শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আধাৰ ঠিকনা আপডেট কৰিব বিচাৰে নেকি ? আধাৰ কেন্দ্ৰলৈ নোযোৱাকৈ অনলাইনত কেনেকৈ কৰিব পাৰি? জানক

যদি আপুনি অন্য ঠাইলৈ স্থানান্তৰ হৈছে বা আপোনাৰ স্থায়ী ঠিকনা সলনি হৈছে বা আপোনাৰ ঠিকনা ভুল হৈ আছে, তেনে ক্ষেত্ৰত আধাৰ কাৰ্ড আপডেট কৰিব লাগে। যদি বিচাৰে এই কাম আপুনি আধাৰ সেৱা কেন্দ্ৰলৈ নোযোৱাকৈ কৰিব পাৰে। কেনেকৈ অনলাইনত আধাৰ আপডেট কৰিব পাৰি? জানক

আধাৰ ঠিকনা আপডেট কৰিব বিচাৰে নেকি ? আধাৰ কেন্দ্ৰলৈ নোযোৱাকৈ অনলাইনত কেনেকৈ কৰিব পাৰি? জানক
আধাৰ কাৰ্ডImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 10 Aug 2025 17:08 PM

ভাৰতত আধাৰ কাৰ্ড অন্যতম গুৰুত্বপূৰ্ণ পৰিচয় পত্ৰ হিচাপে গণ্য কৰা হয়। বৰ্তমান সময়ত চৰকাৰী-বেচৰকাৰী প্ৰত্যেকটো কামতে আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়। বিশেষকৈ বেংক সম্পৰ্কীয় কাম-কাজৰ পৰা আৰম্ভ কৰি চৰকাৰী সেৱালৈকে আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তা সৰ্বাধিক। আধাৰ কাৰ্ডৰ জৰিয়তে আপোনাৰ সবিশেষ পৰীক্ষা কৰা হয়। গতিকে আপোনাৰ আধাৰ কাৰ্ডত সঠিক(ঠিকনা) আপডেট থকাটো অতি প্ৰয়োজন।

যদি আপুনি অন্য ঠাইলৈ স্থানান্তৰ হৈছে বা আপোনাৰ স্থায়ী ঠিকনা সলনি হৈছে বা আপোনাৰ ঠিকনা ভুল হৈ আছে, তেনে ক্ষেত্ৰত আধাৰ কাৰ্ড আপডেট কৰিব লাগে। যদি বিচাৰে এই কাম আপুনি আধাৰ সেৱা কেন্দ্ৰলৈ নোযোৱাকৈ কৰিব পাৰে। কেৱল আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰ আৰু বৈধ ঠিকনাৰ প্ৰমাণৰ সহায়ত আপুনি ঘৰৰ পৰাই UIDAIৰ myAadhaar পৰ্টেলৰ জৰিয়তে অনলাইনযোগে আপোনাৰ আধাৰ ঠিকনা আপডেট কৰিব পাৰিব।

তলৰ পদক্ষেপসমূহ অনুসৰণ কৰক

প্ৰথমে আপুনি myAadhaar ৱেবছাইট যাওক। ইয়াৰ পাছতে আপোনাৰ আধাৰ নম্বৰ, কেপচা ক’ড আৰু আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰলৈ প্ৰেৰণ কৰা অ’টিপি ব্যৱহাৰ কৰি লগ ইন কৰক।

দ্বিতীয়তে ‘Address Update’ বিকল্পত ক্লিক কৰক। ইয়াৰ পাছতে ‘Update Aadhaar Online’ ক্লিক কৰক। পেজত অহা নিৰ্দেশনা পঢ়ক আৰু ‘Proceed to Update Aadhaar’ ক্লিক কৰক।

আপডেট কৰিবলগীয়া ক্ষেত্ৰ হিচাপে ‘Address’ বাছি লওক আৰু ‘Proceed’ ক্লিক কৰক। প্ৰযোজ্য হ’লে ‘কেয়াৰ অৱ’ (C/O) অন্তৰ্ভুক্ত কৰি আপোনাৰ নতুন ঠিকনা দিয়ক। ঠিকনা অপডেট কৰোঁতে সঠিক ডাকঘৰ নিৰ্বাচন কৰক, ঠিকনাৰ এটা বৈধ প্ৰমাণ নথিপত্ৰ আপলোড কৰক। ইয়াৰ পাছতে ‘Next’ ক্লিক কৰক।

সকলো সবিশেষ পুনৰীক্ষণ কৰি ৫০ টকাৰ নন-ৰিফাণ্ডেবল মাচুল দিব লাগিব আৰু ইয়াৰ পাছত আপোনাৰ অনুৰোধ চাবমিট কৰক।

আধাৰ ঠিকনা আপডেটৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ

UIDAI য়ে ১৫টাতকৈ অধিক ধৰণৰ ঠিকনা প্ৰমাণ নথি-পত্ৰ গ্ৰহণ কৰে। প্ৰয়োজনীয় নথি-পত্ৰৰ ভিতৰত আছে-পাছপ’ৰ্ট, পান কাৰ্ড,বেংক বা ডাকঘৰৰ বিবৃতি/পাছবুক, ৰেচন কাৰ্ড বা ভোটাৰ আইডি, চৰকাৰী কৰ্তৃপক্ষই প্ৰদান কৰা আইডি কাৰ্ড, যদি আছে MGNREGA কাৰ্ড,বিদ্যুৎ, পানী, গেছ বা টেলিফোনৰ বিল, বীমা পলিচি (কেৱল জীৱন বা চিকিৎসা), ১ বছৰৰ ভিতৰত জাৰি কৰা সম্পত্তি কৰ ৰচিদ। প্ৰয়োজন অনুসৰি এই নথি-পত্ৰ ব্যৱহাৰ কৰিব পাৰে, যিবোৰ আপোনাৰ হাতত থাকে।