শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Shubhanshu shukla: ঘন্টাত ৩০,০০০ কিলোমিটাৰ ! মহাকাশলৈ ৰাওনা হোৱা শুভাংশুই প্ৰেৰণ কৰিলে প্ৰথম বাৰ্তা, দেশবাসীক ক’লে…

দেশবাসীক গৌৰৱান্বিত কৰি মহাকাশলৈ উৰা মাৰিছে শুভাংশু শুক্লা। তেওঁৰ লগতে আছে আন দেশৰ মহাকাশচাৰী। উৰণ আৰম্ভ হোৱাৰ পাছতে শুক্লাই দেশবাসীৰ বাবে বিশেষ বাৰ্তা প্ৰেৰণ কৰে।

Shubhanshu shukla: ঘন্টাত ৩০,০০০ কিলোমিটাৰ ! মহাকাশলৈ ৰাওনা হোৱা শুভাংশুই প্ৰেৰণ কৰিলে প্ৰথম বাৰ্তা, দেশবাসীক ক’লে…
শুভাংশু শুক্লাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 25 Jun 2025 22:55 PM

২৫ জুন! ভাৰতৰ ইতিহাসত আজিৰ দিনটো সোণালী আখৰেৰে জিলিকি থাকিব। কিয়নো এই দিনটোতে ভাৰতীয় শুভাংশু শুক্লাই উৰা মাৰিছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচন (ISS) লৈ। এক্সিয়াম-৪ (axiom-4) অভিযানত শুভাংশুৰ সৈতে আছে আন ৩ জন মহাকাশচাৰী। ভাৰতীয় সময় অনুসৰি বুধবাৰে দুপৰীয়া ১২.০১ বজাত এই মিছন আৰম্ভ হয় আৰু ২৮ ঘণ্টাৰ যাত্ৰাৰ অন্তত ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া ৪:৩০ বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হ’ব।

উৰাণৰ পাছতে শুভাংশুই প্ৰথম বাৰ্তা প্ৰেৰণ কৰে। শুভাংশুই কয়, “নমস্কাৰ মোৰ প্ৰিয় দেশবাসী। ৪১ বছৰৰ পিছত আমি পুনৰ মহাকাশলৈ আহিছো। এই সময়ত আমি প্ৰতি ছেকেণ্ডত ৭.৫ কিলোমিটাৰ বেগেৰে পৃথিৱীৰ চাৰিওফাৰে ঘূৰি আছো। মোৰ কান্ধত ত্ৰিৰংগ আছে, যিয়ে মোক কৈছে যে মই অকলশৰীয়া নহয়, আপোনালোক সকলো মোৰ লগত আছে।”

তেওঁ আৰু কয়, , “এয়া মোৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাত্ৰাৰ আৰম্ভণি নহয়, এয়া ভাৰতৰ মানৱ মহাকাশ কাৰ্যসূচীৰ আৰম্ভণি। মই বিচাৰো আপোনালোক সকলোৱে এই যাত্ৰাৰ অংশ হওক। আপোনালোকৰ বুকু গৌৰৱেৰে ফুলি উঠক। আহক আমি সকলোৱে মিলি ভাৰতৰ মানৱ মহাকাশ কাৰ্যসূচী আৰম্ভ কৰো। জয় হিন্দ! জয় ভাৰত!”

উল্লেখ্য যে, বহু প্ৰতীক্ষাৰ অন্তত বুধবাৰে বিয়লি ১২:০১ বজাত এক্সিয়াম-৪ অভিযান আৰম্ভ কৰা হয়। ইয়াৰ পূৰ্বে কেইবাটাও ভিন্ন কাৰণত এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণ পিছুৱাই দিয়া হৈছিল। পূৰ্বৰ সময় অনুসৰি এই অভিযান ২৯ মে’ত আৰম্ভ হ’বলগীয়া আছিল যদিও বিভিন্ন কাৰণত পিছুৱাই দিয়া হৈছিল। ইয়াৰ পাছত ৮ জুন, ১০ জুন আৰু ১১ জুনলৈ পিছুৱাই দিয়া হৈছিল। অৱশেষত ২৫ জুনত এই অভিযানৰ আৰম্ভণি হয়।

উৎক্ষেপণৰ সময়ত এক্সিয়াম-৪ অভিযানে ঘণ্টাত প্ৰায় ৩০ হাজাৰ কিলোমিটাৰ বেগত মহাকাশলৈ উৰা মাৰিছে। ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ লঞ্চ কমপ্লেক্স ৩৯এৰ পৰা উৰা মাৰে।

মহাকাশত এক্সিয়াম-৪ৰ এয়া চতুৰ্থটো ব্যক্তিগত অভিযান। এয়া নাছা আৰু SpaceX ৰ যৌথ অভিযান। এই মহাকাশ অভিযানত ৪ খন দেশৰ ৪ গৰাকী মহাকাশচাৰীক অন্তৰ্ভুক্ত কৰা হৈছে। অভিযানত ভাৰতৰ লগতে আমেৰিকা, পোলেণ্ড আৰু হাংগেৰীৰ মহাকাশচাৰী আছে।

নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা এক্সিয়াম স্পেচৰ মানৱ মহাকাশ উৰণৰ সঞ্চালক পেগী হুইটছনে এই অভিযানৰ নেতৃত্ব প্ৰদান কৰিছে। শুভাংশু শুক্লাই পাইলট হিচাপে কাম কৰিব।  ইয়াৰোপৰি এই অভিযানত দুজন বিশেষজ্ঞ পোলেণ্ডৰ ই এছ এ (ইউৰোপীয় মহাকাশ সংস্থা) ৰ মহাকাশচাৰী শ্লোভোজ উজনানস্কি-উইছনিয়েভস্কি আৰু হাংগেৰীৰ হুন’ৰ মহাকাশচাৰী টিবোৰ কাপু আছে। চাৰিওজন মহাকাশচাৰী ১৪ দিন মহাকাশত থাকিব, য’ত তেওঁলোকে বিভিন্ন গৱেষণা কৰিব।

 

 

অন্য খবৰ পঢ়কঃ Shubhunshu shukla: মহাকাশলৈ যোৱা শুভাংশু শুক্লাই লাভ নকৰে ১ টকাও! আঁৰত আছে বিশেষ কাৰণ…