শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কঠোৰ চৰকাৰ! থলুৱা AIৰ সহযোগত ব্লক কৰিলে ৮২ লাখৰো অধিক চিম কাৰ্ড…

টেলিকমিউনিকেচন বিভাগে গাইডলাইন জাৰি কৰিছে যাৰ মতে টেলিকম অনুজ্ঞাপত্ৰধাৰীয়ে তেওঁলোকৰ পইণ্ট অৱ চেল (PoS) পঞ্জীয়ন কৰিব লাগিব, যিয়ে গ্ৰাহকক নামভৰ্তি কৰে আৰু অনুজ্ঞাপত্ৰধাৰীৰ হৈ চিম প্ৰদান কৰে।

কঠোৰ চৰকাৰ! থলুৱা AIৰ সহযোগত ব্লক কৰিলে ৮২ লাখৰো অধিক চিম কাৰ্ড…
ভুৱা চিম
trishna-kalita
Trishna Kalita | Updated On: 09 Aug 2025 19:34 PM

চাইবাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা থলুৱা কৃত্ৰিম বুদ্ধিমত্তা আৰু বিগ ডাটা বিশ্লেষণ সঁজুলি এষ্টাৰ (ASTR) প্ৰৱঞ্চকৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে প্ৰমাণিত হৈছে। একেজন ব্যক্তিৰ একাধিক নামত লোৱা এষ্টাৰ এআইৰ পুনৰ পৰীক্ষণত ব্যৰ্থ হোৱা ৮২ লাখৰো অধিক মোবাইল সংযোগ বিচ্ছিন্ন কৰিছে দূৰসংযোগ বিভাগে। এই সন্দৰ্ভত ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত দিছে তথ্য যোগাযোগ আৰু গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী ড° পেম্মাসানী চন্দ্ৰশেখৰে ।

ভুৱা চিম কেনেকৈ চিনাক্ত কৰে এই থলুৱা এআইয়ে?

উচ্চ সদনত দিয়া উত্তৰত মন্ত্ৰী চন্দ্ৰশেখৰে জনোৱা মতে চাইবাৰ অপৰাধৰ সৈতে জড়িত গোচৰসমূহ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত আছে। চাইবাৰ জালিয়াতিৰ বাবে দূৰসংযোগ সম্পদৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে দূৰসংযোগ বিভাগে। চাইবাৰ অপৰাধৰ মোকাবিলা কৰিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (I4C) স্থাপন কৰিছে। যাতে আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ বাবে এটা কাঠামো আৰু পৰিস্থিতি তন্ত্ৰ এটা স্থানৰ পৰা উপলব্ধ হয়।

ইয়াৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেল – এন চি আৰ পি (https://cybercrime.gov.in)ও মুকলি কৰিছে যাতে জনসাধাৰণে সকলো ধৰণৰ চাইবাৰ অপৰাধৰ খবৰ দিব পাৰে। ২০২২, ২০২৩ আৰু ২০২৪ চনৰ এনচিআৰপিত দাখিল কৰা অভিযোগৰ সংখ্যা ক্ৰমে ১০.২৯ লাখ, ১৫.৯৬ লাখ আৰু ২২.৬৮ লাখ।

তেওঁ উত্তৰত স্পষ্ট কৰি দিছে যে দূৰসংযোগ বিভাগে একেজন ব্যক্তিয়ে বিভিন্ন নামত লোৱা মোবাইল সংযোগ চিনাক্ত কৰিবলৈ এটা থলুৱা এআই আৰু বিগ ডাটা এনালাইটিক সঁজুলি এএছটিআৰ প্ৰস্তুত কৰিছে। পুনৰ পৰীক্ষণ বিফল হ’লে এএছটিআৰৰ জৰিয়তে ৮২ লাখৰো অধিক এনে সংযোগ বিচ্ছিন্ন কৰা হৈছে। কেৱল এয়াই নহয়, দূৰসংযোগ বিভাগে গ্ৰাহকক মোবাইল সংযোগ প্ৰদানৰ বাবে “আপোনাৰ গ্ৰাহকক চিনি লওক” (KYC) এক শক্তিশালী কাঠামো প্ৰস্তুত কৰিছে।

ভুৱা চিম কাৰ্ড কেনেকৈ প্ৰদান কৰা হয়

টেলিকমিউনিকেচন বিভাগে জাৰি কৰা যাৰ গাইডলাইন মতে টেলিকম অনুজ্ঞাপত্ৰধাৰীয়ে টেলিকম অনুজ্ঞাপত্ৰধাৰীৰ বাবে নিজৰ পইণ্ট অৱ চেল (PoS) পঞ্জীয়ন কৰাটো বাধ্যতামূলক, যিসকলে গ্ৰাহকক নামভৰ্তি কৰে আৰু অনুজ্ঞাপত্ৰধাৰীৰ হৈ চিম প্ৰদান কৰে। ইয়াৰ বাবে তেওঁলোকে বায়’মেট্ৰিক পৰীক্ষণ, ব্যৱসায়িক স্থানৰ ঠিকনা আৰু  PoS ৰ স্থানীয় বাসস্থানৰ ভৌতিক পৰীক্ষণৰ কৰিব লাগিব। এই গাইডলাইনত চিম কাৰ্ডৰ অনলাইন যোগান শৃংখল ব্যৱস্থাপনা, উলংঘাৰ বাবে শাস্তিমূলক ব্যৱস্থা, চুক্তি বন্ধ কৰা আৰু সকলো টেলিকম সেৱা প্ৰদানকাৰী (টিএছপি)ত প’এছৰ ব্লেকলিষ্টিং আদিৰ ব্যৱস্থাও আছে।