গ্ৰাহকলৈ Jioৰ ৩৫ হাজাৰ টকাৰ উপহাৰ! কিদৰে লাভ কৰিব এই উপহাৰ, জানিবলৈ চাওক এতিয়াই
গ্ৰাহকক আকৃষ্ট কৰিবলৈ সময়ে সময়ে টেলিকম কোম্পানীসমূহে নানা লোভনীয় অফাৰ আগবঢ়ায়। এতিয়া জিঅ’ই আগবঢ়াইছে এক বিশেষ অফাৰ। এই অফাৰৰ সুবিধা গ্ৰহণ কৰি জিঅ’ গ্ৰাহকসকলে ৩৫ হাজাৰ টকাৰ উপহাৰ লাভ কৰিব। জানো আহক এই বিষয়ে।
 
                                টেলিকম কোম্পানীসমূহে গ্ৰাহকক আকৃষ্ট কৰিবলৈ সময়ে সময়ে নানা লোভনীয় অফাৰ আগবঢ়ায়। এনে অফাৰৰ জৰিয়তে অধিকসংখ্যক গ্ৰাহকৰ কাষ চপাৰ লক্ষ্য কৰি লয় কোম্পানীসমূহে। এতিয়া বিজ্ঞানৰ অভিনৱ উদ্ভাৱন কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AIৰ যুগ। AIৰ ব্যৱহাৰে এতিয়া জনজীৱনত ব্যাপক প্ৰভাৱ পেলায়। এই AIৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত এতিয়া টেলিকম কোম্পানীসমূহৰ মাজত দেখা গৈছে বিশেষ প্ৰতিযোগিতা। শেহতীয়াকৈ এয়াৰটেলে প্ৰিপেইড ব্যৱহাৰকাৰীক এবছৰৰ বাবে বিনামূলীয়া পাৰ্প্লেক্সিটি প্ৰ’ প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে।
গতিকে এই দিশত কিয় পিছ পৰি থাকিব ৰিলায়েন্স জিঅ’? গতিক জিঅ’ই এতিয়া এনে সুবিধা প্ৰদানৰ বাবে গুগলৰ সৈতে অংশীদাৰিত্ব কৰিছে, ইয়াৰ ফলত প্ৰিপেইড ব্যৱহাৰকাৰীসকল যথেষ্ট উপকৃত হ’ব। এতিয়া জিঅ’ই ব্যৱহাৰকাৰীসকলক ১৮ মাহৰ বাবে Google Pro AI প্লেনৰ বিনামূলীয়া সুবিধা প্ৰদান কৰিব।
পিছে কোম্পানীটোৱে সকলো গ্ৰাহককে বিনামূলীয়াকৈ AIৰ সুবিধা আগবঢ়াব নেকি? নে কেৱল নিৰ্বাচিত ব্যৱহাৰকাৰীৰ বাবেহে এই সুবিধা উপলব্ধ হ’ব? জানো আহক এই বিষয়ে।
প্ৰথম অৱস্থাত লাভৱান হ’ব এইসকল
Jio Unlimited 5G Plan ৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ১৮ মাহৰ বাবে ৩৫,১০০ টকা মূল্যৰ Google AI Pro ৰ বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব। কিন্তু প্ৰথম অৱস্থাত কোম্পানীটোৱে এই সুবিধা কেৱল ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰৰ যুৱক-যুৱতীসকলকহে আগবঢ়াব। পিছলৈ কোম্পানীটোৱে এই সুবিধা আন সকলো ব্যৱহাৰকাৰীলৈ সম্প্ৰসাৰিত কৰিব।
কি কি সুবিধা উপলব্ধ হ’ব?
Google AI Proৰ জৰিয়তে জিঅ’ ব্যৱহাৰকাৰীয়েও Google Gemini 2.5 Pro AIৰ সুবিধা লাভ কৰিব। ইয়াৰ উপৰিও ব্যৱহাৰকাৰীসকলক AI ব্যৱহাৰ কৰি ফটো আৰু ভিডিঅ’ সৃষ্টিৰ বাবে Nano Banana আৰু Veo 3.1 মডেলৰ বিনামূলীয়া সুবিধা প্ৰদান কৰা হ’ব। তদুপৰি তেওঁলোকে গুগলৰ AI ৰিচাৰ্ছ টুল NotebookLMৰ সুবিধাও লাভ কৰিব।
এইদৰে Google Gemini Pro AI সক্ৰিয় কৰিব পাৰি
জিঅ’ ব্যৱহাৰকাৰীসকলে 2TB গুগল ক্লাউড ষ্ট’ৰেজৰ সুবিধাও লাভ কৰিব। ইয়াৰ দ্বাৰা এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলে গুগল ফটো, জিমেইল, গুগল ড্ৰাইভ, আৰু হোৱাটছএপ চেটৰ বেকআপ ল’ব পাৰিব। আপুনি MyJio এপত লগ ইন কৰি Google AI Pro প্লেন সক্ৰিয় কৰিব পাৰে। এপটো খুলিলেই আপুনি এক অপচন দেখা পাব, য’ত লিখা আছে “Google Gemini Free”। পঞ্জীয়ন কৰিবলৈ এই অপচনত ক্লিক কৰিব লাগিব।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      