শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ফোনটো বাৰে বাৰে অন-অফ হ’লে সাৱধান! দুষ্টচক্ৰই লুটি নিব পাৰে আপোনাৰ সকলো ধন!

আপুনিও ফোনৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি? তেন্তে সাৱধান হওক, আপোনাৰ ফোনটো বেয়া হোৱাৰ পৰিৱৰ্তে আন কোনোবাই আপোনাৰ স্মাৰ্টফোনটো হেক কৰি চলাই থাকিব পাৰে।

ফোনটো বাৰে বাৰে অন-অফ হ’লে সাৱধান! দুষ্টচক্ৰই লুটি নিব পাৰে আপোনাৰ সকলো ধন!
ফোনটো বাৰে বাৰে অন-অফ হ'লে সাৱধান!
barasha-misra
Barasha Misra | Published: 01 Jul 2025 20:10 PM

ডিজিটেল যুগত স্মাৰ্টফোন আমাৰ জীৱনৰ অংগ হৈ পৰিছে। কিন্তু প্ৰযুক্তিৰ বৃদ্ধিৰ লগে লগে চাইবাৰ অপৰাধৰ গোচৰো দ্ৰুতগতিত বৃদ্ধি পাইছে। হেকাৰে নতুন পদ্ধতি অৱলম্বন কৰি মানুহৰ বেংক একাউণ্ট আৰু ব্যক্তিগত তথ্য চুৰি কৰিবলৈ চেষ্টা চলাইছে।

ভুৱা লিংকত ক্লিক কৰা বা অজ্ঞাত এপত প্ৰৱেশ দিয়াৰ দৰে সৰু গাফিলতিয়ে আপোনাৰ সমগ্ৰ স্মাৰ্টফোন হেক কৰিব পাৰে। কিন্তু চিন্তাৰ প্ৰয়োজন নাই, যদি আপুনি স্মাৰ্টফোনটোৰ কিছুমান সুৰক্ষা সতৰ্কবাণী চিনি পায়, তেন্তে আপুনি নিজকে আৰু আপোনাৰ ধন ৰাহি কৰিব পাৰিব।

স্মাৰ্টফোন হেক হোৱাৰ চিন

  1. ফোনটো বাৰে বাৰে নিজাববীয়াকৈ অন অফ হৈ আছে। যদি আপোনাৰ স্মাৰ্টফোনটো কোনো কাৰণ নোহোৱাকৈ বাৰে বাৰে অন আৰু অফ হৈ থাকে, তেন্তে এইটো এটা ডাঙৰ সতৰ্কবাণী। ইয়াৰ অৰ্থ হ’ব পাৰে যে কোনোবাই আপোনাৰ ফোনটো দূৰৱৰ্তী প্ৰৱেশৰ জৰিয়তে নিয়ন্ত্ৰণ কৰি আছে।
  2. যদি আপোনাৰ বেটাৰি সাধাৰণভাৱে ব্যৱহাৰ কৰাৰ সময়তো আগৰ তুলনাত বেছি দ্ৰুতভাৱে শেষ হৈ আছে, ইয়াৰ অৰ্থ হ’ল আনে ৰিমোটৰ জৰিয়তে ফোনটো আনে ক’ন্ট্ৰল কৰি থাকে ।
  3. যদি আপুনি বাৰে বাৰে অচিনাকি নম্বৰৰ পৰা ফোন বা মেছেজ লাভ কৰি আছে, তেন্তে এইটো এটা স্পষ্ট লক্ষণ যে কোনোবাই আপোনাৰ মোবাইল ট্ৰেক কৰি আছে। যদি আপোনাৰ নম্বৰৰ পৰা স্বয়ংক্ৰিয়ভাৱে মেছেজ প্ৰেৰণ কৰা হৈছে, তেন্তে সেয়াও হেকাৰৰ কাৰ্য হ’ব পাৰে।
  4. ফোন লেহেমীয়াকৈ চলা, হেং হোৱা, বা এপসমূহ স্বয়ংক্ৰিয়ভাৱে খোলা এই সকলোবোৰেই ফোনত কিছুমান বিপজ্জনক চফট্ৱেৰ চলি থকাৰ লক্ষণ।
  5. যদি আপোনাৰ ইণ্টাৰনেট ডাটা হঠাতে দ্ৰুতগতিত শেষ হ’বলৈ আৰম্ভ কৰে, তেন্তে ই আপোনাৰ ফোনটোৰ পৰা কোনোবাই ডাটা ট্ৰেন্সফাৰ কৰাৰ লক্ষণ হ’ব পাৰে।

যদি ওপৰত উল্লেখ কৰা চিনবোৰ আপোনাৰ মোবাইলত দেখা যায়, তেন্তে আতংকিত নহ’ব। তলত দিয়া সহজ পদক্ষেপসমূহ অনুসৰণ কৰি, আপুনি আপোনাৰ ডিভাইচ আৰু ডাটা সুৰক্ষিত ৰাখিব পাৰিব।

Factory Data Reset কৰক

যদি আপুনি অনুভৱ কৰে যে আপোনাৰ ফোনটো হেক কৰা হৈছে, তেন্তে লগে লগে গৈ আপোনাৰ ফোনটো Factory Data Reset কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ফোনত থকা সকলো ডাটা ডিলিট হ’ব আৰু লগতে যিকোনো বিপজ্জনক এপ বা ভাইৰাছ আঁতৰোৱা হ’ব। কিন্তু ইয়াৰ আগতে গুৰুত্বপূৰ্ণ তথ্যৰ বেকআপ লওক।

অফিচিয়েল এপ ষ্ট’ৰৰ পৰা এপটো ডাউনলোড কৰক

কেৱল Google Play Store’ৰ বা Apple App Store’ৰ পৰাহে এপটো ডাউনলোড কৰক। কোনো তৃতীয় পক্ষ বা অজ্ঞাত ৱেবছাইটৰ পৰা এপটো ডাউনলোড নকৰিব।

অজ্ঞাত লিংকত ক্লিক নকৰিব

এছএমএছ, ইমেইল বা হোৱাটছএপৰ জৰিয়তে পোৱা যিকোনো অদ্ভুত লিংকত ক্লিক কৰাটো পৰিহাৰ কৰক। এইবোৰৰ জৰিয়তে হেকাৰে আপোনাৰ ফোনত ভাইৰাছ দিয়ে।

OTP আৰু পাছৱৰ্ড কাৰো লগত শ্বেয়াৰ নকৰিব

কোনোবাই যদি আপোনাক ফোন কৰি অ’টিপি বিচাৰে তেন্তে সাৱধান হওক। বেংক, ইউপিআই বা যিকোনো সংস্থাই কেতিয়াও ফোনত অ’টিপি নিবিচাৰে।