শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেৱালীৰ বতৰত পোহৰাব পাৰিব নিজৰো মন, মোবাইলৰ পৰা পাকঘৰৰ সামগ্ৰীলৈ সকলোতে পাব ৰেহাই

প্ৰডাক্ট আৰু বেংক কাৰ্ডৰ ওপৰত ৰেহাইৰ উপৰিও আপুনি এক্সচেঞ্জ অফাৰৰ জৰিয়তেও অতিৰিক্ত সঞ্চয় কৰিব পাৰিব। তদুপৰি গ্ৰাহকৰ সুবিধাৰ বাবে বিক্ৰীৰ সময়ত সুতমুক্ত EMI (ন’ কষ্ট EMI)ৰ বিকল্প উপলব্ধ হ’ব। গতিকে গ্ৰাহকসকলে ফ্লিপকাৰ্টৰ এই বিক্ৰীৰ সময়ত ধন ৰাহি কৰাৰ অনেক সুযোগ পাব।

দেৱালীৰ বতৰত পোহৰাব পাৰিব নিজৰো মন, মোবাইলৰ পৰা পাকঘৰৰ সামগ্ৰীলৈ সকলোতে পাব ৰেহাই
দেৱালীৰ বতৰত ৰেহাইৰ উপহাৰImage Credit source: Flipkart
monjit-dutta
Monjit Dutta | Updated On: 07 Oct 2025 11:59 AM

পূজাৰ পিছত এতিয়া পোহৰৰ উৎসৱ দেৱালীক আদৰিবলৈ সাজু হৈছে সকলো। উৎসৱৰ বতৰত স্বাভাৱিকতেই সকলোৰে মনত আনন্দৰ উন্মেষ ঘটে। অৱশ্যে মনৰ ইচ্ছা পূৰণ নোহোৱাৰ দুখে কিছু লোকৰ মনত এক বেজাৰ ভাৱৰ সৃষ্টি নকৰাকৈয়ো নাথাকে। সাধাৰণতে যুৱক-যুৱতীসকলৰ মনত উৎসৱৰ বতৰত নতুন মোবাইল বা তেনে ধৰণৰ সামগ্ৰী ক্ৰয়ৰ হেঁপাহ থাকে। এই হেঁপাহ পূৰ কৰি মন পোহৰ কৰিবলৈ ফ্লিপকাৰ্টে আনিছে এক উপহাৰ।

ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টে দেৱালীৰ বতৰত বিশেষ বিক্ৰীৰ বাবে সাজু হৈছে। ইতিমধ্যে ফ্লিপকাৰ্ট এপত এই বিক্ৰীৰ বিষয়ে প্ৰকাশ কৰা হৈছে। অহা ১১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এই বিশেষ বিক্ৰী। অৱশ্যে বিক্ৰীৰ সময়সীমা এতিয়াও জানিব পৰা হোৱা নাই। ফ্লিপকাৰ্ট প্লাছ আৰু ফ্লিপকাৰ্ট ব্লেকৰ সদস্যসকলে ২৪ ঘণ্টা পূৰ্বৰে পৰা এই সুবিধা লাভ কৰিব।

ফ্লিপকাৰ্টে এই বিশেষ বিক্ৰীৰ বাবে SBIৰ সৈতে অংশীদাৰিত্ব কৰিছে। অৰ্থাৎ বিক্ৰীৰ সময়ত SBI বেংক কাৰ্ড ব্যৱহাৰ কৰি সামগ্ৰী ক্ৰয় কৰিলে আপুনি ১০ শতাংশ তাৎক্ষণিক ৰেহাই লাভ কৰিব। SBI ডেবিট আৰু ক্ৰেডিট কাৰ্ড দুয়োটাতে এই অতিৰিক্ত ৰেহাইৰ সুবিধা লাভ কৰিব গ্ৰাহকসকলে।

প্ৰডাক্ট আৰু বেংক কাৰ্ডৰ ওপৰত ৰেহাইৰ উপৰিও আপুনি এক্সচেঞ্জ অফাৰৰ জৰিয়তেও অতিৰিক্ত সঞ্চয় কৰিব পাৰিব। তদুপৰি গ্ৰাহকৰ সুবিধাৰ বাবে বিক্ৰীৰ সময়ত সুতমুক্ত EMI (ন’ কষ্ট EMI)ৰ বিকল্প উপলব্ধ হ’ব। গতিকে গ্ৰাহকসকলে ফ্লিপকাৰ্টৰ এই বিক্ৰীৰ সময়ত ধন ৰাহি কৰাৰ অনেক সুযোগ পাব।

ফ্লিপকাৰ্টৰ বিশেষ বিক্ৰীৰ সময়ৰ এই সামগ্ৰীসমূহত পাব ৰেহাই

বিক্ৰীৰ সময়ত স্মাৰ্টফোন, লেপটপ, আনুষংগিক ইলেক্ট্ৰনিকছ সামগ্ৰী, ঘৰুৱা সঁজুলিকে ধৰি অনেক সামগ্ৰী যথেষ্ট ৰেহাইত উপলব্ধ হ’ব। এই আগন্তুক বিক্ৰীৰ বাবে ফ্লিপকাৰ্ট এপত এক নিৰ্দিষ্ট পেজ দেখা গৈছে, ইয়াত উল্লেখ কৰা মতে iPhone 16, 4K Ultra HD TVs, Apple Macbook M2, Apple Watch S10, Samsung S24 আৰু ফ্ৰন্ট-লোড ৱাশ্বিং মেচিন ৰেহাই মূল্যত উপলব্ধ হ’ব।

ইয়াৰ উপৰিও Poco F7 5G, HP Laptops, Pixel 9a, Moto G05, Vivo T4 5G, আৰু Samsung Watch 7 যথেষ্ট ৰেহাই মূল্যত ক্ৰয় কৰাৰ এক সুন্দৰ সুযোগ লাভ কৰিব গ্ৰাহকসকলে। তদুপৰি বিক্ৰীৰ সময়ত দৈনন্দিন জীৱনত প্ৰয়োজনীয় আন বহু সামগ্ৰী ৰেহাই মূল্যত বিক্ৰী কৰা হ’ব।