শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

২৫ আগষ্টই শেষ সীমা, তাৰ পিছত আৰু লাভ নকৰিব গুগলৰ এই সুবিধা

বিশ্বৰ সৰ্ববৃহৎ চাৰ্চ ইঞ্জিন গুগলে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি গুগলে এক বিশেষ সেৱা কম সময়ৰ ভিতৰতে বন্ধ কৰিব। পিছে কি এই বিশেষ সেৱা, জানিবলৈ চাওক।

২৫ আগষ্টই শেষ সীমা, তাৰ পিছত আৰু লাভ নকৰিব গুগলৰ এই সুবিধা
গুগলে বন্ধ কৰিব এক বিশেষ সেৱাImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 26 Jul 2025 19:28 PM

বিশ্বৰ সৰ্ববৃহৎ চাৰ্চ ইঞ্জিন গুগল। ব্যৱহাৰকাৰীয়ে নিজৰ মনত উদয় হোৱা প্ৰতিটো প্ৰশ্নৰ উত্তৰ গুগলত বিচাৰি পায়। গুগলে প্ৰতিক্ষণতে মানুহক সহায় কৰিব পৰা বহু সেৱা আগবঢ়ায়। পিছে এতিয়া গুগলে এক বিশেষ সেৱা চিৰদিনৰ বাবে বন্ধ কৰাৰ বাবে আগবাঢ়িছে। প্ৰকাশিত খবৰ অনুসৰি গুগলৰ জনপ্ৰিয় সেৱা Google URL Shortener বন্ধ কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। এই সেৱাই দীঘল URLসমূহ চুটি কৰাত সহায় কৰে। ইয়াৰ সহায়ত এই লিংকসমূহ অন্য প্লেটফৰ্মসমূহত সহজে শ্বেয়াৰ কৰিব পাৰে।

উল্লেখ্য যে ২০১৮ চনত গুগলে এই প্লেটফৰ্ম বন্ধ কৰা হ’ব বুলি জানিবলৈ দিছিল। বিগত বৰ্ষত কোম্পানীটোৱে ঘোষণা কৰিছিল যে Google URL Shortener চুটি কৰা লিংকসমূহে কম সময়ৰ ভিতৰতে অকাৰ্যক্ষম হৈ পৰিব। গুগলৰ এই সিদ্ধান্ত এতিয়া অৱশেষত অহা মাহৰ পৰা কাৰ্যকৰী হ’ব।

গুগলে URL Shortener (goo.gl) সেৱা বন্ধ কৰাৰ নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰিছে। কোম্পানীটোৱে জানিবলৈ দিয়া মতে অহা ২৫ আগষ্টৰ পৰা ব্যৱহাৰকাৰীসকলে এই সেৱা ব্যৱহাৰ কৰিব নোৱাৰিব। ২৫ আগষ্টৰ পিছত কোনো goo.gl লিংকে কাম নকৰে আৰু 404 Error দেখা পাব। উল্লেখ্য যে ব্যৱহাৰকাৰীসকলে চাব বিচৰা ৱেব পৃষ্ঠাটোৰ কোনো ভিত্তি নাথাকিলে এই 404 Error দেখুওৱা হয়।

বিগত কেইবছৰমানৰ পৰা Google URL Shortener ৰ ট্ৰেফিক হ্ৰাস পাইছে বুলি গুগলে জানিবলৈ দিছিল। কোম্পানীটোৱে প্ৰকাশ কৰিছে যে ২০২৪ চনৰ জুন মাহটোত ৯৯ শতাংশ লিংকত কোনো কাৰ্যকলাপ ৰেকৰ্ড কৰা হোৱা নাছিল। ইয়াৰ পিছত Google URL Shortenerৰ ঠাইত Firebase Dynamic Links (FDL) ব্যৱহাৰ কৰা হৈছে।

অৱশ্যে এইক্ষেত্ৰত কিছুমান সেৱা ৰেহাই দিয়া হ’ব বুলি গুগলে স্পষ্ট কৰি দিছে। কোম্পানীটোৱে এই সন্দৰ্ভত উল্লেখ কৰা মতে লোকেচন শ্বেয়াৰ কৰাৰ বাবে ‘Maps’ৰ দৰে গুগল এপৰ জৰিয়তে সৃষ্টি কৰা goo.gl লিংকসমূহে ২৫ আগষ্টৰ সময়সীমাৰ পিছতো কাম কৰি যাব।