5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ফ্লিপকাৰ্ট, এমাজনসহ অনলাইন প্লেটফৰ্মত বৃ্হৎ অফাৰৰ সুবিধাঃ বজাৰ কৰাৰ সময়ত হওক সাৱধান

আজি নিশাৰ পৰা ফ্লিপকাৰ্ট, এমাজনসহ দেশৰ ই-কমাৰ্চ প্লেটফৰ্মসমূহত আৰম্ভ হ’বলগীয়া বিশেষ বিক্ৰীৰ দ্বাৰা গ্ৰাহকসকলে যথেষ্ট ৰেহাই মূল্যত প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিব। কিন্তু এইক্ষেত্ৰত আমি কিছুমান দিশত সাৱধান হোৱা উচিত। অন্যথা বৃ্হৎ লোকচানৰ সন্মুখীন হ’বলগা হ’ব পাৰে।

ফ্লিপকাৰ্ট, এমাজনসহ অনলাইন প্লেটফৰ্মত বৃ্হৎ অফাৰৰ সুবিধাঃ বজাৰ কৰাৰ সময়ত হওক সাৱধান
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Updated On: 26 Sep 2024 18:56 PM

ফ্লিপকাৰ্ট, এমাজনসহ দেশৰ ই-কমাৰ্চ প্লেটফৰ্মসমূহত আজি নিশাৰ পৰা আৰম্ভ হ’ব বৃ্হৎ অফাৰৰ সৈতে বিশেষ বিক্ৰীৰ সুবিধা। অহা কেইদিনমান ধৰি ইয়াৰ দ্বাৰা গ্ৰাহকসকলে যথেষ্ট ৰেহাই মূল্যত প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিব। সাধাৰণতে সাম্প্ৰতিক সময়ত অধিকাংশ লোকেই অনলাইন শ্বপিঙক অগ্ৰাধিকাৰ দিয়া দেখা যায়। মূলতঃ সময় আৰু ধন দুয়োটাই ৰাহি হয় বাবে গ্ৰাহকসকলৰ পছন্দৰ মাধ্যম হৈ পৰিছে এই ই-কমাৰ্চ প্লেটফৰ্ম। তাতে এতিয়া আজি নিশাৰ পৰা আৰম্ভ হ’বলগীয়া বিশেষ অফাৰৰ সুযোগ ল’বলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে বহু লোক।

সাধাৰণওতে এনে বিশেষ বিক্ৰীৰ দ্বাৰা ই-কমাৰ্চ প্লেটফৰ্মসমূহে গ্ৰাহকক বহু সুবিধা প্ৰদান কৰে। কিন্তু কেতিয়াবা এই সুবিধা গ্ৰহণ কৰিবলৈ গৈ লোকচানৰো সন্মুখীন হ’বলগীয়া হ’ব পাৰে। অনলাইন শ্বপিঙৰ সময়ত বহু লোক প্ৰৱঞ্চনাৰ বলি হয়। এনে প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ এই বিশেষ বিক্ৰীৰ দিনকেইটাত গ্ৰাহকসকলে কিছুমান কথা মনত ৰখাটো অত্যন্ত প্ৰয়োজনীয়।

 

ডেলিভাৰীৰ সময়ত প্ৰৱঞ্চনাৰ বলি হোৱাৰ পৰা ৰক্ষা পৰিবলৈ মনত ৰাখিব এইসমূহ কথা-

ই-কমাৰ্চ প্লেটফৰ্মত বজাৰ কৰাৰ সময়ত নিৰ্দিষ্ট সামগ্ৰীবিধ নিৰ্বাচন কৰাৰ পিছত পোনপটীয়াকৈ পেমেণ্ট অপচনলৈ গৈ অৰ্ডাৰ দিয়া হয়। এই সময়ত বহু গ্ৰাহকে গুৰুত্ব দিবলগীয়া কিছুমান দিশৰ প্ৰতি মন নকৰে। অৰ্ডাৰৰ সময়ত প্ৰথমেই চাবলগা দিশটো হৈছে Open Box Delivery। যিকোনো সামগ্ৰী অৰ্ডাৰৰ সময়ত এই অপচন সদায় নিশ্চিত কৰিব লাগে।

Open Box Deliveryত যেতিয়াই আপোনাৰ প্ৰডাক্ট ডেলিভাৰী কৰা হয়, তেতিয়া সন্মুখতে এটা অনবক্সিং ভিডিঅ’ বনোৱা হয়। ইয়াৰ বাবে যদি ডেলিভাৰী হোৱা সামগ্ৰীবিধত কোনো খুঁত থাকে, তেতিয়া ঘূৰাই দিবলৈ সহজ হয়।

আপুনি সন্তুষ্ট নোহোৱালৈকে ডেলিভাৰী কৰা ব্যক্তিজন ওলাই নাযায়। ইয়াৰ উপৰিও ৰিটাৰ্ণ পলিচি ভালদৰে পঢ়ক আৰু সেই বিকল্পটোতো ক্লিক কৰক।

Meesho ত return option ৰ সৈতে আপুনি কিছু অতিৰিক্ত ধন দিব লাগিব। যদিও এই মাচুল যিকোনো প্লেটফৰ্মত লোৱা হয়, পৰিশোধ কৰিলে কোনো ক্ষতি নহয়। কাৰণ লোকচানৰ সন্মুখীন হোৱাতকৈ কিছু অতিৰিক্ত ধন দিয়াটোৱেই ভাল। ইয়াৰ দ্বাৰা গ্ৰাহকসকলে কোনো ত্ৰুটিপূৰ্ণ সামগ্ৰী ঘূৰাই দিয়াৰ সুযোগ পায়। অৱশ্যে ৰিটাৰ্ণৰ বাবে মাচুল সকলো প্লেটফৰ্মতে লোৱা নহয়।

 

ফোন ক্ৰয় কৰাৰ সময়ত সাৱধান হওক

অধিকাংশ লোকেই স্মাৰ্টফোন কিনিবলৈ Amazon-Flipkartৰ বিশেষ বিক্ৰীৰ বাবে অপেক্ষা কৰে। বহু প্ৰিমিয়াম স্মাৰ্টফোন এইকেইদিনত প্ৰায় আধা দামত উপলব্ধ হয়। এনে পৰিস্থিতিত বহু সময়ত খৰখেদাতাৰ বাবে লোকচান হয়। ফোন বা যিকোনো ডিভাইচ কিনাৰ সময়ত এইসমূহৰ পৰ্যালোচনা ভিডিঅ’ আৰু তুলনামূলক ভিডিঅ’ সদায় চাওক।

ফোনটোৰ বিভিন্ন স্পেচিফিকেশন যেনে ৰেম, ষ্ট’ৰেজ, কেমেৰাৰ মান, প্ৰচেছৰ, বেটাৰী আৰু কেমেৰা পৰীক্ষা কৰক। বিভিন্ন প্লেটফৰ্মত ৰেহাই আৰু অফাৰ তুলনা কৰক আৰু আপুনি অধিক সুবিধা পোৱা ঠাইৰ পৰা কিনি লওক। ফোনটো আনবক্স কৰি থাকোঁতে ইয়াৰ ভিডিঅ’ বনাওক।

Latest News