শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰত বনাম পাকিস্তানৰ পৰা আইফোন ১৭ লৈ…পাকিস্তানৰ মানুহে গুগলত সৰ্বাধিক কি অনুসন্ধান কৰে?

শেহতীয়াকৈ গুগলে পাকিস্তানৰ ব্যৱহাৰকাৰীয়ে অনুসন্ধান কৰা বিষয় সম্পৰ্কে তথ্য প্ৰকাশ কৰিছে। ক্ৰিকেট, এথলীট, স্থানীয় বাতৰি, প্ৰযুক্তি, How To, ৰেচিপি আৰু নাটক/চিনেমাৰ দৰে শিতানত পাকিস্তানীসকলে কি কি বিষয়ত বেছিকৈ অনুসন্ধান কৰে সেই সম্পৰ্কে Search Trend প্ৰতিবেদনত কোৱা হৈছে।

ভাৰত বনাম পাকিস্তানৰ পৰা আইফোন ১৭ লৈ…পাকিস্তানৰ মানুহে গুগলত সৰ্বাধিক কি অনুসন্ধান কৰে?
পাকিস্তানত গুগল ট্ৰেণ্ডত কি আছে?
raj-saikia
Raj Saikia | Published: 10 Dec 2025 12:21 PM

বিশ্বৰ সৰ্বাধিক ব্যৱহাৰ কৰা Search Engine হৈছে গুগল। ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে বিভিন্ন বিষয়ত তথ্য লাভৰ বাবে গুগলৰ সহায় লয়। গুগলে মুহূৰ্ততে এজন ব্যৱহাৰকাৰীয়ে জানিব খোজা যিকোনো বিষয় সন্দৰ্ভত তথ্য যোগান ধৰে। এই প্ৰতিবেদনত আজি আমি জনাম পাকিস্তানৰ ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে গুগলত সৰ্বাধিক কি বিষয়ৰ অনুসন্ধান কৰে।

শেহতীয়াকৈ গুগলে পাকিস্তানৰ ব্যৱহাৰকাৰীয়ে অনুসন্ধান কৰা বিষয় সম্পৰ্কে তথ্য প্ৰকাশ কৰিছে। ক্ৰিকেট, এথলীট, স্থানীয় বাতৰি, প্ৰযুক্তি, How To, ৰেচিপি আৰু নাটক/চিনেমাৰ দৰে শিতানত পাকিস্তানীসকলে কি কি বিষয়ত বেছিকৈ অনুসন্ধান কৰে সেই সম্পৰ্কে Search Trend প্ৰতিবেদনত কোৱা হৈছে।

বিভিন্ন শিতানত সৰ্বাধিক অনুসন্ধান

  • ক্ৰিকেটত সৰ্বাধিক সন্ধান পাকিস্তান বনাম দক্ষিণ আফ্ৰিকা
  • এথলীটৰ ভিতৰত আটাইতকৈ বেছি সন্ধান কৰা বিষয় হৈছে অভিষেক শৰ্মা
  • স্থানীয় বাতৰিত পঞ্জাৱৰ আৰ্থ-সামাজিক পঞ্জীয়ন আটাইতকৈ বেছি অনুসন্ধান কৰা হৈছে
  • প্ৰযুক্তিৰ ক্ষেত্ৰত Gemini ৰ বিষয়ে আটাইতকৈ বেছি চাৰ্ছ কৰা হৈছে
  • ৰেচিপিত আটাইতকৈ বেছি সন্ধান কৰা হয় Sandwich Recipes
  • How To Search শিতানত সৰ্বাধিক অনুসন্ধান কৰা হৈছে How to Check e-challan Karachi
  • নাটক/চিনেমাৰ শিতানত আটাইতকৈ বেছি সন্ধান কৰা হয় শ্বেৰ

প্ৰযুক্তিৰ ধাৰাটোৰ কথা ক’বলৈ গ’লে Gemini ৰ বাহিৰেও পাকিস্তানসকলে আটাইতকৈ বেছি ডিপছীক, গুগল এআই ষ্টুডিঅ’, আৰু আইফোন ১৭ ৰ অনুসন্ধান কৰিছে। আইফোন ১৭ ৰ সৰ্বাধিক অনুসন্ধান হোৱাৰ বাবে এটা কথা স্পষ্ট হৈ পৰে যে পাকিস্তানৰ পৰিস্থিতি যিয়েই নহওক কিয়, মুদ্ৰাস্ফীতিৰ হাৰ যিমানেই বেছি নহওক কিয়, পাকিস্তানীসকলে নিজকে আপডেট কৰি ৰখাত পিছ পৰি থকা নাই। Gemini, Tamasha, DeepSeek, myco আৰু On4t হৈছে শীৰ্ষ ৫টা অনুসন্ধানৰ বিষয়।

How To Search শিতানত How to Check e-challan Karachi ৰ বাহিৰেও কেনেকৈ অনুসন্ধান কৰিব লাগে, How to see unsent Instagram messages, How to do car insurance, How to invest in crypto market আৰু How to invest in stock market সৰ্বাধিক অনুসন্ধান কৰা বিষয় হিচাপে দেখা গৈছে।

ক্ৰিকেটৰ ট্ৰেণ্ডৰ কথা ক’বলৈ গ’লে যদিও পাকিস্তান বনাম দক্ষিণ আফ্ৰিকা সৰ্বাধিক সন্ধান কৰা হৈছে, তথাপিও পাকিস্তান ছুপাৰ লীগ, এছিয়া কাপ, পাকিস্তান বনাম ভাৰত আৰু পাকিস্তান বনাম নিউজিলেণ্ড শীৰ্ষ ৫ টা অনুসন্ধান কৰা বিষয়ৰ ভিতৰত আছে।