শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

YouTube Earn: ইউটিউবত ভিডিঅ’ বনালে বছৰি কিমান টকা পোৱা যায়? শুনি চকু কপালত উঠিব আপোনাৰ…

YouTube Earn: আজিকালি প্ৰায় বহুতে ইউটিউবত ভিডিঅ' বনোৱা দেখা যায়। বহুতে ইয়াক উপাৰ্জনৰ আহিলা হিচাপে গণ্য কৰে। গতিকে প্ৰশ্ন হয়, এটা ইউটিউব চেনেলৰ পৰা কিমান টকা লাভ কৰিব পাৰি? কেনেকৈ উপাৰ্জন হয়?

YouTube Earn: ইউটিউবত ভিডিঅ’ বনালে বছৰি কিমান টকা পোৱা যায়? শুনি চকু কপালত উঠিব আপোনাৰ…
ইউটিউবImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 13 Dec 2025 12:32 PM

আমি প্ৰায় সকলোৱে ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ’ চাও। ইয়াৰ মাজতে আমি ভাল লগা ভিডিঅ’বোৰ লাইক কৰো, কমেন্ট কৰো বা চেনেলটো চাবস্ক্ৰাইব কৰো। আমাৰ পচন্দৰ চেনেলটোৰ যাতে কোনো ভিডিঅ’ মিছ নহয় তাৰ বাবে সাধাৰণতে চাবস্ক্ৰাইব কৰা যায়। টকা উপাৰ্জন কৰাৰ বাবে বৰ্তমান সময়ত সামাজিক মাধ্যমক এক ভাল বিকল্প বুলি ক’ব পাৰি। যাৰ বাবে বহুতে চাকৰি বাদ দি ইউটিউবক উপাৰ্জনৰ আহিলা কৰি লোৱা দেখা যায়। কিন্তু প্ৰশ্ন হয়, ইউটিউবৰ পৰা কিমান উপাৰ্জন হয়? যিসকলে Golden Play Button লাভ কৰে তেওঁলোকে ইউটিউবত ভিডিঅ’ বনাই কিমান টকা উপাৰ্জন কৰে?

কেতিয়া পাই গোল্ডেন প্লে বটন?

যেতিয়া এটা চেনেলৰ ভিউজ, লাইক, চাবস্ক্ৰাইবাৰ আদি বাঢ়ে তেতিয়া ইউটিউবে সেই চেনেলটোত বঁটা দিয়ে। যেতিয়া কোনো এটা ইউটিউব চেনেলৰ ১ মিলিয়ন অর্থাৎ ১০ লাখ চাবস্ক্ৰাইবাৰ হয় তেতিয়া গোল্ডেন প্লে বটন দিয়া হয়। ইয়াৰোপৰি বহুতে ভাবে যে, এটা চেনেলত যিমান মিলিয়ন চাবস্ক্ৰাইবাৰ থাকে সিমান টকা দিয়ে। কিন্তু তেনে নহয়। ইউটিউবে চাবস্ক্ৰাইবাৰৰ ভিত্তিত নহয়, ভিউজৰ ওপৰত ভিত্তি কৰি টকা দিয়ে।

কিমান টকা পায়?

প্ৰতি ১০০০ ভিউজৰ বিপৰীতে  ২ ডলাৰ লাভ কৰে চেনেলৰ গৰাকীয়ে। যদি কোনোৱে নিয়মিতভাৱে ভিডিঅ’ আপলোড কৰে আৰু ভাল ভিউজ পাই তেন্তে তেওঁ বছৰি ৪০ লাখ ডলাৰ পৰ্যন্ত উপাৰ্জন কৰিব পাৰে। ভাৰতীয় মূল্যত ইয়াৰ পৰিমাণ প্ৰায় ৩৫.৯ কোটি টকা।

ইয়াৰোপৰি বিভিন্ন কোম্পানীয়ে বিজ্ঞাপনৰ বাবে ক্ৰিয়েটৰক পোনপটীয়াকৈ যোগাযোগ কৰে। তেনেস্থলত আপুনি যদি কোনো কোম্পানীৰ প্ৰডাক্টৰ প্ৰচাৰ কৰে তেন্তে তাৰ পৰা উপাৰ্জন লাভ কৰিব পাৰে। অৰ্থাৎ গোল্ডেন প্লে বটনৰ বাবে পৃথকে পৃথকে কোনো ধন নাপালেও ই আয়ৰ একাধিক পথ মুকলি কৰে।

কৰ দিব লাগে নেকি?

ইউটিউবৰ পৰা উপাৰ্জন কৰিলে কৰ দিব লাগে। যদি কোনোবাই ফুল টাইম কন্টেন্ট ক্ৰিয়েট কৰে আৰু ইউটিউবে তেওঁৰ মূল উপাৰ্জন তেন্তে সেয়া পেছাদাৰী আয় বুলি গণ্য কৰা হয়। এই আয়ৰ ওপৰত আয়কৰ আৰোপ কৰা হয়। আয়কৰ আইনৰ ধাৰা ৪৪এডিৰ অধীনত কৰ দিব লাগিব ক্ৰিয়েটৰে। যদি আপুনি কোনো ব্ৰেণ্ডৰ পৰা উপহাৰ বা কোনো বিশেষ সুবিধা লাভ কৰে, যাৰ মূল্য ২০ হাজাৰ টকাতকৈ অধিক, তেন্তে টিডিএছৰ ১৯৪আৰ ধাৰা অনুসৰি কৰ পৰিশোধ কৰিব লাগিব।

 

অন্য খবৰ পঢ়কঃ AI: হ’ব সৰ্বনাশ! ভুলতো এ আইৰ সৈতে শ্বেয়াৰ নকৰিব এইসমূহ তথ্য…