কি কাৰ্যৰ বাবে ভাৰতত অধিক ব্যৱহৃত হয় ChatGPT? সমীক্ষাত প্ৰকাশ এনে তথ্য
অধ্যয়নত দেখা গৈছে যে ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ChatGPT ব্যৱহাৰকাৰী। ChatGPTৰ মুঠ ট্ৰেফিকৰ প্ৰায় ৮.৭ শতাংশ আহে ভাৰতৰ পৰা আহে। পিছে এই AI ভাৰতীয় ব্যৱহাৰকাৰীয়ে কি ক্ষেত্ৰত অধিক ব্যৱহাৰ কৰে জানেনে?
কৃত্ৰিম বুদ্ধিমত্তা, অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ (AI) এতিয়া সকলো ক্ষেত্ৰতে ব্যৱহাৰ হয়। এক কথাত AIৰ ব্যৱহাৰে সাম্প্ৰতিক সময়ত ব্যক্তিৰ জীৱন বহু দিশত যথেষ্ট সহজ কৰি তুলিছে। পিছে এই AI ক’ত ব্যৱহাৰ কৰা হৈছে জানেনে? OpenAI আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ যৌথ অধ্যয়নত এতিয়া কিছু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। অধ্যয়ন মতে বিশ্বৰ কোটি কোটি লোকে ChatGPT ব্যৱহাৰ কৰে যদিও ক’ডিঙৰ দৰে জটিল কামৰ বাবে ইয়াৰ ব্যৱহাৰ যথেষ্ট কম।
বৰঞ্চ ব্যৱহাৰকাৰীয়ে ChatGPTত সহজ প্ৰশ্নৰ সন্ধান কৰাতহে অধিক আগ্ৰহ প্ৰকাশ কৰিছে। ChatGPTৰ প্ৰায় ১৫ লাখ কথোপকথন বিশ্লেষণ কৰি গৱেষকসকলে এই সিদ্ধান্তত উপনীত হৈছে। তেওঁলোকে কয় যে ৪৯ শতাংশ ব্যৱহাৰকাৰীয়ে কোনো প্ৰশ্ন সুধিবলৈ বা পৰামৰ্শ ল’বলৈ ChatGPT ব্যৱহাৰ কৰে। অৰ্থাৎ তেওঁলোকে AIক ডিজিটেল পৰামৰ্শদাতা হিচাপে গ্ৰহণ কৰিছে।
এই অধ্যয়ন মতে ৪০ শতাংশ ব্যৱহাৰকাৰীয়ে ChatGPTৰ জৰিয়তে দৈনিক কাম যেনে ইমেইল লিখা, নথিপত্ৰ প্ৰস্তুত ইত্যাদি কাম কৰে। আনহাতে ১১ শতাংশ লোকে ব্যক্তিগত চিন্তা বা কেৱল আড্ডাৰ বাবে ChatGPT ব্যৱহাৰ কৰে।
কিন্তু সকলো কামতে বিশেষজ্ঞ ChatGPTৰ দৰে প্লেটফৰ্মত ক’ডিঙৰ দৰে কাম অতি কম লোকেইহে কৰে। হাৰ্ভাৰ্ডৰ অৰ্থনীতিবিদ ডেভিড ডেমিংৰ নেতৃত্বত চলা এই অধ্যয়নত দেখা গৈছে যে ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ChatGPT ব্যৱহাৰকাৰী। ChatGPTৰ মুঠ ট্ৰেফিকৰ প্ৰায় ৮.৭ শতাংশ আহে ভাৰতৰ পৰা আহে।
অধ্যয়ন মতে কম আৰু মধ্যম আয়ৰ দেশত ChatGPTৰ ব্যৱহাৰ চাৰিগুণ বৃদ্ধি পাইছে। লগতে ইয়াৰ সুবিধা গ্ৰহণৰ ক্ষেত্ৰত লিংগ ব্যৱধান প্ৰায় নাই বুলি অধ্যয়নত প্ৰকাশ। পিছে জটিল কাৰিকৰী দক্ষতাতকৈ সাধাৰণ দৈনন্দিন সমস্যা সমাধানৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে ব্যৱহাৰকাৰী।