ কৰা হৈছে, যিয়ে গেমিং, মাল্টিটাস্কিং, আৰু এআই কামত মসৃণ পাৰফৰমেনচ প্ৰদান কৰে। কেমেৰা ছেটআপত আছে 48MP মেইন চেন্সৰ আৰু 12MP আল্ট্ৰা-ৱাইড চেন্সৰ। 4K 60fps ভিডিঅ’ ৰেকৰ্ডিং হাইলাইট। iOS 18 ৰ সৈতে আহে এই ফোনটো।
iPhone 16 Pro
iPhone 16 Pro ত প্ৰ’ গ্ৰেড ফিচাৰ আছে। ইয়াত 1Hz–120Hz ৰিফ্ৰেছ ৰেঞ্জৰ সৈতে 6.1 ইঞ্চি LTPO OLED ProMotion ডিছপ্লে আছে। এই মডেলটো Apple A18 Pro চিপৰ দ্বাৰা চালিত। কেমেৰা চিষ্টেমত 3x অপটিকেল জুম আৰু উন্নত নাইট মোডৰ সৈতে 48MP ট্ৰিপল কেমেৰা ছেটআপ আছে। টাইটানিয়াম ফ্ৰেমে ফোনটো লঘু আৰু প্ৰিমিয়াম কৰি তুলিছে। iOS 18 সৈতে আহে এই ফনটো।
iPhone 16 Pro Max
iPhone 16 Pro Max হৈছে এই ছিৰিজৰ আটাইতকৈ শক্তিশালী আৰু প্ৰিমিয়াম ফোন। ইয়াত এটা বৃহৎ 6.7 ইঞ্চি LTPO OLED ProMotion ডিছপ্লে আছে, যিয়ে HDR কন্টেন্ট আৰু গেমিঙৰ বাবে এক উত্তম অভিজ্ঞতা প্ৰদান কৰে। ইয়াৰ A18 Pro চিপছেটে গ্ৰাফিক্সৰ ভাল পাৰফৰমেনচ দিয়ে। ইয়াৰ কেমেৰা ছেটআপত 5x টেলিফটো লেন্সৰ সৈতে 48MP চেন্সৰ আছে।
iPhone 16e
iPhone 16e ত 6.1 ইঞ্চিৰ OLED ডিছপ্লে আৰু A17 বা A16 গ্ৰেডৰ চিপ আছে, যিটো দৈনন্দিন কাম, ছ’চিয়েল মিডিয়া, ভিডিঅ’ চোৱা, আৰু লাইট গেমিঙৰ বাবে যথেষ্ট। ফোনটোত আছে 48MP মেইন কেমেৰা আৰু 12MP চেলফি কেমেৰা। এপলে বিশেষভাৱে বেটাৰী অপ্টিমাইজেচন আৰু সুস্থিৰ পাৰফৰমেনচৰ বাবে 16e ডিজাইন কৰিছিল।
Samsung Galaxy A16 5G
বাজেট ছেগমেণ্টৰ অন্যতম বেষ্ট চেলাৰ 5G ফোন আছিল Samsung Galaxy A16 5G। ফোনটোত 6.5 ইঞ্চিৰ ডাঙৰ ডিছপ্লে আৰু 50MP এআই কেমেৰা ছেটআপ আছে, যিয়ে এই মূল্যৰ ৰেঞ্জত ভাল ফটো প্ৰদান কৰে। 5000mAh বেটাৰী আৰামদায়কভাৱে এদিনতকৈ অধিক সময় টিকি থাকে।
Samsung Galaxy A06
সুলভ মূল্যৰ, নিৰ্ভৰযোগ্য আৰু দীৰ্ঘস্থায়ী ফোন বিচৰা ব্যৱহাৰকাৰীসকলৰ মাজত Samsung Galaxy A06 জনপ্ৰিয় আছিল। ইয়াৰ 6.6 ইঞ্চি এলচিডি ডিছপ্লে, 50MP কেমেৰা, আৰু 5000mAh বেটাৰীয়ে ক্ৰেতাক আকৰ্ষণ কৰে। ইয়াৰ প্ৰচেছৰে হোৱাটছএপ, ইউটিউব, কলিং, আৰু লাইট গেমিং আদি সাধাৰণ কামবোৰ সহজেই চম্ভালিব পাৰে।
Samsung Galaxy A36 5G
মিড ৰেঞ্জ ক্ৰেতাৰ বাবে Galaxy A36 5G এক উত্তম পেকেজ। ইয়াত 6.6 ইঞ্চিৰ AMOLED ডিছপ্লে আছে । কেমেৰা ছেটআপত আছে 50MP মেইন চেন্সৰ, 8MP আল্ট্ৰা-ৱাইড চেন্সৰ, আৰু 2MP মাইক্ৰ’ চেন্সৰ। ছেমছাঙৰ ৪ বছৰৰ চফটৱেৰ আপডেট আৰু ৫ বছৰৰ ছিকিউৰিটি পেচে ইয়াক আৰু শক্তিশালী কৰি তুলিছে।
Samsung Galaxy A56 5G
Samsung Galaxy A56 5G ত 6.7 ইঞ্চিৰ AMOLED ডিছপ্লে আছে যিটো কন্টেন্ট, গেমিং, আৰু ছ’চিয়েল মিডিয়া চোৱাৰ বাবে অতি উত্তম। ইয়াৰ 5nm-ক্লাছ চিপছেটে ইয়াক দ্ৰুত আৰু অধিক শক্তিশালী কৰি তোলে। কেমেৰা ছেটআপত 50MP OIS কেমেৰা অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে কম পোহৰতো ভাল কাম কৰে। ফোনটোত 5000mAh বেটাৰী আছে ।