১ জুলাইৰ পৰা বৃদ্ধি পাব ৰে’লৰ ভাড়া, এইসকল যাত্ৰীয়ে ভৰিব লাগিব অধিক ধন
ৰে’লৰ টিকটৰ মূল্য সামান্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে ৰে’লৱেই। তথ্য অনুসৰি নন-এচি মেইল আৰু এক্সপ্ৰেছ ৰে’লৰ ভাড়া এতিয়া প্ৰতি কিলোমিটাৰত ১ পইচা বৃদ্ধি হ’ব, আনহাতে এচি ক্লাছত এই বৃদ্ধি হ’ব প্ৰতি কিলোমিটাৰত ২ পইচা।
বহু বছৰৰ মূৰত ৰে’লৰ টিকটৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে’লৱেই। ১ জুলাই, ২০২৫ৰ পৰা কাৰ্যকৰী হ’ব এই নতুন মূল্য। লগতে তৎকাল টিকট বুকিঙৰ ক্ষেত্ৰতো নতুন নিয়ম প্ৰণয়ন কৰা হৈছে, য’ত বাধ্যতামূলক কৰা হৈছে আধাৰ প্ৰমাণীকৰণ । ৰে’ল মন্ত্ৰালয়ে কয় যে সাধাৰণ যাত্ৰীসকলৰ সুবিধাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
টিকটৰ দাম কিমান বৃদ্ধি হ’ব?
ৰে’লৰ টিকটৰ মূল্য সামান্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে ৰে’লৱেই। তথ্য অনুসৰি নন-এচি মেইল আৰু এক্সপ্ৰেছ ৰে’লৰ ভাড়া এতিয়া প্ৰতি কিলোমিটাৰত ১ পইচা বৃদ্ধি হ’ব, আনহাতে এচি ক্লাছত এই বৃদ্ধি হ’ব প্ৰতি কিলোমিটাৰত ২ পইচা। এই বৃদ্ধি সামান্য যেন লাগিব পাৰে, কিন্তু ইয়াৰ সামান্য প্ৰভাৱ পৰিব পাৰে বহু দূৰ যাত্ৰা কৰা যাত্ৰীৰ পকেটত। উদাহৰণস্বৰূপে, যদি কোনো যাত্ৰী মুম্বাইৰ পৰা দিল্লীলৈ (১৪০০ কিলোমিটাৰ) নন-এচি ৰে’লযোগে যাত্ৰা কৰে তেন্তে তেওঁ ১৪ টকা বেছি দিব লাগিব, আনহাতে এচি ক্লাছত এই বৃদ্ধি হ’ব ২৮ টকা।