5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Flipkart Big Billion Days sale: গ্ৰাহকলৈ বৃহৎ ৰেহাই, মাত্ৰ ৫০ হাজাৰ টকাতে iPhone 15!

আজি মাজনিশাৰ পৰা আৰম্ভ হ’ব ফ্লিপকাৰ্ট বিগ বিলিয়ন ডে’জ চেল। এই সময়ত গ্ৰাহকসকলে মাত্ৰ ৫০ হাজাৰ টকাতে ক্ৰয় কৰিব পাৰিব iPhone 15। বিগ বিলিয়ন ডে’ অফাৰৰ লগতে বেংক অফাৰ আৰু অন্যান্য ৰেহাইৰ সুবিধাত এই সুযোগ লাভ কৰিব গ্ৰাহকসকলে।

Flipkart Big Billion Days sale: গ্ৰাহকলৈ বৃহৎ ৰেহাই, মাত্ৰ ৫০ হাজাৰ টকাতে iPhone 15!
মাত্ৰ ৫০ হাজাৰ টকাতে iPhone 15!
monjit-dutta
Monjit Dutta | Published: 26 Sep 2024 20:10 PM

আজি মাজনিশাৰ পৰা আৰম্ভ হ’ব ফ্লিপকাৰ্ট বিগ বিলিয়ন ডে’জ চেল। অৱশ্যে প্লাছ মেম্বাৰসকলৰ বাবে ইতিমধ্যেই আৰম্ভ হৈছে এই সুবিধা। এই বিশেষ বিক্ৰীৰ সময়ত ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টত বৃ্হৎ ৰেহাইত লাভ কৰিব পছন্দৰ সামগ্ৰী। বিশেষকৈ স্মাৰ্টফোনৰ ক্ষেত্ৰত গ্ৰাহকসকলে লাভ কৰিব বৃ্হৎ পৰিমাণৰ ৰেহাই। সাধাৰণতে ব্যয়বহুল মোবাইল নিৰ্মাতা কোম্পানী এপ’লৰ আইফোনৰ প্ৰতি বহু লোকৰ মাজত বিশেষ আকৰ্ষণ পৰিলক্ষিত হয়। শেহতীয়াকৈ কোম্পানীটোৱে iPhone 16 দেশৰ বজাৰত মুকলি কৰাৰ সময়ত গ্ৰাহকৰ দীঘলীয়া শাৰীয়ে এই আকৰ্ষণ স্পষ্টৰূপত প্ৰতিফলিত কৰিছিল।

আইফোনৰ প্ৰতি মোহ থাকিলেও সাধাৰণতে বহু লোকে ইয়াৰ অধিক দামৰ বাবেই এই মোবাইল ক্ৰয় কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। কিন্তু ফ্লিপকাৰ্ট বিগ বিলিয়ন ডে’ চেলে এই অসুবিধাও দূৰ কৰি দিছে। এতিয়া গ্ৰাহকসকলে মাত্ৰ ৫০ হাজাৰ টকাতে ক্ৰয় কৰিব পাৰিব iPhone 15। বিগ বিলিয়ন ডে’ অফাৰৰ লগতে বেংক অফাৰ আৰু অন্যান্য ৰেহাইৰ সুবিধাত এই সুযোগ লাভ কৰিব গ্ৰাহকসকলে।

বিগ বিলিয়ন ডে’ৰ সময়ত ফ্লিপকাৰ্টত iPhone 15 ৫৪,৯৯৯ টকাত উপলব্ধ হ’ব। তদুপৰি এইচ ডি এফ চি বেংকৰ কাৰ্ডৰ দ্বাৰা ক্ৰেতাই ২০০০ টকাৰ তাৎক্ষণিক ৰেহাই লাভ কৰিব আৰু এক্সচেঞ্জ অফাৰত ৩০০০ টকাৰ অতিৰিক্ত ৰেহাই লাভ কৰিব। এইদৰে মোবাইলটোৰ মূল্য ৪৯,৯৯৯ টকালৈ হ্ৰাস পাব। উল্লেখ্য যে বিগত বৰ্ষত দেশৰ বজাৰত iPhone 15 ৭৯,৯০০ টকা দৰত মুকলি কৰা হৈছিল।

একেদৰে ফ্লিপকাৰ্ট বিগ বিলিয়ন ডে’জ চেলৰ সময়ত iPhone 15 Pro (১২৮জিবি) ৯৯,৯৯৯ টকাত লাভ কৰিব গ্ৰাহকে। তদুপৰি ৫,০০০ টকাৰ তাৎক্ষণিক কেছবেক আৰু ৫,০০০ টকাৰ এক্সচেঞ্জ বোনাছৰ সুবিধা গ্ৰহণ কৰিবলৈ সক্ষম হ’লে ৮৯,৯৯৯ টকাতে এই মোবাইলটো ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে।  হ্ৰাস পাব। লক্ষণীয়ভাৱে বজাৰত মুকলিৰ সময়ত এই মোবাইলটোৰ দাম আছিল ১,৩৪,০০০ টকা।

আনহাতে এপ’লৰ এই আইফোন সংস্কৰণৰ আন এটা মডেল iPhone 15 Pro Max মাত্ৰ ১,১৯,৯০০ টকাতে ক্ৰয় কৰাৰ সুযোগ পাব গ্ৰাহকসকলে। এই বৃ্হৎ অফাৰৰ উপৰিও ৫,০০০ টকাৰ বেংক ৰেহাই আৰু ৫,০০০ টকাৰ এক্সচেঞ্জ বোনাছৰ সৈতে ইয়াৰ মূল্য ১,০৯,৯৯৯ টকালৈ হ্ৰাস পাব। অৰ্থাৎ ১,৫৯,৯০০ টকাত ভাৰতীয় বজাৰত মুকলি কৰা iPhone 15 Pro Max মোবাইল এতিয়া ১,০৯,৯৯৯ টকাতে ক্ৰয়ৰ সুযোগ পাব গ্ৰাহকসকলে।

গতিকে এনে বৃ্হৎ অফাৰৰ সুবিধা নিশ্চিত ৰূপে অথলে যাবলৈ নিদিব গ্ৰাহকসকলে। কেৱল iPhone 15 বুলিয়েই নহয়, ফ্লিপকাৰ্ট বিগ বিলিয়ন ডে’জ চেলৰ সময়ত আন কোম্পানীৰ বহু মোবাইলো যথেষ্ট ৰেহাইৰ সুবিধা লাভ কৰিব গ্ৰাহকসকলে। গতিকে এই বিশেষ বিক্ৰীৰ সময়ত পছন্দৰ মোবাইলটো ক্ৰয়ৰ বাবে গ্ৰাহকসকলে স্বাভাৱিকতেই চেষ্টা চলাব।

Latest News