দেৱালীৰ পূৰ্বে ইচ্ছা পূৰণেৰে পোহৰাব পাৰে মনঃ যথেষ্ট হ্ৰাস পালে ৰয়েল এনফিল্ডৰ এইকেইখন বাইকৰ দাম
দুৰ্গা পূজাৰ পিছত এতিয়া দেৱালীৰ আনন্দই স্পৰ্শ কৰিব দেশবাসীক। দেৱালীৰ এই উৎসৱৰ আনন্দৰ সময়ত যদি আপুনি পছন্দ অনুসাৰে ৰয়েল এনফিল্ডৰ বাইক ক্ৰয় কৰিব বিচাৰে, জেপৰ যথেষ্ট ধন এতিয়া ৰক্ষা পৰিব। চাওক এই বিষয়ে।

শেহতীয়াকৈ ভাৰত চৰকাৰে দেশত কাৰ্যকৰী কৰিছে GST 2.0। এই নতুন জি এছ টি অনুসৰি বহু সামগ্ৰীৰ দাম হ্ৰাস পাইছে। GST 2.0ৰ আধাৰত ৩৫০ চি চি পৰ্যন্ত মটৰ চাইকেলৰ কৰ পূৰ্বৰ ২৮%ৰ পৰা ১৮%লৈ হ্ৰাস কৰা হৈছে। এই সিদ্ধান্তৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ৰয়েল এনফিল্ডৰ ৩৫০ চিচি ৰেঞ্জৰ মটৰ চাইকেলত। সাধাৰণতেই যুৱ চামৰ মাজত ৰয়েল এনফিল্ডৰ বাইকৰ প্ৰতি এক বিশেষ আকৰ্ষণ দেখা যায়। এতিয়া দাম হ্ৰাসৰ পিছত কোম্পানীটোৰ বাইক ক্ৰয়ৰ সংখ্যা স্বাভাৱিকতেই এতিয়া বৃদ্ধি পাব।
দুৰ্গা পূজাৰ পিছত এতিয়া দেৱালীৰ আনন্দই স্পৰ্শ কৰিব দেশবাসীক। দেৱালীৰ এই উৎসৱৰ আনন্দৰ সময়ত যদি আপুনি পছন্দ অনুসাৰে ৰয়েল এনফিল্ডৰ বাইক ক্ৰয় কৰিব বিচাৰে, জেপৰ যথেষ্ট ধন এতিয়া ৰক্ষা পৰিব। নতুন জি এছ টিৰ সুবাদত এতিয়া অধিক সুলভ হৈ পৰিছে Classic 350, Bullet 350, Hunter 350, Meteor 350 আৰু নতুন Goan Classic 350।
ৰয়েল এনফিল্ড Goan Classic 350
ৰয়েল এনফিল্ড Goan Classic 350 কোম্পানীটোৰ শেহতীয়া আৰু আটাইতকৈ ষ্টাইলিছ বাইক। বিশেষভাৱে ববাৰ ষ্টাইলৰ লুক প্ৰদান কৰিব ডিজাইন কৰা এই বাইকখনে যুৱক-যুৱতীসকলক যথেষ্ট আকৰ্ষিত কৰিছে। এই বাইকখনৰ মূল্য এতিয়া প্ৰায় ২০ হাজাৰ টকা হ্ৰাস পাইছে।
ৰয়েল এনফিল্ড Classic 350
কোম্পানীটোৰ আটাইতকৈ জনপ্ৰিয় বাইক Classic 350 এতিয়া আৰু অধিক সুলভ হৈ পৰিছে। আৰামদায়ক ৰাইড আৰু শক্তিশালী থাম্পৰ বাবে জনপ্ৰিয় এই বাইকখনত এতিয়া ১৯ হাজাৰ টকাৰো অধিক দৰ হ্ৰাস পাইছে।
ৰয়েল এনফিল্ড Bullet 350
ৰয়েল এনফিল্ডৰ বিশেষ পৰিচয় হৈ পৰা Bullet 350ৰ শীৰ্ষ ভেৰিয়েণ্ট ব্লেক গোল্ডৰ মূল্য ১৮ হাজাৰ টকাৰো অধিক হ্ৰাস পাইছে। গতিকে গ্ৰাহকে এতিয়া পছন্দৰ এই বাইকখন ক্ৰয়ৰ বাবে স্বাভাৱিকতেই ইচ্ছা প্ৰকাশ কৰিব।
ৰয়েল এনফিল্ড Meteor 350
ক্ৰুজাৰ ছেগমেণ্টৰ বাবে জনপ্ৰিয় হৈ পৰা কোম্পানীটোৰ আকৰ্ষণীয় বাইক Meteor 350ৰ ছুপাৰন’ভা ট্ৰিমৰ মূল্য ১৬ হাজাৰ টকাৰো অধিক হ্ৰাস পাইছে। শেহতীয়া আপডেটত বাইকখন কেইবাটাও নতুন ৰঙত মুকলি হৈছে। মূল্য হ্ৰাসৰ পিছত এতিয়া গ্ৰাহকৰ সমুখত এই বাইকখন এক আকৰ্ষণীয় বিকল্প হৈ পৰিছে।
ৰয়েল এনফিল্ড Hunter 350
Hunter 350 ৰয়েল এনফিল্ডৰ আটাইতকৈ কমপেক্ট আৰু বাজেট-ফ্ৰেণ্ডলী বাইক। ইয়াৰ মূল্য প্ৰায় ১৫,০০০ টকা হ্ৰাস কৰা হৈছে। গতিকে পূৰ্বতকৈও এতিয়া এই বাইকখনৰ চাহিদা যুৱচামৰ মাজত অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।