শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আপোনাৰ ফোনত আছে নেকি এই এপ? ছেকেণ্ডত হ’ব পাৰে একাউন্ট খালী…

শেহতীয়াকৈ পুনৰ চৰকাৰে ট্ৰেডিং কৰি টকা উপাৰ্জন কৰা এটা ভুৱা এপৰ বিষয়ে জনতাক সজাগ কৰিছে। এই এপটোৱে ছেকেণ্ডত আপোনাৰ একাউন্ট খালী কৰিব পাৰে।

আপোনাৰ ফোনত আছে নেকি এই এপ? ছেকেণ্ডত হ’ব পাৰে একাউন্ট খালী…
প্ৰতীকী ফটোImage Credit source: Freepik
barasha-sarma
Barasha Sarma | Published: 04 Jul 2025 13:14 PM

বৰ্তমান ডিজিটেলৰ যুগ। যিমানেই বস্তুবোৰ ডিজিটেল হৈ গৈছে সিমানেই প্ৰৱঞ্চনাৰ আশংকাও যেন বাঢ়িছে। নিতৌ একাংশ দুৰ্বৃত্তই মানুহক প্ৰৱঞ্চনা কৰিবলৈ ন ন কৌশল অৱলম্বন কৰে। কেতিয়াবা যদি লিংকৰ জৰিয়তে মানুহক জালত পেলোৱাৰ চেষ্টা কৰে, কেতিয়াবা আকৌ ভিডিঅ’ কলৰ জৰিয়তে। গতিকে মানুহে সদায় সজাগ হৈ থকা ভাল।

চৰকাৰেও এই ক্ষেত্ৰত মানুহক সজাগ হৈ থাকিবলৈ কয়। শেহতীয়াকৈ পুনৰ চৰকাৰে ট্ৰেডিং কৰি টকা উপাৰ্জন কৰা এটা ভুৱা এপৰ বিষয়ে জনতাক সজাগ কৰিছে। এই এপটোৱে ছেকেণ্ডত আপোনাৰ একাউন্ট খালী কৰিব পাৰে। এই ভুৱা এপটোৰ নাম 5pit Trade। এই ভুৱা এপটোৰ বিষয়ে তথ্য চাইবাৰ দোষ্টে দিছে, চাইবাৰ দোষ্ট (Cyber Dost) হৈছে চাইবাৰ নিৰাপত্তাৰ বিষয়ে মানুহক সজাগ কৰাৰ এক পদক্ষেপ যিটো ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত আছে।

আপোনাৰ ধনৰ ওপৰত বেয়া চকু থকা একাংশ দুৰ্বৃত্তই মূল এপৰ দৰে দেখাক একে এপ তৈয়াৰ কৰে। যাৰ ফলত মানুহে প্ৰকৃত আৰু ভুৱা এপ চিনাক্ত কৰাটো কঠিন হৈ পৰে। মানুহে ভুৱা এপটো অৰিজিনেল বুলি ভাবি ডাউনলোড কৰি একাউণ্ট তৈয়াৰ কৰি নিজৰ ব্যক্তিগত তথ্য দিয়ে।

 

যদি আপোনাৰ ফোনক 5pit Trade ৰ দৰে ভুৱা এপ আছে তেন্তে সাৱধান হওক। ইয়াৰ জৰিয়তে আপুনি প্ৰৱঞ্চকৰ জালত পৰিব পাৰে আৰু বৃহৎ লোকচানৰ সন্মুখীন হ’ব পাৰে। সম্ভৱতঃ বহুতে এই এপটো ডাউনলোড কৰিছে, কাৰণ এই এপটোৰ ল’গ’টো 5paisa এপৰ দৰেই বনোৱা হৈছে। যদি আপোনাৰ ফোনতো এই ট্ৰেডিং এপ আছে, তেন্তে এই এপটো তৎক্ষণাত আনইনষ্টল কৰক আৰু ডিলিট কৰাৰ আগতে এপটোৰ পৰা আপোনাৰ বেংক একাউণ্টৰ সবিশেষ আঁতৰাবলৈ নাপাহৰিব।

এই  সন্দৰ্ভত চাইবাৰ দোষ্টৰ অফিচিয়েল এক্স একাউণ্টৰ পৰা এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে । য’ত তেওঁলোকে জনতাক সজাগ কৰি দিছে । যদি আপুনি এই ফটোখন ভালদৰে চায় তেন্তে আপুনি লক্ষ্য কৰিব যে এপল এপ ষ্ট’ৰৰ চিম্বলটো দেখা গৈছে, ইয়াৰ পৰাও বুজা যায় যে এই এপটো এপল এপ ষ্ট’ৰতো উপলব্ধ আছিল। চৰকাৰে  আহ্বান কৰিছে, যদি আপুনি এনে এপ দেখা পাইছে তেন্তে ৰিপোৰ্ট কৰক।

 

অন্য খবৰ পঢ়কঃ ৬০ দিনৰ ভিতৰত আৰম্ভ হ’ব ষ্টাৰলিংকৰ ইন্টাৰনেট সেৱা! ইয়াৰ বাবে আপুনি কিমান টকা খৰচ কৰিব লাগিব, জানক…