অম্বুবাচী মেলাৰ পৰা শুভাংশু শুক্লাৰ মহাকাশ যাত্ৰালৈ…আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…
Top 9: ভূমি বেদখল সন্দৰ্ভত বুধবাৰে সোচ্চাৰ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে কয় যে বেদখল হোৱা প্ৰতি ইঞ্চি মাটি পুনৰ উদ্ধাৰ কৰা হ'ব।
১. দেশত জৰুৰী অৱস্থা ঘোষণাৰ ৫০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে দেশজুৰি বিজেপিয়ে পালন কৰিছে সংবিধান হত্যা দিৱস। অসমতো পালন কৰা হয় এই দিৱস। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে কয় যে কংগ্ৰেছৰ ক’লা অধ্যায়ক কেতিয়াও পাহৰি যোৱা উচিত নহয়।
২. ভূমি বেদখল সন্দৰ্ভত বুধবাৰে সোচ্চাৰ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে কয় যে বেদখল হোৱা প্ৰতি ইঞ্চি মাটি পুনৰ উদ্ধাৰ কৰা হ’ব। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ পাছতেই অসমৰ ইতিহাসত সৰ্বাধিক ভূমি বেদখলমুক্ত কৰা মুখ্যমন্ত্ৰী হিচাপে নিজকে অভিহিত কৰে ডঃ শৰ্মাই।
৩. যোৱা এমাহত অসমৰ পৰা বিতাড়ন কৰা হৈছে ৩৩০ গৰাকী অবৈধ অনুপ্ৰৱেশকাৰীক। ইয়াৰ ভিতৰত আছে বাংলাদেশী আৰু ৰোহিংগীয়া। কেৱল কাছাৰ জিলাৰ মাজেৰেই ৫৯ গৰাকী বাংলাদেশী আৰু ২৯ গৰাকী ৰোহিংগীয়াসহ মুঠ ৮৮ গৰাকী অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছে এই তথ্য।
৪. অৱশেষত অপেক্ষাৰ অন্ত পেলায় বুধবাৰে দুপৰীয়া ১২ বাজি ১ মিনিটত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ ৰাওনা হয় ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু তেওঁৰ তিনিজন সহযোগী। ফ্ল’ৰিডাস্থিত নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ লঞ্চ কমপ্লেক্স ৩৯এৰ পৰা এক্সিয়াম-৪ মিছনত মহাকাশলৈ ৰাওনা হয় চাৰি মহাকাশচাৰী। এই অভিযান ভাৰতৰ মহাকাশ ইতিহাসত এক নতুন মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হৈছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা দ্বিতীয়জন ভাৰতীয় মহাকাশচাৰী হিচাপে ইতিহাস ৰচনা কৰিছে শুভাংশু শুক্লাই।
৫. অম্বুবাচীৰ আজি অন্তিম দিন। কালিলৈ পুৱা ৩ বজাত হ’ব অম্বুবাচী নিবৃত্তি। তাৰ পাচতেই যথা ৰীতি অনুসৰি মুকলি কৰা হ’ব কামাখ্যা মন্দিৰৰ দুৱাৰ। অম্বুবাচী উপলক্ষে কামাখ্যাত দেখা গৈছে ভক্তৰ ব্যাপক ভিৰ। দেশ-বিদেশৰ বিভিন্ন স্থানৰ পৰা আহিছে সাধু-সন্ত। কামৰূপ মহানগৰ জিলা প্ৰশাসনে ভক্তৰ সুবিধাৰ্থে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ।
৬. ২০২৬ চনৰ পৰা বছৰত দুবাৰকৈ দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিয়মত অনুমোদন জনাইছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে। নতুন নিয়ম অনুসৰি দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমটো ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক হ’ব। কিন্তু দ্বিতীয় পৰীক্ষাত অৱতীৰ্ণ হোৱাটো ঐচ্ছিক হ’ব। প্ৰথম পৰ্যায়ৰ পৰীক্ষা ফেব্ৰুৱাৰী মাহত আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা মে’ মাহত অনুষ্ঠিত হ’ব।
৭. পুনৰ অসম-মেঘালয় সীমান্তত সৃষ্টি হৈছে উত্তেজনা। অসমৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত লাপাংগাপ গাঁৱত গছপুলি ৰোপন অভিযানৰ সময়তে মেঘালয়ৰ প্ৰায় ৪০০ জনীয়া এটা দলে গছপুলিবোৰ উভালি পেলায়। তাৰ পাছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি। স্থানীয় গাঁওবাসী আৰু খাচী ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সামাজিক সংগঠনৰ সদস্যই অসমে গছপুলি ৰোপনৰ অচিলাৰে মেঘালয়ৰ ভূখণ্ড বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰে।
৮. আজি বিজেপিয়ে সংবিধান হত্যা দিৱস পালন কৰাৰ সময়তেই শাসক দলক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই। দেশজুৰি ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা সংবিধান বাচাও যাত্ৰাৰ প্ৰতি ভয় কৰিহে বিজেপিয়ে সংবিধান হত্যা দিৱস আয়োজন কৰা বুলি কয় কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
৯. অসমৰ শিক্ষাখণ্ডৰ বাবে এক ডাঙৰ খবৰ। এতিয়াৰে পৰা একাদশ শ্ৰেণীত ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত হ’ব সাংকেতিক ভাষা। বুধবাৰে সামাজিক মাধ্যমত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চলিত বৰ্ষত ইতিমধ্যে ৭০জন তেনে শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে আৰু ইতিমধ্যে শিক্ষকৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে বুলিও কয় মুখ্য়মন্ত্ৰীয়ে।