Google 27th Birthday: ২৭ বছৰীয়া হ’ল গুগল, এইদৰে হৈ পৰিল ইণ্টাৰনেট জগতৰ অঘোষিত ‘সম্ৰাট’
কোম্পানীটোৱে ব্যৱসায়িক সফলতা লাভ কৰাৰ লগে লগে নতুন সামগ্ৰী আৰু সেৱা মুকলি কৰি নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ আৰম্ভ কৰে। এইদৰে ক্ৰমাৎ গুগল হৈ পৰে বিশ্বজুৰি ইণ্টাৰনেট জগতৰ সবাতোকৈ বিশ্বাসযোগ্য প্লেটফৰ্ম।

আমাৰ দৈনন্দিন জীৱনৰ সহচৰ গুগলে আজি ২৭ বছৰ সম্পূৰ্ণ কৰিলে। ইণ্টাৰনেট জগতত একপ্ৰকাৰে অঘোষিত সম্ৰাট হৈ পৰা গুগলে শেহতীয়া সময়ছোৱাত অতিক্ৰম কৰিছে অনন্য সাফল্যৰ পথ। কেৱল চাৰ্চ ইঞ্জিন হিচাপেই নহয়, গুগলৰ দ্বাৰা বিশ্বজুৰি জনসাধাৰণে আন বহু সেৱাও উপলব্ধ। আমাৰ প্ৰতিটো সহজৰ পৰা কঠিনতম প্ৰশ্নৰ উত্তৰ গুগলে দাঙি ধৰে আমাৰ সমুখত। এক কথাত গুগল আমাৰ সকলোৰে জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে।
গুগল হৈছে জ্ঞানৰ এক ভঁৰাল। শিশুৰ বিদ্যালয়ৰ ঘৰুৱা কামৰ পৰা আৰম্ভ কৰি পেছাদাৰী কাৰ্যলৈকে সকলোৰে বাবে অতি প্ৰয়োজনীয় তথ্যৰ সহজ সমাধান প্ৰদান কৰে গুগলে। ২৭ সংখ্যক জন্মদিন উপলক্ষে গুগলে তৈয়াৰ কৰিছে এক অনন্য ডুডল। ডুডলটোত গুগল নামটো বিশেষ ৰূপত উপস্থাপন কৰা হৈছে।
আধুনিক বিশ্বৰ জনসাধাৰণৰ সহচৰ গুগলৰ স্বত্বাধিকাৰী হৈছে আমেৰিকান কোম্পানী আলফাবেট। ভাৰতীয় মূলৰ সুন্দৰ পিচাই হৈছে এই কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO)। ইণ্টাৰনেট জগতৰ অঘোষিত সম্ৰাট হৈ পৰাৰ ক্ষেত্ৰত গুগলে লাভ কৰা সফলতাৰ দুটা প্ৰধান কাৰণ হ’ল ইয়াৰ ‘ক্লীন ইণ্টাৰফেচ’ আৰু উৎকৃষ্ট ‘চাৰ্চ ৰিজাল্ট’।

গুগল
এই দুটা প্ৰধান কাৰণৰ বাবেই কোম্পানীটোৱে প্ৰাৰম্ভিক অৱস্থাত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। কোম্পানীটোৱে ব্যৱসায়িক সফলতা লাভ কৰাৰ লগে লগে নতুন সামগ্ৰী আৰু সেৱা মুকলি কৰি নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ আৰম্ভ কৰে। এইদৰে ক্ৰমাৎ গুগল হৈ পৰে বিশ্বজুৰি ইণ্টাৰনেট জগতৰ সবাতোকৈ বিশ্বাসযোগ্য প্লেটফৰ্ম।
গুগলৰ সৃষ্টিত লেৰী পেজ আৰু চাৰ্জী ব্ৰিনে মুখ্য ভূমিকা পালন কৰিছিল। গুগল এই দুজন আমেৰিকান কম্পিউটাৰ বিজ্ঞানীৰ মগজুৰে উৎকৃষ্ট সৃষ্টি। এই দুজন কম্পিউটাৰ বিজ্ঞানীয়ে ১৯৯৮ চনৰ ৪ ছেপ্টেম্বৰত গুগল প্ৰতিষ্ঠা কৰিছিল। গুগলৰ আৰম্ভণি কৰাৰ সময়ত তেওঁলোকে কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল।