শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ফ্লিপকাৰ্টে আগবঢ়াব গণৰাজ্য দিৱসৰ উপহাৰ, পছন্দৰ সামগ্ৰীৰ তালিকাৰে এতিয়াই হওক সাজু

আপুনি নতুন কোনো মোবাইল বা নতুন কোনো ইলেকট্ৰনিক সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি? তেতিয়াহ’লে আপোনাৰ বাবে আহিছে এক সুখবৰ। এই সুখবৰ কঢ়িয়াই আনিছে ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টে। জানো আহক এইবিষয়ে।

ফ্লিপকাৰ্টে আগবঢ়াব গণৰাজ্য দিৱসৰ উপহাৰ, পছন্দৰ সামগ্ৰীৰ তালিকাৰে এতিয়াই হওক সাজু
ফ্লিপকাৰ্টে আনিছে সুখবৰImage Credit source: Flipkart
Monjit Dutta
Monjit Dutta | Published: 09 Jan 2026 16:08 PM

আপোনাৰ হাতত থকা মোবাইলটো পুৰণি হোৱাৰ বাবে এটা নতুন মোবাইল ক্ৰয়ৰ পৰিকল্পনা কৰিছে নেকি? বা আপোনাৰ ঘৰখনলৈ নতুন কোনো ইলেকট্ৰনিক সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি? তেতিয়াহ’লে আপোনাৰ বাবে আহিছে এক সুখবৰ। এই সুখবৰ কঢ়িয়াই আনিছে ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টে। কোম্পানীটোৱে Republic Day Sale 2026-ৰ তাৰিখ ঘোষণা কৰিছে। এই আগন্তুক চেলৰ বাবে ইতিমধ্যে এক বিশেষ মাইক্ৰ’ছাইট প্ৰস্তুত কৰা হৈছে, ইয়াৰ জৰিয়তে গ্ৰাহকসকলে বিভিন্ন ডিল আৰু অফাৰৰ বিষয়ে জানিব পাৰিব।

ফ্লিপকাৰ্ট ৰিপাব্লিক ডে চেল

ফ্লিপকাৰ্টৰ এই চেল অহা ১৭ জানুৱাৰীৰ পৰা সকলোৰে বাবে মুকলি হ’ব। অৱশ্যে, আপুনি যদি ফ্লিপকাৰ্ট ব্লেক বা ফ্লিপকাৰ্ট প্লাছ মেম্বাৰ, তেতিয়া আপোনাৰ বাবে ২৪ ঘণ্টা পূৰ্বেই অৰ্থাৎ ১৬ জানুৱাৰীৰ পৰাই এই চেল আৰম্ভ হ’ব। অৰ্থাৎ ফ্লিপকাৰ্ট ব্লেক বা ফ্লিপকাৰ্ট প্লাছ মেম্বাৰসকলে এদিন আগতীয়াকৈ এই চেলৰ সুবিধা লাভ কৰিব।

কোনবোৰ সামগ্ৰীত ৰেহাই পোৱা যাব

এই চেলত কেৱল স্মাৰ্টফোনেই নহয়, লেপটপ, ব্লুটুথ স্পীকাৰ, ইয়াৰবাডছ, ফ্ৰিজ, স্মাৰ্ট টিভি, ৱাছিং মেচিন আৰু টেবলেটৰ দৰে সামগ্ৰীতো বৃহৎ ৰেহাই দিয়া হ’ব। ফ্লিপকাৰ্টৰ মাইক্ৰ’ছাইটৰ পৰা জানিব পৰা মতে— iPhone, Motorola, Samsung, Vivo, Realme, Oppo, Poco, Nothing, Infinix আৰু Google Pixel-ৰ দৰে জনপ্ৰিয় ব্ৰেণ্ডৰ ফোনসমূহ অতি কম মূল্যত পোৱা যাব।

বিশেষকৈ iPhone 16 আৰু iPhone 17 যথেষ্ট কম মূল্যত ক্ৰয় কৰাৰ বাবে এয়া এক সুন্দৰ সুযোগ হ’ব। যদিও বৰ্তমানলৈকে কোনটো মডেলত কিমান টকাৰ ৰেহাই দিয়া হ’ব সেই কথা স্পষ্ট হোৱা নাই, তথাপিও চেলৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে কোম্পানীয়ে শীঘ্ৰেই এই বিষয়ে তথ্য প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।

অধিক ৰেহাইৰ সুবিধা

সামগ্ৰীসমূহৰ ওপৰত থকা বিশেষ ৰেহাইৰ উপৰিও গ্ৰাহকসকলে অতিৰিক্ত ৰেহাই লাভ কৰিব। HDFC বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি সামগ্ৰী ক্ৰয় কৰিলে ১০ শতাংশ অতিৰিক্ত ইনষ্টেণ্ট ডিছকাউণ্ট পোৱা যাব। তদুপৰি অতিৰিক্ত এক্সচেঞ্জ ডিছকাউণ্টৰ লগতে No-cost EMIৰ সুবিধাও গ্ৰাহকসকললৈ আগবঢ়োৱা হ’ব।