শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জিঅ’ নেটৱৰ্ক ডাউন, একাধিক ৰাজ্যত কল আৰু ইণ্টাৰনেট সেৱা বিচ্ছিন্ন ! সামাজিক মাধ্যমত ক্ষুব্ধ ব্যৱহাৰকাৰী

অভিযোগ অনুসৰি, বহু গ্ৰাহকে যদি ফোন কৰিব পৰা নাই, আন একাংশই লাভ কৰা নাই ইন্টাৰনেট সেৱা। আকৌ বহুতৰ নেটৱৰ্ক সেৱাই বিচ্ছিন্ন হৈ গৈছে। ডাউন ডিটেক্টৰৰ মতে, এই সময়ছোৱাত ৬,৫০০ৰো অধিক এনে অভিযোগ পঞ্জীয়ন কৰা হৈছিল।

জিঅ’ নেটৱৰ্ক ডাউন, একাধিক ৰাজ্যত কল আৰু ইণ্টাৰনেট সেৱা বিচ্ছিন্ন ! সামাজিক মাধ্যমত ক্ষুব্ধ ব্যৱহাৰকাৰী
JioImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 26 Aug 2025 16:51 PM

জিঅ’ নেটৱৰ্ক ডাউন, বন্ধ জিঅ’ ইণ্টাৰনেট সেৱা ! ডাঙৰ অসুবিধাৰ সন্মুখীন জিঅ’ ব্যৱহাৰকাৰী। কোনোৱে যদি ফোন কৰিব পৰা নাই, কোনোৱে ব্ৰাউজিং কৰিব পৰা নাই। হঠাৎ এইদৰে সামাজিক মাধ্যমত জিঅ’ ব্যৱহাৰকাৰীয়ে অভিযোগ কৰিবলৈ ধৰিলে। আচলতে মঙলবাৰে দেশৰ বহু অঞ্চলত ৰিলায়েন্স জিঅ’ ব্যৱহাৰকাৰীয়ে নেটৱৰ্ক সমস্যাৰ সন্মুখীন হয়।

অভিযোগ অনুসৰি, বহু গ্ৰাহকে যদি ফোন কৰিব পৰা নাই, আন একাংশই লাভ কৰা নাই ইন্টাৰনেট সেৱা। আকৌ বহুতৰ নেটৱৰ্ক সেৱাই বিচ্ছিন্ন হৈ গৈছে। ডাউন ডিটেক্টৰৰ মতে, এই সময়ছোৱাত ৬,৫০০ৰো অধিক এনে অভিযোগ পঞ্জীয়ন কৰা হৈছিল। আচলতে জিঅ’ নেটৱৰ্কত কি হৈছিল?

এক্সত এজন ব্যৱহাৰকাৰীয়ে লিখিছে, জিঅ’ই ডাঙৰ বিজুতিৰ সন্মুখীন হৈছে, সঁচাকৈয়ে হতাশাজনক অভিজ্ঞতা। জানিব পাৰিছোঁ যে, পশ্চিম বংগ, ওড়িশা, মধ্যপ্ৰদেশ আৰু বিহাৰতো জিঅ’ৰ নেটৱৰ্ক ডাউন হৈছে। এই সমস্যাটো যিমান সোনকালে পাৰে সমাধান কৰিবলৈ আহ্বান জনাই ব্যৱহাৰকাৰীজনে।

এক্সত আন এজন ব্যৱহাৰকাৰীয়ে পোষ্ট কৰে যে, “#Jionetwork down…Jio network is down! মই মোৰ ফোনটো বহুবাৰ পুনৰ আৰম্ভ কৰিছো, কিন্তু ই এতিয়াও নেটৱৰ্ক সেৱা লাভ কৰা নাই। একেদৰে আন এজনে একেই অভিযোগ কৰিলে, “ব্লেকআউট জিঅ’ নেটৱৰ্ক। মোৰ অঞ্চলত কোনো নেটৱৰ্ক নাই, jio সংযোগ বন্ধ।

কোৱা হৈছে যে, এই  সময়ছোৱাত ৬৮ শতাংশ গ্ৰাহকে কোনো ধৰণৰ সংকেত নোপোৱাৰ অভিযোগ কৰিছে, ১৬ শতাংশ আছিল মোবাইল ডাটাৰ সমস্যাৰ অভিযোগ আৰু আন ১৬ শতাংশই সম্পূৰ্ণ ব্লেক আউটৰ সন্মুখীন হোৱা অভিযোগ কৰিছিল। এই সন্দৰ্ভত এতিয়ালৈ jio তৰফৰ পৰা কোনো ধৰণৰ আপডেট প্ৰকাশ কৰা নাই।