অথলে যাবলৈ নিদিব হাতলৈ অহা সুযোগঃ ফ্লিপকাৰ্টে আনিছে স্বাধীনতা দিৱসৰ উপহাৰ
যোৱা ১ আগষ্টৰ পৰা ৮ আগষ্টলৈকে ফ্লিপকাৰ্টে গ্ৰাহকৰ বাবে আনিছিল Freedom Saleৰ সুবিধা। এইবাৰ পুনৰ কোম্পানীটোৱে ৰেহাই মূল্যত বিশেষ চেল আৰম্ভ কৰিছে। গ্ৰাহকৰ বাবে এইবাৰ ফ্লিপকাৰ্টে আনিছে Flipkart Independence Day Sale।

স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈছে দেশবাসী। এই মহান দিনটোৰ প্ৰাকক্ষণত দেশবাসীলৈ এক অনন্য উপহাৰ আনিছে ই–কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টে। গ্ৰাহকসকললৈ এই মহান ক্ষণত ফ্লিপকাৰ্টে আনিছে বিপুল ৰেহাইৰ সুবিধা। অৰ্থাৎ স্বাধীনতা দিৱসৰ এই সময়ছোৱাত এই ই–কমাৰ্চ প্লেটফৰ্মটোৰ পৰা গ্ৰাহকসকলে যথেষ্ট ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব প্ৰয়োজনীয় পছন্দৰ সামগ্ৰী। বিশেষকৈ স্মাৰ্টফোনৰ ক্ষেত্ৰত গ্ৰাহকসকলে লাভ কৰিব বাম্পাৰ অফাৰ।
যোৱা ১ আগষ্টৰ পৰা ৮ আগষ্টলৈকে ফ্লিপকাৰ্টে গ্ৰাহকৰ বাবে আনিছিল Freedom Saleৰ সুবিধা। এইবাৰ পুনৰ কোম্পানীটোৱে ৰেহাই মূল্যত বিশেষ চেল আৰম্ভ কৰিছে। গ্ৰাহকৰ বাবে এইবাৰ ফ্লিপকাৰ্টে আনিছে Flipkart Independence Day Sale।
কাইলৈৰ পৰা অৰ্থাৎ ১৩ আগষ্টৰ পৰা ফ্লিপকাৰ্টৰ এই ‘Flipkart Independence Day Sale’ আৰম্ভ হ’ব। এইবাৰ বিক্ৰীৰ সময়ত গ্ৰাহকসকলে ৰেহাই মূল্যত স্মাৰ্টফোন, লেপটপ আদিৰ লগতে ঘৰুৱা সঁজুলি ক্ৰয় কৰিব পাৰিব। এই বিশেষ বিক্ৰী আৰম্ভ হোৱাৰ পূৰ্বেই ফ্লিপকাৰ্টে প্ৰকাশ কৰিছে বিশেষ তথ্য।
ফ্লিপকাৰ্টে এই Flipkart Independence Day Saleত বহুকেইটা স্মাৰ্টফোনত ৰেহাই আগবঢ়াইছে। এই সন্দৰ্ভত ইতিমধ্যে ই–কমাৰ্চ প্লেটফৰ্মটোৱে কিছু তথ্য প্ৰকাশ কৰিছে। চাওঁ আহক ফ্লিপকাৰ্টে কোনকেইটা মোবাইলত ৰেহাই আগবঢ়াইছে–
জনপ্ৰিয় ব্ৰেণ্ড Oppoৰ K13 স্মাৰ্টফোন গ্ৰাহকসকলে Independence Day Saleত ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব। যোৱা এপ্ৰিল মাহত কোম্পানীটোৱে গ্ৰাহকৰ বাবে এই মোবাইলটো ১৭,৯৯৯ টকাত মুকলি কৰা হৈছিল। এতিয়া Flipkartৰ বিক্ৰীৰ সময়ত এই ফোনটো ১৫,৯৯৯ টকাত বিক্ৰী হ’ব।
ফ্লিপকাৰ্টৰ মতে গ্ৰাহকসকলে এই বিক্ৰীৰ সময়ত Motorola Edge 60 Fusion, iPhone 16, Samsung Galaxy S24, Samsung Galaxy S24 FE, Realme P3 5G, Vivo T4 5G and Nothing Phone 2 Pro স্মাৰ্টফোন বৃহৎ ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব।
এই বিক্ৰীৰ সময়ত গ্ৰাহকসকলে ৭৮টা ফ্ৰিডম ডিল, এক্সচেঞ্জ আৱাৰ ডিল, জেকপট ডিল, বাজেট ডিল, বাস্কেট ডিল আৰু ৰাছ আৱাৰ ডিল লাভ কৰিব। স্মাৰ্টফোনৰ উপৰিও ফ্লিপকাৰ্টত বিক্ৰী হোৱা স্মাৰ্ট টিভি, লেপটপ, ইয়াৰবাড, ইলেক্ট্ৰিক স্কুটাৰ, এয়াৰ কণ্ডিচনাৰ, ফ্ৰীজ আৰু স্মাৰ্টৱাচত ৰেহাইৰ সুযোগ উঠাব পাৰিব।
ফ্লিপকাৰ্টৰ এই বিক্ৰীৰ সময়ত গ্ৰাহকসকলে কানাৰা বেংকৰ কাৰ্ডেৰে ধন পৰিশোধ কৰিলে ১০ শতাংশ তাৎক্ষণিক ৰেহাইৰ সুবিধা লাভ কৰিব। বেংক কাৰ্ডৰ উপৰিও এক্সচেঞ্জ ৰেহায়ো লাভ কৰিব পাৰিব গ্ৰাহকসকলে। কেৱল এয়াই নহয়, বিক্ৰীৰ সময়ত গ্ৰাহকে ন’ কষ্ট EMIৰ সুবিধাও লাভ কৰিব।