Google Advanced Protection: নপৰে চাইবাৰ অপৰাধীৰ জালত, নহয় একাউন্ট হেক! অন কৰি লওক গুগলৰ এই বিশেষ ফিচাৰ…
Goggle Protection tips: বৰ্তমান ডিজিটেলৰ যুগ। আজিৰ সময়ত অনলাইন এপ ব্যৱহাৰ কৰা যিমান সহজ সিমান বিপদজনকো। কিন্তু গুগলে এনে এক ব্যৱস্থা আনিছে যাৰ অধীনত ব্যৱহাৰকাৰীসকলে অধিক সুবিধা লাভ কৰিব আৰু হেকিঙৰ আশংকা কমি যাব।

আজিকালি ডিজিটেলৰ যুগ। কিন্তু যিমানেই মানুহ অনলাইনৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰে সিমানেই কিছুমান সমস্যাতো পৰে। বৰ্তমান সময়ত অনলাইন একাউণ্টত হেকিং আৰু চাইবাৰ আক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে। এনেবোৰ কাৰণতে মানুহে লাখ লাখ টকা হেৰুৱাব লগা হয় আনকি বহু সময়ত মানুহে চৰম পন্থা বাছি ল’বলগীয়া অৱস্থাতো পৰে। কিন্তু অনলাইন হেকিং ৰোগ কৰাৰ ক্ষেত্ৰত শেহতীয়াকৈ গুগলে এক বিশেষ সুবিধা ব্যৱহাৰকাৰীসকলৰ বাবে লৈ আনিছে। ইয়াক গুগল এডভান্সড প্ৰটেকচন প্ৰগ্ৰেম (Google Advanced Protection Program) বুলি কোৱা হয়।
এই প্ৰগ্ৰেম বিশেষকৈ সাংবাদিক, ৰাজনীতিবিদ, চেলিব্ৰিটি, চৰকাৰী বিষয়া বা যিসকল লোকৰ তথ্য প্ৰয়োজনীয়া সেইসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। গুগলৰ এই প্ৰগ্ৰেমটো কি আৰু ই কেনেকৈ কাম কৰে এই লেখাটোত উল্লেখ কৰা হ’ল।
Google Advanced Protection কি?
Google Advanced Protection এনে এক প্ৰগ্ৰেম যি আপোনাৰ Gmail, Google Drive, Photos আৰু Google একাউন্টত অতিৰিক্ত সুৰক্ষা প্ৰদান কৰে। ইয়াত থকা চিকিউৰিটি লেয়াৰ সাধাৰণ লগ ইনতকৈ বেছি সুৰক্ষিত আৰু ভাল।
ইয়াৰ সুবিধা কি?
- ষ্ট্ৰং লগ ইন চিকিউৰিটিঃ ইয়াত লগ ইন কৰিবলৈ Security Key ৰ প্ৰয়োজন হয়।
- ফিছিঙৰ পৰা সুৰক্ষা: ভুৱা ৱেবছাইট বা ইমেইলৰ পৰা আহিবলগীয়া ফিছিং আক্ৰমণৰ পৰা সুৰক্ষা দিয়ে।
- অজ্ঞাত এপসমূহ ব্লক কৰাঃ এই প্ৰগ্ৰেমে তৃতীয় পক্ষৰ এপসমূহ ব্লক কৰে। ইয়াৰোপৰি যিয়ে আপোনাৰ ডেটাৰ এক্সেচ বিচাৰে কিন্তু সুৰক্ষিত নহয়, সেইসমূহকো ব্লক কৰে।
- ৰিকভাৰী প্ৰচেছ কঠিনঃ যদিও আপুনি আপোনাৰ পাছৱৰ্ড পাহৰি যায়, তেন্তে ৰিকভাৰী তথা পুনৰুদ্ধাৰ প্ৰক্ৰিয়া নিয়মীয়া একাউণ্টতকৈ অধিক সুৰক্ষিত হয়।
কেনেকৈ লগ ইন কৰিব
ইয়াৰ বাবে প্ৰথমে https://g.co/advancedprotection লৈ যাওক। ইয়াৰ পিছত আপোনাৰ গুগল একাউণ্টৰ সৈতে চাইন ইন কৰক। ইয়াত দিয়া নিৰ্দেশনা অনুসৰণ কৰিSecurity Key ক্ৰয় কৰি চেটআপ কৰক। এবাৰ চেটআপ হোৱাৰ পাছত আপোনাৰ একাউন্ট সুৰক্ষিত। এক কথাত একাউন্ট এডভান্স প্ৰটোকশ্যন মোডত আহি যাব।
অন্য খবৰ পঢ়কঃ WhatsApp ত ডাঙৰ পৰিবৰ্তন! মেছেজ প্ৰেৰণত থাকিব সীমাবদ্ধতা, ভৰিব লাগিব অধিক টকা, জানক সকলো…