আকৰ্ষণীয় EMI বিকল্পৰ জৰিয়তে ক্ৰয় কৰক iPhone 15…
বাজেট নাথাকিলেও আপুনি আইফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে । ২০০০ টকাৰ পৰা ৪০০০ টকাৰ ভিতৰত মাহেকীয়া EMI পৰিশোধ কৰি ক্ৰয় কৰিব পাৰিব আইফোন ।
 
                                নতুন বছৰত আইফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি ? বাজেটৰ বাবে বহুতে আইফোন ক্ৰয় কৰাৰ বাবে পৰিকল্পনা কৰিলেও ক্ৰয় কৰিব নোৱাৰে । কিন্তু এতিয়া আপুনি বাজেটৰ বাবে চিন্তা কৰিব নালাগে । বাজেট নাথাকিলেও আপুনি আইফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে । ২০০০ টকাৰ পৰা ৪০০০ টকাৰ ভিতৰত মাহেকীয়া EMI পৰিশোধ কৰি ক্ৰয় কৰিব পাৰিব আইফোন ।
Apple iPhone 15 ৰ প্ৰকৃত মূল্য হৈছে ৭৯,৬০০ টকা । কিন্তু আমাজনৰ পৰা ১৭ শতাংশ ৰেহাইৰে ৬৬,১০০ টকাত ক্ৰয় কৰিব পাৰে আইফোন । যদি আপোনাৰ বাজেট নিমিলে তেন্তে আমাজনত বিনামূলীয়া EMIৰ বিকল্পৰ সুবিধাও লাভ কৰিব পাৰে। ইয়াত আপুনি হয়তো মাহিলী EMI প্ৰায় ৩,২০৫ টকা দিব লাগিব। ইয়াৰ উপৰিও আপুনি বেংকৰ অফাৰ আৰু এক্সচেঞ্জ অফাৰৰ সুবিধাও লাভ কৰিব।
ফ্লিপকাৰ্টত আপুনি মাত্ৰ ৫৮,৪৯৯ টকাত ৰেহাইৰ সৈতে সেউজীয়া ৰঙৰ আইফোন ক্ৰয় কৰিব পাৰে । ইয়াত আপুনি ৩৬ মাহৰ পৰিকল্পনাৰ বাবে মাত্ৰ ২০৫৭ টকাৰ মাহিলী ইএমআই দিব লাগিব। এই প্লেটফৰ্মত বেংকৰ অফাৰ আৰু এক্সচেঞ্জ অফাৰৰ সুবিধাও ল’ব পাৰে।
যদি আপুনি Amazon-Flipkart বা কোনো ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা আইফোন ক্ৰয় কৰিব নিবিচাৰে, তেন্তে আপুনি Apple Store ৰ পৰা এই ফোন ক্ৰয় কৰিব পাৰিব। ইয়াত আপুনি ৫৪৯২ টকাৰ মাহিলী ইএমআই দিয়াৰ বিকল্প লাভ কৰিব। আটাইতকৈ ভাল কথাটো হ’ল- ইয়াৰ ওপৰত আপুনি কোনো অতিৰিক্ত চাৰ্জ দিব নালাগে। এপল ষ্ট’ৰত Apple iPhone 15 ৰ মূল্য ৬৯,৯০০ টকা।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      