গুগল মেপত পথৰ সন্ধান চলাই আৰু নপৰে সমস্যাত! এই নতুন AI আপডেটে কৰিব সকলো সহজ
বহুসময়ত গুগল মেপ ব্যৱহাৰ কৰি বিপদৰ সন্মুখীন নোহোৱাকৈয়ো নাথাকে। গুগল মেপৰ এই সমস্যা এতিয়া দূৰ হোৱাৰ দিশে। কিয়নো এতিয়া অধিক স্মাৰ্ট হৈ পৰিছে গুগল মেপ। জানো আহক এই বিষয়ে।
কোনো স্থানলৈ যোৱাৰ সময়ত এতিয়া পথৰ সন্ধানৰ ক্ষেত্ৰত সকলো লোকৰে বিপদৰ বন্ধু গুগল মেপ। পিছে বহুসময়ত গুগল মেপ ব্যৱহাৰ কৰি বিপদৰ সন্মুখীন নোহোৱাকৈয়ো নাথাকে। গুগল মেপৰ এই সমস্যা এতিয়া দূৰ হোৱাৰ দিশে। কিয়নো এতিয়া অধিক স্মাৰ্ট হৈ পৰিছে গুগল মেপ। গুগল মেপৰ শেহতীয়া আপডেটত Gemini AI যোগ কৰা হৈছে। এই নতুন আপডেটে সমগ্ৰ ড্ৰাইভিং আৰু নেভিগেচন ব্যৱস্থাক এতিয়া নতুন ৰূপত আগবঢ়াবলৈ সাজু হৈছে।
বিশেষকৈ যিসকল লোকে যাত্ৰাৰ সময়ত নিজৰ ফোন ব্যৱহাৰ কৰাৰ হেঁচা এৰাই চলিব বিচাৰে, তেওঁলোকৰ বাবে এই আপডেট অধিক উপকাৰী বিবেচিত হ’ব। এতিয়া গুগল মেপে কেৱল দিশ নিৰ্দেশনা দিয়াই নহয়, নিমিষতে সঁহাৰি দি আপোনাৰ যাত্ৰাপথ অধিক সহজ কৰি তুলিব।
হেণ্ডছ-ফ্ৰী নেভিগেচন
এই আপডেটৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হ’ল হেণ্ডছ ফ্ৰী নেভিগেচন। Geminiৰ সহায়ত এতিয়া আপুনি ষ্টিয়াৰিঙৰ পৰা হাত আঁতৰ নকৰাকৈয়ে পথ সলনি কৰা, বাটত ৰেষ্টুৰেণ্ট বিচাৰি উলিওৱা ইত্যাদি সকলো কাম কৰিব পাৰিব। গুগলে জানিবলৈ দিয়া মতে ব্যৱহাৰকাৰীসকলে এতিয়া যাত্ৰাৰত অৱস্থাতে AIক প্ৰশ্ন কৰিব পাৰিব আৰু AI এ তৎক্ষণাত সঁহাৰি দিব।
লেণ্ডমাৰ্ক-ভিত্তিক নেভিগেচন
নতুন আপডেটৰ পিছত এতিয়া ‘৫০০ মিটাৰৰ পিছত সোঁফালে ঘূৰিব’ৰ দৰে নিৰ্দেশনা দিয়াৰ পৰিৱৰ্তে মেপে সহজ ভাষাত দিশ নিৰ্দেশনা দিব। অৰ্থাৎ আপোনাৰ লক্ষ্যস্থানৰ পথৰ সমীপত যদি কোনো তেল ডিপো থাকে, মেপে সেই ‘তেল ডিপোৰ পিছত সোঁফালে ঘূৰিব’ বুলি নিৰ্দেশনা দিব।
গুগলে ২৫ কোটিতকৈও অধিক ঠাইৰ তথ্য ষ্ট্ৰীট ভিউৰ সৈতে সংযোজিত কৰিছে, ইয়াৰ ফলত মেপে ব্যৱহাৰকাৰীক পথত সহজে দেখা পোৱা লেণ্ডমাৰ্ক দেখুৱাব পাৰে। এই সুবিধা বৰ্তমান কেৱল আমেৰিকাতহে প্ৰৱৰ্তন কৰা হৈছে যদিও ভৱিষ্যতে আন দেশলৈও সম্প্ৰসাৰিত হ’ব পাৰে।
নেভিগেচন অবিহনে ট্ৰেফিক সতৰ্কবাণী
তৃতীয় আপডেটটো হৈছে নেভিগেচন অবিহনে ট্ৰেফিক এলাৰ্টছ। মেপসমূহে এতিয়া আপোনাক স্বয়ংক্ৰিয়ভাৱে পথ বন্ধ, ট্ৰেফিক জাম, বা দুৰ্ঘটনাৰ বিষয়ে সতৰ্ক কৰি দিব। ইয়াৰ উদ্দেশ্য হৈছে ব্যৱহাৰকাৰীসকলৰ সময় ৰাহি কৰা আৰু অপ্ৰত্যাশিত সমস্যাৰ আগতীয়া সতৰ্কবাণী প্ৰদান কৰা। এই বৈশিষ্ট্য আমেৰিকাত এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলৰ বাবে আৰম্ভ কৰা হৈছে।