শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰতত কেতিয়াৰ পৰা উপলব্ধ হ’ব ষ্টাৰলিংকৰ সেৱা? চাওক ইণ্টাৰনেটৰ গতি তথা সেৱাৰ মূল্য

ভাৰতত সেৱা আৰম্ভ কৰাৰ বাবে প্ৰায় সকলো প্ৰয়োজনীয় চৰকাৰী অনুমোদন লাভ কৰিছে ষ্টাৰলিংকে। কোম্পানীটোৰ ইণ্টাৰনেট সেৱাৰ সম্ভাৱ্য মূল্য, গতি আৰু সংযোগ সন্দৰ্ভত চৰ্চা হোৱাটো স্বাভাৱিক। গতিকে জানো আহক কিছু তথ্য।

ভাৰতত কেতিয়াৰ পৰা উপলব্ধ হ’ব ষ্টাৰলিংকৰ সেৱা? চাওক ইণ্টাৰনেটৰ গতি তথা সেৱাৰ মূল্য
ভাৰতৰ বজাৰত নামিবলৈ সাজু মাস্কৰ ষ্টাৰলিংকImage Credit source: Dominika Zarzycka/SOPA Images/LightRocket via Getty Images
monjit-dutta
Monjit Dutta | Updated On: 26 Oct 2025 16:54 PM

বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি ইলন মাস্কৰ চেটেলাইট ইণ্টাৰনেট কোম্পানী ষ্টাৰলিংকে অতি সোনকালে ভাৰতত সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে। কোম্পানীটোৱে ইতিমধ্যে প্ৰায় সকলো প্ৰয়োজনীয় অনুমোদন লাভ কৰিছে বুলি তথ্য প্ৰকাশ পাইছে প্ৰকাশিত খবৰ অনুসৰি, আগন্তুক বৰ্ষৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহতে কোম্পানীটোৰ ইণ্টাৰনেট সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ষ্টাৰলিংকৰ ইণ্টাৰনেট সেৱাৰ সম্ভাৱ্য মূল্য, গতি আৰু সংযোগ সন্দৰ্ভত চৰ্চা হোৱাটো স্বাভাৱিক গতিকে জানো আহক কিছু তথ্য

ভাৰতত কেতিয়া আৰম্ভ হ’ব ষ্টাৰলিংক?

ভাৰতত সেৱা আৰম্ভ কৰাৰ বাবে প্ৰায় সকলো প্ৰয়োজনীয় চৰকাৰী অনুমোদন লাভ কৰিছে ষ্টাৰলিংকে। বৰ্তমান কোম্পানীটোৱে ছেটকমৰ অনুমোদন আৰু স্পেকট্ৰম আবণ্টনৰ বাবে অপেক্ষা কৰি আছে। খবৰ অনুসৰি চলিত বৰ্ষৰ শেষৰ ফালে এই দুয়োটা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত অহা বৰ্ষৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত দেশত ষ্টাৰলিংকৰ চেটেলাইট ইণ্টাৰনেট সেৱা আৰম্ভ হ’ব পাৰে।

ভাৰতত ষ্টাৰলিংকে কিমান সংযোগ প্ৰদান কৰিব?

ভাৰত চৰকাৰে ষ্টাৰলিংকৰ সংযোগৰ সংখ্যাৰ সীমা নিৰ্ধাৰণ কৰিছে। এই গাইডলাইন অনুসৰি ষ্টাৰলিংকে দেশত সৰ্বাধিক ২০ লাখ সংযোগ প্ৰদানৰ অনুমতি প্ৰদান কৰিব। অৰ্থাৎ প্ৰাৰম্ভিক পৰ্যায়ত কোম্পানীটোৱে সীমিত সংখ্যক ব্যৱহাৰকাৰীক নিজৰ সেৱা আগবঢ়াব পাৰিব এইক্ষেত্ৰত গ্ৰাম্য আৰু দুৰ্গম অঞ্চলক অগ্ৰাধিকাৰ দিয়া হ’ব বুলি তথ্যত প্ৰকাশ।

ষ্টাৰলিংক ইণ্টাৰনেটৰ মূল্য আৰু ইনষ্টলেচন চাৰ্জ

ভাৰতত ষ্টাৰলিংক ইণ্টাৰনেট সেৱাৰ বাবে ব্যৱহাৰকাৰীয়ে এককালীন ছেটআপ চাৰ্জ পৰিশোধ কৰিব লাগিব এই মূল্য প্ৰায় ৩০,০০০ টকা বা তাতকৈ অলপ বেছি হ’ব পাৰে। ইয়াৰ উপৰিও মাহেকীয়া চাবস্ক্ৰিপচনৰ মূল্য ৩,৩০০ টকাৰ পৰা আৰম্ভ হ’ব পাৰে। এই মূল্য পৰম্পৰাগত ব্ৰডবেণ্ড সেৱাতকৈ বেছি যদিও দুৰ্গম অঞ্চলত ই একমাত্ৰ দ্ৰুতবেগী বিকল্প হিচাপে প্ৰমাণিত হ’ব পাৰে।

ষ্টাৰলিংক ইণ্টাৰনেটৰ গতি আৰু পৰিকল্পনা

ষ্টাৰলিংকে ভাৰতত ২৫ Mbps পৰা ২২৫ Mbpsলৈকে ইণ্টাৰনেট স্পীড প্ৰদান কৰিব পাৰিব বুলি দাবী কৰিছে। প্ৰাৰম্ভিক পৰিকল্পনাত ২৫ Mbps গতি প্ৰদান কৰা হ’ব, আনহাতে প্ৰিমিয়াম বা হাই-এণ্ড প্লেনত ২২৫ Mbps পৰ্যন্ত গতি প্ৰদান কৰা হ’ব। এই সেৱা বিশেষভাৱে পৰম্পৰাগত নেটৱৰ্ক উপলব্ধ নোহোৱা অঞ্চলসমূহৰ বাবে ডিজাইন কৰা হৈছে।