Flipkart Big Billion Days Sale: পূজাৰ বতৰত ফ্লিপকাৰ্টে পূৰ কৰিব আপোনাৰ ইচ্ছাঃ এতিয়াই চাই লওক এই তথ্যসমূহ
Flipkart Big Billion Days Sale Date: এই বিশেষ বিক্ৰীৰ সময়ত স্মাৰ্টফোন, লেপটপ, স্মাৰ্ট টিভি, ঘৰুৱা সঁজুলি, টেবলেট, অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰীত বৃহৎ ৰেহাই মূল্যত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব। ফ্লিপকাৰ্ট মোবাইল এপত ইতিমধ্যেই এই বিক্ৰীৰ সময়ত কিছুমান সামগ্ৰীত দুগুণ পৰ্যন্ত ৰেহাই প্ৰদান কৰা হ’ব বুলি দেখুওৱা হৈছে।

দুৰ্গা পূজালৈ মাজত আৰু এমাহতকৈও কম সময়। স্বাভাৱিকতেই পূজাৰ বতৰত নিজৰ বাবে হওক বা প্ৰিয়জনৰ বাবে বা ঘৰখনৰ বাবেই হওক, সকলোৱে প্ৰয়োজনীয় কিছুমান নতুন সামগ্ৰী ক্ৰয়ৰ পৰিকল্পনা কৰে। বিশেষকৈ নতুন স্মাৰ্টফোন ক্ৰয়ৰ ইচ্ছা বহুলোকৰ থাকে। আপোনাৰো যদি স্মাৰ্টফোন বা আন কোনো ঘৰুৱা সামগ্ৰী ক্ৰয়ৰ পৰিকল্পনা আছে, তেতিয়াহ’লে এতিয়াই আপুনি এক তালিকা প্ৰস্তুত কৰা উচিত হ’ব। কিয়নো ফ্লিপকাৰ্টৰ সহায়ত এতিয়া কম খৰচতে আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰিব পাৰিব।
গ্ৰাহকলৈ বাম্পাৰ অফাৰ আগবঢ়াই ই কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টে অতি সোনকালে আৰম্ভ কৰিব বিগ বিলিয়ন ডে’জ চেল। বৰ্তমান সময়ত ফ্লিপকাৰ্টৰ এই বিগ বিলিয়ন ডে’জ চেলৰ তাৰিখ ঘোষণা কৰা হোৱা নাই। কিন্তু পূজাৰ পূৰ্বেই এই বিশেষ বিক্ৰী আৰম্ভ কৰা হ’ব। গতিকে আপোনাৰ পূজাৰ পৰিকল্পনাও হৈ উঠিব পূৰ্ণ।
এই বিশেষ বিক্ৰীৰ সময়ত স্মাৰ্টফোন, লেপটপ, স্মাৰ্ট টিভি, ঘৰুৱা সঁজুলি, টেবলেট, অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰীত বৃহৎ ৰেহাই মূল্যত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব। ফ্লিপকাৰ্ট মোবাইল এপত ইতিমধ্যেই এই বিক্ৰীৰ সময়ত কিছুমান সামগ্ৰীত দুগুণ পৰ্যন্ত ৰেহাই প্ৰদান কৰা হ’ব বুলি দেখুওৱা হৈছে।
ইয়াৰ লগতে কিছু সামগ্ৰীত ফেষ্টিভেল ‘ড্ৰপ ডিল’, কিছুমান সামগ্ৰীত ‘টিক টক ডিল’, কিছুমানত ‘ষ্টীল ডিল’ আৰু কিছুমানত ‘ফেষ্টিভ ৰাছ আৱাৰ ডিল’ৰ সুবিধা পাব। এই সময়ছোৱাত আপুনি iPhone 16, Motorola Edge 60 Fusion, Samsung Galaxy S24, Galaxy S24 FE, iPhone 16 Pro Max, Oppo K13X 5G, Vivo T4X 5G, Moto G96, Nothing Phone 2 Pro, Motorola Edge 60 Pro, Oppo K13 5G, Vivo T4 5G, Samsung Galaxy A35 5G মোবাইলত যথেষ্ট ৰেহাই লাভ কৰিব।
তদুপৰি বিগ বিলিয়ন ডে’জ চেলত ৬৫ আৰু ৭৫ ইঞ্চিৰ 4K স্মাৰ্ট টিভি, ফ্ৰীজ, ৱাশ্বিং মেচিন, জুচাৰ-মিক্সাৰ, গিজাৰ, ফেন, মাইক্ৰৱেভ অভেন, ডিচৱাছাৰ, লেপটপ, প্ৰিণ্টাৰ, কেমেৰা, ইয়াৰবাড, স্মাৰ্টৱাচ, চাউণ্ড বাৰ আৰু এয়াৰ কণ্ডিচনাৰ (এচি)তো বৃহৎ ৰেহাইৰ সুবিধা উপলব্ধ হ’ব।
সামগ্ৰীত ৰেহাইৰ উপৰিও বেংক অফাৰ আৰু এক্সেঞ্জ অফাৰৰ সহায়ত ফ্লিপকাৰ্ট চেলৰ সময়ত অতিৰিক্ত সঞ্চয় কৰিব পাৰিব। বিগ বিলিয়ন ডে’জ চেলৰ সময়ত এক্সিছ বেংক আৰু আইচিআইচিআই বেংকৰ কাৰ্ডৰ জৰিয়তে ধন পৰিশোধ কৰিলে আপুনি ১০ শতাংশ তাৎক্ষণিক ৰেহাইৰ সুবিধা লাভ কৰিব। লগতে ন’ ক’ষ্ট EMIৰ সুবিধাও পাব।