শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মনৰ ইচ্ছা পূৰণৰ আকৰ্ষণীয় সুযোগ, কাইলৈৰ পৰা ফ্লিপকাৰ্টে আগবঢ়াব বিশেষ উপহাৰ

আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰি নতুন বৰ্ষটিৰ আদৰণি মধুৰ কৰি তুলিব পৰাকৈ ফ্লিপকাৰ্টে আনিছে এক আকৰ্ষণীয় সুযোগ। স্বাভাৱিকতেই অত্যাধুনিক প্ৰযুক্তি সমৃদ্ধ এটি নতুন মোবাইল ক্ৰয়ৰ আশা প্ৰতিজন লোকৰে থাকে। যদি আপুনিও এটা নতুন ফোন ক্ৰয়ৰ পৰিকল্পনা কৰি আছে, ফ্লিপকাৰ্টে আপোনাৰ এই মনৰ আশা পূৰণ কৰিব পাৰে।

মনৰ ইচ্ছা পূৰণৰ আকৰ্ষণীয় সুযোগ, কাইলৈৰ পৰা ফ্লিপকাৰ্টে আগবঢ়াব বিশেষ উপহাৰ
ফ্লিপকাৰ্টে আনিছে বিশেষ অফাৰImage Credit source: Flipkart
monjit-dutta
Monjit Dutta | Updated On: 04 Dec 2025 21:11 PM

চলিত ২০২৫ বৰ্ষৰ বিদায়ৰ ক্ষণ সমাগত। আৰু মাত্ৰ কেইটামান দিনৰ পিছতে অন্ত পৰিব ২০২৫ বৰ্ষ আৰু আগমন ঘটিব নতুন বৰ্ষ ২০২৬ৰ। আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰি নতুন বৰ্ষটিৰ আদৰণি মধুৰ কৰি তুলিব পৰাকৈ ফ্লিপকাৰ্টে আনিছে এক আকৰ্ষণীয় সুযোগ। স্বাভাৱিকতেই অত্যাধুনিক প্ৰযুক্তি সমৃদ্ধ এটি নতুন মোবাইল ক্ৰয়ৰ আশা প্ৰতিজন লোকৰে থাকে। যদি আপুনিও এটা নতুন ফোন ক্ৰয়ৰ পৰিকল্পনা কৰি আছে, ফ্লিপকাৰ্টে আপোনাৰ এই মনৰ আশা পূৰণ কৰিব পাৰে।

সাধাৰণতে বাজেটৰ কথা ভাবি বহু লোকে পছন্দৰ ফোনটি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিও থমকিবলগা হয়। কিন্তু আাপোনাৰ বাজেটৰ এই চিন্তা এতিয়া দূৰ কৰিব ফ্লিপকাৰ্টে। ই-কমাৰ্চ প্লেটৰ্মটোৱে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে আৰম্ভ কৰিব Buy Buy Sale। ৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগা এই ফ্লিপকাৰ্টৰ এই বিশেষ চেল ছয় দিনৰ বাবে লাইভ হ’ব।

ফ্লিপকাৰ্টৰ এই Buy Buy Saleৰ বাবে SBIৰ সৈতে অংশীদাৰিত্ব কৰা হৈছে। যদি আপুনিও এই Buy Buy Saleৰ সময়ত অতিৰিক্ত সঞ্চয় কৰিব বিচাৰিছে, SBI কাৰ্ডৰ সহায়ত ধন পৰিশোধ কৰিব পাৰিব। তেতিয়া আপুনি ১০% অতিৰিক্ত ৰেহাই লাভ কৰিব। বেংক কাৰ্ডৰ ৰেহাইৰ উপৰিও আপোনাৰ সুবিধাৰ বাবে সুতমুক্ত EMIৰ সুবিধাও লাভ কৰিব।

এই সময়ছোৱাত আপুনি যথেষ্ট ৰেহাই মূল্যত কেইবাটাও আকৰ্ষণীয় নতুন মোবাইল ক্ৰয়ৰ সুযোগ লাভ কৰিব। গতিকে এই Buy Buy Sale আৰম্ভ হোৱাৰ পূৰ্বে এই সময়ছোৱাত কোনবোৰ স্মাৰ্টফোনত আপুনি কিমান ৰেহাই লাভ কৰিব, চাওক।

Moto G96 5G মূল্যঃ বৰ্তমান এই ফোনটোৰ ৮GB ভেৰিয়েণ্ট ১৮,৯৯৯ টকাত বিক্ৰী হৈছিল যদিও Buy Buy Saleৰ সময়ত এই মডেল ১৭,৯৯৯ টকাত বিক্ৰী কৰা হব। অৰ্থাৎ বিক্ৰীৰ সময়ত ১০০০ টকা কম মূল্যত এই ফোনটো লাব কৰিব।

Moto Edge 60 Stylus মূল্যঃ এই ফোনটোৰ ৮GB ৰেম আৰু ২৫৬GB ষ্ট’ৰেজ ভেৰিয়েণ্ট বিক্ৰীৰ সময়ত ১৭,৯৯৯ টকাত বিক্ৰী কৰা হ’ব। বৰ্তমান এই মডেলটো ১৯,৯৯৯ টকাত বিক্ৰী কৰা হৈছে। অৰ্থাৎ বিক্ৰীৰ সময়ত এই ফোনত ২০০০ টকা ৰাহি কৰাৰ সুযোগ পাব।

ফ্লিপকাৰ্ট মোবাইল ডিল

এই দুটা স্মাৰ্টফোনৰ উপৰিও বিক্ৰীৰ সময়ত iPhone 16, Oppo K13x 5G, Samsung Galaxy S24 FE, Galaxy S24, Vivo T4 Lite 5G, Oppo K13 5G, Vivo T4 5G, Realme P4 5G আৰু Nothing Phone 3aত আকৰ্ষণীয় অফাৰ আগবঢ়োৱা হ’ব। অৱশ্যে এই মডেলসমূহৰ ৰেহাই মূল্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই।