বিমানত নিষিদ্ধ পাৱাৰ বেংক! সুৰক্ষাৰ শংকা নে আন কাৰণ, হঠাতে কিয় লোৱা হ’ল এই সিদ্ধান্ত?
এই সিদ্ধান্তই স্বাভাৱিকতেই সকলোকে আচৰিত কৰি তুলিছে, কিয়নো বহু যাত্ৰীয়ে নিজৰ ফোন আৰু অন্যান্য ইলেক্ট্ৰনিক গেজেট চাৰ্জ কৰিবলৈ বিমান যাত্ৰাৰ সময়ত পাৱাৰ বেংক কঢ়িয়াই নিয়ে। পিছে হঠাতে কিয় লোৱা হ’ল এই সিদ্ধান্ত?

কোনো স্থানলৈ যাত্ৰাৰ সময়ত এক অনন্য প্ৰয়োজনীয় সামগ্ৰী হৈ পৰে পাৱাৰ বেংক। পিছে বিমান চলাচলৰ সময়ত এই পাৱাৰ বেংক ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে এমিৰেটছ এয়াৰলাইঞ্চে। এই সিদ্ধান্তই স্বাভাৱিকতেই সকলোকে আচৰিত কৰি তুলিছে, কিয়নো বহু যাত্ৰীয়ে নিজৰ ফোন আৰু অন্যান্য ইলেক্ট্ৰনিক গেজেট চাৰ্জ কৰিবলৈ বিমান যাত্ৰাৰ সময়ত পাৱাৰ বেংক কঢ়িয়াই নিয়ে। কিন্তু এতিয়া এমিৰেটছ এয়াৰলাইঞ্চত যাত্ৰা কৰা যাত্ৰীসকলক এই সিদ্ধান্তই আচৰিত কৰি তুলিছে।
পিছে হঠাতে কিয় লোৱা হ’ল এই সিদ্ধান্ত? এই সিদ্ধান্তৰ আঁৰত কি কাৰণ আছে– যাত্ৰীৰ সুৰক্ষা নে আন কোনো কাৰণ? এমিৰেটছৰ নতুন নীতি অনুসৰি যাত্ৰীসকলে এতিয়া মাত্ৰ এটা পাৱাৰ বেংকহে লগত লৈ যাব পাৰিব, কিন্তু ইয়াৰ শক্তি ১০০ ৱাট (Wh)তকৈ কম হ’ব লাগিব। পাৱাৰ বেংকৰ ক্ষমতা সন্দৰ্ভত স্পষ্টকৈ উল্লেখ কৰিব লাগিব।
যাত্ৰীসকলে অৱশ্যে পাৱাৰ বেংক কঢ়িয়াই নিব পাৰিব। কিন্তু বিমানত এই পাৱাৰ বেংক ব্যৱহাৰ কৰিব নোৱাৰে। পাৱাৰ বেংকৰ ওপৰত নিষেধাজ্ঞাৰ সিদ্ধান্ত মূলতঃ সুৰক্ষাৰ চিন্তা কৰিয়েই গ্ৰহণ কৰা হৈছে। পাৱাৰ বেংকত লিথিয়াম-আয়ন বা লিথিয়াম-পলিমাৰ বেটাৰী ব্যৱহাৰ কৰা হয়, যিবোৰ অতিমাত্ৰা গৰম হ’ব পাৰে আনকি জুই লাগিব পাৰে।
বিশেষকৈ কম খৰচী পাৱাৰ বেংকৰ বেটাৰীৰ সৈতে জড়িত বিপদ হ্ৰাস কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে। এনে পাৱাৰ বেংকসমূহৰ অধিকাংশতে স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰাৰ দৰে সুৰক্ষা সুবিধাৰ অভাৱ পৰিলক্ষিত হয়। গতিকে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি চিন্তা কৰি এতিয়া এই সিদ্ধান্ত গ্ৰহণ কৰিছে এমিৰেটছ এয়াৰলাইঞ্চে।
এনে পৰিস্থিতিত এতিয়া এমিৰেটছ এয়াৰলাইঞ্চৰ বিমানত যাত্ৰা কৰা যাত্ৰীসকলে ঘৰৰ পৰা বিমানবন্দৰলৈ যোৱাৰ পূৰ্বে নিজৰ ফোন আৰু অন্যান্য ইলেক্ট্ৰনিক গেজেটসমূহ সম্পূৰ্ণৰূপে চাৰ্জ কৰি লোৱাই উচিত হ’ব। অন্যথা বিমানৰ পৰা নামি যোৱাৰ ক্ষণত ফোন অফ হৈ গ’লে বিপদৰ সন্মুখীন হ’ব পাৰে।